নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’এনজিচি বসন্ত উৎসৱ-২০২৪ৰ সফল পৰিসমাপ্তি

🎯নিৰ্জুমা কাকতিৰ শিৰত জিলিকিল ‘অএনজিচি বসন্ত ৰাণী-২০২৪’ মুকুট

🎯সৰ্বশ্ৰেষ্ঠ হৈ উজলিল চেৰেকাপাৰ সূৰুযমূখী হুঁচৰি দল, সপ্তৰথী গাভৰু জেং বিহু দল

নিয়মীয়া বাৰ্তা, ১৩ মে’ : খাৰুৱা তেল উৎপাদনেৰে বিশ্বজুৰি ব্যৱসায়েৰে দেশৰ অৰ্থনীতিলৈ অভূৰ্তপু্ব অৰিহণা আগবঢ়াই অহা তথা বিশ্বৰ অন্যতম আগশাৰীৰ তৈল প্ৰতিষ্ঠান হিচাবে পৰিচিত তেল আৰু প্ৰাকৃতিক গেছ নিগম,চমুকৈ অসম সম্পদৰ উদ্যোগত আৰু সমূহ কৰ্মচাৰীৰ সহযোগত যোৱা ১০, ১১ আৰু ১২ মে’ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হোৱা দ্বাবিংশতিতম বসন্ত উৎসৱ-২০২৪ৰ সফল পৰিসমাপ্তি হয়। যোৱা তিনি দিন ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভাষা-ভাষী জাতি-জনগোষ্ঠীৰ সমন্বয়েৰে উদুলি-মুদুলি হৈ পৰা শিৱসাগৰস্থিত ড⁰ ভূপেন হাজৰিকাৰ মুকলি প্ৰেক্ষাগৃহত বসন্ত উৎসৱৰ প্ৰথম দিনা পুৱা নিগমৰ পতাকা আৰু বিহুৱান উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ক্ৰমে অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ৰাজেশ তিৱাৰী আৰু উদযাপন সমিতিৰ সভাপতি পৱন কুমাৰ জালুথাৰিয়াই। তাৰ পাছতেই অভিনেত্ৰী প্ৰীতি কংকনাই অংশগ্ৰহণ কৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্মাৱলম্বীৰ কৃষ্টি-সংস্কৃতি, চহা জীৱনৰ বিভিন্ন কাম-কাজ, বিভিন্ন থলুৱা আচবাব, লোক বাদ্য, লোক নৃত্য, মুখা শিল্প, হস্তী ভ্ৰমণ, সাজ-পোছাক প্ৰদৰ্শন কৰাৰ লগতে বিশেষকৈ হুঁচৰি, জেং বিহু, জিকিৰ-জাৰী, গায়ন-বায়ন, মৃদংগ বাদন; তাই , কোচ ৰাজবংশী, মেচ কছাৰী, দেউৰী, সোনোৱাল কছাৰী, চাহ জনগোষ্ঠী, গোৰ্খা, ভোজপুৰী, মণিপুৰী, মটক, চুতীয়া, আদি কেইবাটাও জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি, শিল্প-কলা আদি প্ৰদৰ্শন কৰি সংস্কৃতিৰ এক মহা-মিলনক্ষেত্ৰলৈ পৰিণত হয় বসন্ত উৎসৱৰ থলি। শোভাযাত্ৰাত অংশগ্ৰহন কৰা সমূহ জাতি জনগোষ্ঠী,ভাষা ভাষী ৰাইজলৈ শোভাযাত্ৰা উপ সমিতিৰ সম্পাদক পাৰ্থপ্ৰতীম বৰাই কৃতজ্ঞতা জ্ঞাপন কৰিছে। ব’হাগ বিহুৰ পৰম্পৰাৰে কণী যুঁজ অনুষ্ঠিত কৰাৰ উপৰিও বিভিন্ন বিহুৰ খাদ্য সম্ভাৰেৰে অতিথি আপ্যায়ন কৰা হয়। ইয়াৰ পাছতে জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মূখ্য অতিথি হিচাপে