🔹 এটা কল ৰেকৰ্ডিঙে সৃষ্টি কৰিছে তুমুল চাঞ্চল্য
🔹 শ শ যুৱকৰ পৰা চাকৰিৰ নামত ধন সংগ্ৰহ কৰি আত্মগোপন মনদীপৰ
নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ উজনি অসমত ভয়ংকৰ ৰূপত ছানি ধৰিছে প্ৰৱঞ্চক-দালালে৷ ম’বাইল ফোনত বিশেষ এপ ডাউনলোড কৰি সহজে ধন ঘটাৰ লালসাত হাজাৰ হাজাৰ পৰিয়ালে টেকেলিত ধন সোমোৱা, আই ফোন লাভ কৰা ইত্যাদি লোভনীয় অফাৰত ভোল গৈ সাঁচতীয়া ধন হেৰুওৱা ঘটনাই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ অ’ এন জি চিত নিযুক্তি প্ৰদানৰ নামত লাকুৱাৰ এটা প্ৰৱঞ্চকে লুটিছে লাখে লাখে টকা ৷ সম্প্ৰতি লাকুৱাৰ নিৱাসী এই প্ৰৱঞ্চকটোৱে অ’ এন জি চিত চাকৰি দিয়াৰ নামত একাংশ সহজ-সৰল যুৱকৰ পৰা ধন সংগ্ৰহ সন্দৰ্ভত ম’বাইল ফোনত কৰা কথোপকথনৰ অডিঅ’ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যেই ভাইৰেল হৈ পৰা অডিঅ’ৰ পিছতেই লাকুৱা নিৱাসী প্ৰৱঞ্চকটোৰ প্ৰকৃত স্বৰূপ ৰাজহুৱা হোৱাৰ লগে লগেই প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছে ৷ উল্লেখ্য যে অ’ এন জি চি অসম সম্পদত নিযুক্তিৰ নামত শেহতীয়াকৈ কোনো বিজ্ঞাপন জাৰি হোৱা নাই ৷ জাতীয়- জনগোষ্ঠীয় দল-সংগঠনৰ কঠোৰ দৃষ্টিৰ বাবেই সততে নিযুক্তি কেলেংকাৰিৰ পৰা মুক্ত অ’ এন জি চিত বিগত সময়ছোৱাত হোৱা প্ৰতিটো নিযুক্তিতেই মেধাক অগ্ৰাধিকাৰ দিয়া হৈছিল ৷ সম্প্ৰতি কোনো নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ নোপোৱাৰ পিছতো প্ৰৱঞ্চকখ্যাত মনদীপ নামৰ এজন ব্যক্তিয়ে শ শ শিক্ষিত নিবনুৱাৰ পৰা নিযুক্তি দিয়াৰ বাবদ ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উঠিছে ৷ আবেদনৰ পঞ্জীয়নৰ বাবদ চাৰি হাজাৰ টকাৰ লগতে বিভিন্ন আনুষংগিক খৰচৰ নামতো ধন সংগ্ৰহ কৰি অহা প্ৰৱঞ্চকটোৱে একাউন্ট পে, গুগুল পে, স্কেনাৰ, ফোন পেৰ জৰিয়তে সংগ্ৰহ কৰিছে ধন ৷ শিৱসাগৰ চহৰখনতেই ঘাটি পাটি ছলাহী কথাৰে এজেন্টৰ সহায়ত প্ৰাৰ্থী যোগাৰ কৰি এটা জাতীয় সংগঠনৰ এগৰাকী শীৰ্ষ নেতাৰ স্কুলীয়া বন্ধুৰ চিনাকিৰে বিশ্বাসভাজন হৈ উঠা মনদীপ নামৰ প্ৰৱঞ্চকটোৱে ইতিমধ্যেই সংগ্ৰহ কৰিলে কেইবালক্ষ টকা ৷ মেট্ৰিক উত্তীৰ্ণৰ ১৪ হাজাৰ, উচ্চতৰ মাধ্যমিকৰ ১৫ হাজাৰ ৫শ টকা প্ৰথম অৱস্থাত দৰমহাৰ নিৰিখ ধাৰ্য্য কৰা এই প্ৰৱঞ্চক মনদীপৰ হাতত সাঁচতীয়া ধন হেৰুৱাই এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে শ শ দৰিদ্ৰ পৰিয়ালে ৷ ইফালে, মনদীপ নামৰ ধুৰন্দৰটোৰ প্ৰকৃত স্বৰূপ পোহৰলৈ অহাৰ পিছতেই আগন্তুক দুই-এদিনতে প্ৰৱঞ্চকটোৰ বিৰুদ্ধে একাংশ সৰ্বস্বান্ত যুৱকে সুকীয়া সুকীয়াকৈ শিৱসাগৰ, নাজিৰা, লাকুৱা আৰু শিমলুগুৰি আৰক্ষী থানাত গোচৰ তৰাৰ প্ৰস্তুতি চলোৱাৰ বাতৰি পোৱা গৈছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান