নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থানাৰ লকআপত সংগীতা দত্তৰ নাটক–উদ্ভণ্ডালি

নিয়মীয়া বাৰ্তা, ১১ মে’: দুই দেৱ শিশুক নির্যাতন চলাই আৰক্ষীৰ জালত পৰাৰ পিছতো অনুশোচনাহীন চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্ত৷ বিলাসী জীৱন, সমাজৰ নাম থকা ব্যক্তিৰে উঠা–বহা কৰা তথাকথিত আঢ়্যৱন্ত সমাজৰ অংশ বুলি নিজকে পৰিচয় দি ভালপোৱা ডাঃ সংগীতা দত্তই আৰক্ষী থানাৰ লকআপতো নাটক–উদ্ভণ্ডালি কৰিবলৈ এৰা নাই৷ সম্প্রতি পল্টন বজাৰ আৰক্ষীৰ জিম্মাত থকা ডাঃ সংগীতা দত্তই চিঞৰ–বাখৰ কৰি আৰক্ষীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ জেৰাৰ সময়ত তথা লকআপত থকাৰ সময়ছোৱাত পাষাণ হূদয়ৰ ডাঃ সংগীতা দত্তই আৰক্ষীয়ে যোগান ধৰা সাধাৰণ খাদ্য খাবলৈও অমান্তি প্রকাশ কৰিছে৷ ইয়াৰ বিপৰীতে থানাৰ লকআপত পোলাও, মাংস বিচাৰি ডাঃ সংগীতা দত্তই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ পঞ্চতাৰকা হোটেলৰ দৰেই বিলাসী জীৱন কটোৱা ডাঃ সংগীতা দত্তই এতিয়াও যেন লকআপৰ জীৱন হজম কৰিব পৰা নাই৷ কেৱল সেয়াই নহয়, থানাৰ পৰা আজি ডিএনএ টেষ্টৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়াৰ সময়তো চিঞৰ–বাখৰ কৰি অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ থানাৰ পৰা হাস্পতাল অভিমুখে গাড়ীত উঠোৱাৰ সময়ত চিঞৰি চিঞৰি তেওঁ কয়– ‘মোক বচাওক– মোক বচাওক৷ আৰক্ষী মিলি আছে৷ সংবাদ মাধ্যমক বিভিন্ন তথ্য প্রদান কৰি আছে৷ মই একো কৰা নাই৷ মোক বচাওক৷ কাম কৰা মানুহকেইজনক কিনি লৈছে৷’

অৱশ্যে ঘোৰ আপত্তি কৰিলেও  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁৰ ডিএনএ সংগ্রহ কৰা হয়৷ ইয়াৰ পূর্বে তেওঁৰ স্বামী ডাঃ ৱালিউল ইছলামৰ ডিএনএ সংগ্রহ কৰা হৈছিল৷ হাস্পতাললৈ ডিএনএ সংগ্রহ কৰিবলৈ নিয়াৰ পিছত চিকিৎসকৰ ওপৰত তেওঁৰ ভৰসা নাই আৰু ডিএনএ টেষ্ট নকৰোঁ বুলি একপ্রকাৰ চিঞৰ–বাখৰ কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ অৱশ্যে চিঞৰ–বাখৰ কৰি সহানুভূতি আদায় কৰিবলৈ চেষ্টা কৰিলেও তেওঁৰ কার্যই সচেতন মহলক অধিক স্তম্ভিতহে কৰি তুলিছে৷ দুটি কণমানি দেৱ শিশুক তালিবানী শাস্তি প্রদান কৰি আসুৰিক তৃপ্তি লাভ কৰা পাষাণ হূদয়ৰ ডাঃ সংগীতা দত্তই কিদৰে কেৱল নিজক বচাবলৈ নাটক কৰিব পাৰিছে বুলিও চর্চিত হৈছে৷ এবাৰলৈও দুই কণমানিক কৰা অত্যাচাৰৰ বাবে অনুশোচনাত দগ্ধ নোহোৱা এইগৰাকী মনোৰোগ বিশেষজ্ঞ চিকিৎসকৰ শেহতীয়া কর্মকাণ্ডই ৰাজ্যবাসীক জোকাৰি গৈছে৷ প্রতিদিনে আৰক্ষীৰ জিম্মাত নতুন নতুন নাটক কৰি কেৱল নিজৰ জীৱনৰ কথা চিন্তা কৰা ডাঃ সংগীতা দত্তৰ কার্যক একমুখে সকলোৱে ধিক্কাৰ দিয়াই নহয়, ঘৃণাত নাক কোঁচাবলগীয়া হৈছে৷

উল্লেখ্য যে চিকিৎসক দম্পতীৰ বিৰুদ্ধে তদন্তত যাতে কোনোধৰণৰ খুঁত ৰৈ নাযায় তাৰ বাবে মহানগৰ আৰক্ষীয়ে তথ্য–প্রমাণ সংগ্রহত ব্যস্ত হৈ পৰিছে৷ সহযোগীক গ্রেপ্তাৰ কৰাৰ লগতে আন আন পৰিস্থিতিগত তথ্যপ্রমাণ ইতিমধ্যে আৰক্ষীয়ে সংগ্রহ কৰিছে৷ শেহতীয়াকৈ তেওঁলোকে বাস কৰা ৰ’মা এনক্লেভৰ ৩২টা চিচি টিভিৰ ভিডি’ ফুটেজ আৰক্ষীয়ে সংগ্রহ কৰিছে৷ য’ত শিশু দুটিৰ ওপৰত ডাঃ সংগীতা দত্তই চলোৱা পৈশাচিক নির্যাতনৰ কেতবোৰ ভয়াৱহ দৃশ্য বাণীবদ্ধ হৈছে৷ পৰৱর্তী সময়ত তেওঁলোকৰ বিৰুদ্ধে আদালতে প্রমাণ হিচাপে এই চিচি টিভিৰ ভিডিঅ’ ফুটেজ আৰক্ষীয়ে প্রদান কৰিব৷

ইফালে,  আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পৰিপ্রেক্ষিতত পুনৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই ডাঃ ৱালিউল ইছলামক আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে তেওঁক পুনৰ পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰিছে৷ সমান্তৰালভাৱে ডাঃ সংগীতা দত্তৰ সহায়কক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত   পল্টন বজাৰ আৰক্ষীয়ে অভিজিৎ বসু নামৰ এজন সাংবাদিকক গ্রেপ্তাৰ কৰিছে৷ প্রাপ্ত তথ্য অনুসৰি অভিজিৎ বসুৰ জ্যেষ্ঠ ভগ্ণী ডাঃ দত্তৰ সহায়ক হিচাপে কর্মৰত হৈ আছিল৷ শিশুৰ ওপৰত নির্যাতন চলোৱা ঘটনা পোহৰলৈ অহাৰ পিছত ডাঃ দত্তৰ সহায়কগৰাকীক আত্মগোপন কৰাত অভিজিতে সহায় কৰিছিল৷ এতিয়া ডাঃ সংগীতা দত্তৰ সহায়কগৰাকীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব পৰা নাই৷

আগতীয়াকৈ আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ সম্ভাৱনীয়তাৰ তথ্য প্রদান কৰি পলায়ন কৰিবলৈ সহায়কগৰাকীক সুযোগ দিয়াৰ বাবেই অভিজিতক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে চিঞৰ–বাখৰ কৰি ডাঃ দত্তই হুলস্থূলৰ সৃষ্টি কৰিব বিচাৰিলেও তেওঁৰ স্বামী ডাঃ ৱালিউল ইছলামে এই ঘটনাক লৈ নীৰৱতা অৱলম্বন কৰি আছে৷ আজিও ডাঃ ৱালিউল ইছলামক আদালতলৈ যোৱাৰ সময়ত সংবাদ মাধ্যমে তেওঁৰ প্রতিক্রিয়া জানিব বিচাৰিছিল যদিও কোনোধৰণৰ মতামত প্রকাশ নকৰিলে৷ ইয়াৰ বিপৰীতে লজ্জা ঢ়াকিবলৈ থানাৰ ভিতৰৰ পৰাই মুখ গামোচাৰে মেৰিয়াই ওলাই আহি আৰক্ষীৰ গাড়ীত উঠাহে পৰিলক্ষিত হয়৷ আৰক্ষীয়ে দুই চিকিৎসকক ঘটনা সন্দর্ভত জেৰা অব্যাহত ৰাখিছে৷ আগন্তুক সময়ত শিশু নির্যাতনৰ এই বর্বৰ কাহিনীৰ আন বহু ভয়াৱহ তথ্য উন্মোচিত হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে তেওঁলোকক কোন মহিলাই এই সন্তান দুটি দি থৈ গৈছিল, সেই সন্দর্ভত এতিয়াও বিশেষ তথ্য প্রকাশ কৰাৰ পৰা আৰক্ষী বিৰত আছে৷ সংগীতা দত্তক যমজ সন্তান গতাই দিয়া মহিলাগৰাকীৰ সন্ধানতো আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ এইক্ষেত্রত আৰক্ষীয়ে কিছু ক্লু লাভ কৰিছে বুলিও জানিব পৰা গৈছে৷ মহিলাগৰাকীৰ সন্তান দুটিক চিকিৎসক দম্পতীহালক বিক্রী কৰিছিল নে চোৱা–চিতাৰ বাবে গতাই দিছিল সেয়াও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব৷

You might also like