কেন্দ্ৰীয় পেট্ৰোলিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সাংস্কৃতিক সন্ধিয়া অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গীতৰ উপৰিও স্থানীয় কেবাটাও সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল হৈ উঠে। দ্বিতীয় দিনা অসমৰ বহু শ্ৰেষ্ঠ প্ৰতিযোগীৰ অংশগ্ৰহণেৰে হুঁচৰি-বিহু আৰু বৰ-বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি বসন্ত উৎসৱ-২০২৪ৰ উপলক্ষে প্ৰকাশিত হোৱা আকাশ দুৱৰী আৰু উৎপল সোণোৱাল সম্পাদিত স্মৃতি গ্ৰন্থ ‘এনাজৰী’ উন্মোচন, প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান, সৰ্বশ্ৰেষ্ঠ হুঁচৰি-বিহু দলৰ আৰু বৰ-বিহুৱতীৰ বিহু প্ৰদৰ্শনৰ লগতে অসম গৌৰৱ ৰঞ্জিত গগৈৰ সাংস্কৃতিক অনুষ্ঠান আৰু জনপ্ৰিয় যুৱ কণ্ঠশিল্পী নিলোৎপল বৰা গীতেৰে সমগ্ৰ পৰিবেশটো আনন্দমুখৰ হৈ পৰে। অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ৰাজেশ তিৱাৰী, ‘ফাৰ্ষ্ট লেডী অব আসাম এছেট’ ৰাণী তিৱাৰীকে মূখ্য কৰি অসম সম্পদৰ মূখ্য বিষয়া-কৰ্মচাৰী সকলৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠানত ক্ৰমে জেং বিহু প্ৰতিযোগিতাত সপ্তৰথী গাভৰু জেং বিহু দল-শিৱসাগৰ প্ৰথম শ্ৰেষ্ঠ, বৰহমথুৰি গাভৰু জেং বিহু দল-তিনিচুকীয়া দ্বিতীয় শ্ৰেষ্ঠ, দৰিকাপৰীয়া নিমাইজান জেং বিহু দল-শিৱসাগৰ তৃতীয় শ্ৰেষ্ঠ;  হুঁচৰি-বিহু প্ৰতিযোগিতাত চেৰেকাপাৰ সূৰুজমূখী হুঁচৰি বিহু দল- শিৱসাগৰ প্ৰথম শ্ৰেষ্ঠ, চৰাইদেউ সমন্বয় হুঁচৰি-বিহু দল- সোণাৰী দ্বিতীয় শ্ৰেষ্ঠ, ৰংমন এনাজৰী হুঁচৰি বিহু দল- মৰাণ তৃতীয় শ্ৰেষ্ঠ; বৰ-বিহুৱতী প্ৰতিযোগিতাত নিৰ্জুমা কাকতি- নগাঁও প্ৰথম শ্ৰেষ্ঠ, পাহাৰী বুঢ়াগোহাঁই- ধেমাজি দ্বিতীয় শ্ৰেষ্ঠ আৰু বৰষা বুঢ়াগোহাঁই- লক্ষীমপুৰ তৃতীয় শ্ৰেষ্ঠ বঁটা প্ৰদান কৰা হয়। এই বছৰৰ পৰা আৰম্ভ হোৱা “অʼ এন জি চি বসন্ত ৰাণী ” সন্মান ২০২৪ বৰ্ষৰ বাবে সৰ্বশ্ৰেষ্ঠ বৰ-বহুৱতী নিৰ্জুমা কাকতিক প্ৰদান কৰা হয়। বসন্ত উৎসৱ-২০২৪ সফল ৰূপায়ণত বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়োৱা বিহু প্ৰেমী ৰাইজ, সাংবাদিক, সাংস্কৃতিক কৰ্মী, শিল্পী, কলা-কুশলী , অসম সম্পদৰ প্ৰতিজন বিষয়া-কৰ্মচাৰী আৰু উদযাপন সমিতিৰ কৰ্মকতা সকললৈ সাধাৰণ সম্পাদক সঞ্জীৱ বৰুৱাই বিশেষ ভাৱে কৃতজ্ঞতা জনাইছে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like