নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’এনজিচিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ চিকিৎসাৰ নামত লুণ্ঠন

নিয়মীয়া বাৰ্তা, ১১ মে’:  অৱসৰপ্রাপ্ত কর্মচাৰী তথা তেওঁলোকৰ পৰিয়ালৰ চিকিৎসাৰ নামত বিয়াগোম বিত্তীয় কেলেংকাৰি সংঘটিত হৈছে তেল আৰু প্রাকৃতিক গেছ নিগম (অ’এনজিচি)ত৷ ৰোগীসকলক অ’এনজিচিৰ বাহিৰৰ চিকিৎসালয়ত চিকিৎসাৰ বাবে ‘ৰিকুইজেচন শ্লিপ’ দিয়াৰ ব্যৱস্থা থকাৰ সুযোগ লৈ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানটোৰ একাংশ দুর্নীতিগ্রস্ত শীর্ষ বিষয়া–চিকিৎসকে কোটি কোটি টকা লুণ্ঠন কৰিছে৷ শেহতীয়াকৈ এই তথ্য পোহৰলৈ আহিছে চিবিআয়ে ৰুজু কৰা এটা গোচৰৰ বিপৰীতে চলোৱা অভিযানত৷ এনেদৰে আহৰণ কৰা ধনেৰে উপ–মহাপ্রবন্ধক পদমর্যাদাত কার্যনির্বাহ কৰা অ’এনজিচিৰ শিৱসাগৰ চিকিৎসালয়ৰ শল্যৰোগ বিশেষজ্ঞ ডাঃ বিজয় কুমাৰ শ্ব’ই ২০ কোটিতকৈও অধিক টকাৰ অবৈধ সম্পত্তি গঢ়ি তোলাৰ তথ্য চিবিআয়ে উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে অ’এনজিচিত সংঘটিত বিত্তীয় অনিয়মৰ অভিযোগ সন্দর্ভত চিবিআইৰ দুর্নীতি প্রতিৰোধ শাখাই যোৱা ৪ মে’ত ভাৰতীয় দণ্ড বিধিৰ ১২০–বি/৪২০/৪৬৮/৪৭১/৪৬৭ আৰু দুর্নীতি প্রতিৰোধ আইনৰ ১৩(২)/১৩(১) (এ) নং ধাৰাৰ অধীনত আৰচি–০১৭২০২৩এ ০০০৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছিল৷ অ’এনজিচিৰ গ্রুপ মহাপ্রবন্ধক তথা কর্প’ৰেট ভিজিলেঞ্চৰ মুৰব্বী নিৰুপম বেনার্জীৰ এজাহাৰৰ ভিত্তিত এই গোচৰটো ৰুজু কৰা হৈছিল ২০১৯ৰ পৰা ২০২২ চনৰ ভিতৰত যোৰহাটত ডিজিএম (মেডিকেল ছার্ভিচ) পদত থকা ডাঃ বিজয় কুমাৰ শ্ব’ৰ লগতে তদানীন্তন ঠিকাভিত্তিক চিকিৎসা বিষয়া ডাঃ ঈশিতভা তামুলী চিনামৰাস্থিত (মেছার্ছ কিৰণ ফিজি’থেৰাপী ক্লিনিকৰ স্বত্বাধিকাৰ যদুমণি হাজৰিকাৰ বিৰুদ্ধে৷ এজাহাৰত কিদৰে ‘ৰিকুইজেচন শ্লিপ’ৰ জৰিয়তে অ’এনজিচিত বিত্তীয় কেলেংকাৰি সংঘটিত কৰা তথা লুণ্ঠন চলোৱা হৈছিল, সেয়া বিশদভাৱে উল্লেখ কৰা হৈছে৷

চিবিআয়ে গোচৰ পঞ্জীয়ন কৰাৰ পিছতে অনুসন্ধান প্রক্রিয়া ক্ষিপ্রতাৰে আগবঢ়াই নিয়ে৷ তাৰ অংশস্বৰূপে চিবিআইৰ দলে কালিৰ দিনটোত একেলগে গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু উত্তৰাখণ্ডৰ ডেৰাডুনত তালাচী অভিযান চলায়৷ এই অভিযানকালতে পোহৰলৈ আহে লুণ্ঠনৰ ধনেৰে দুর্নীতিগ্রস্তই পর্বতসম সম্পত্তি গঢ়ি তোলাটো৷ চিবিআইৰ এটা সূত্রই প্রকাশ কৰা মতে, কেৱল গুৱাহাটীতে ডাঃ বিজয় কুমাৰ শ্ব’ৰ সাতটা ঘৰ–ফ্লেট থকাৰ তথ্য পোৱা গৈছে৷ এনে অৱস্থাত এজাহাৰত উল্লেখ কৰাতকৈও এই বিত্তীয় কেলেংকাৰিৰ ধনৰ পৰিমাণ বহুত বেছি হ’ব বুলি ধাৰণা কৰিছে অনুসন্ধানকাৰী সংস্থাটোৱে৷ অৱশ্যে তদন্তৰ স্বার্থত ইয়াতকৈ অধিক তথ্য প্রকাশৰ পৰা সূত্রটো বিৰত থাকে৷ মন কৰিবলগীয়া যে অকল অৱসৰপ্রাপ্ত কর্মচাৰীসকলৰ নামতেই এই চক্রটোৱে লুণ্ঠন চলোৱা নাছিল, অৱসৰৰ পিছত মৃত কর্মচাৰীসকলৰ বিপৰীতে ‘ৰিকুইজেচন শ্লিপ’ দিও তেওঁলোকে আত্মসাৎ কৰিছিল অ’এনজিচিৰ ধন৷ এনে অৱস্থাত এই চক্রটোৰ বিৰুদ্ধে চিবিআইৰ তদন্ত প্রক্রিয়াই কি গতি লাভ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like