নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ দীঘলীয়া লকডাউনত ৰাজ্যৰ মধ্যবিত্ত আৰু দৰিদ্র শ্রেণীৰ লোকসকল হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়তে অবাধ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে সাধাৰণ ৰাইজক৷ মূল্যবৃদ্ধি নিয়ন্ত্রণৰ বাবে ৰাজ্যত এটা বিয়াগোম যোগান বিভাগ থকা সত্ত্বেও ৰাজ্যৰ বজাৰত হোৰাহোৰে বাঢ়িছে এপদৰ পাছত আন এপদ সামগ্রীৰ দাম৷ মন্ত্রী ফণীভূষণ চৌধুৰীৰ যোগান বিভাগৰ অস্তিত্বহীনতাৰ সুযোগ লৈ দাম বৃদ্ধি কৰিছে অসাধু ব্যৱসায়ীয়ে৷ বিশেষকৈ বাৰম্বাৰ নির্দেশ দিয়াৰ পাছতো নিয়ন্ত্রণলৈ অহা নাই আলু, পিঁয়াজৰ মূল্য৷ এটা নির্ধাৰিত হাৰত আলু–পিঁয়াজৰ দাম নিৰূপণ কৰিবলৈ যোগান বিভাগে দিয়া নির্দেশ উপেক্ষা কৰি বজাৰত নিজ খেয়াল–খুচি মতে ব্যৱসায়ীয়ে গ্রাহকক লুণ্ঠন কৰাহে পৰিলক্ষিত হৈছে৷ আজিৰ দিনত খুচুৰা বজাৰত প্রতি কিলোগ্রাম পিঁয়াজৰ মূল্য হৈছে ৭০ টকা৷ আনহাতে, আলুৰ প্রতি কিলোগ্রামৰ মূল্য হৈছে ৫০ টকা৷ প্রাপ্ত তথ্য অনুসৰি দুসপ্তাহ পূর্বে আলু–পিঁয়াজৰ মূল্য সামান্য হ্রাস পাইছিল যদিও চৰকাৰৰ নির্লিপ্ততাৰ সুযোগ লৈ পুনৰ দুয়োবিধ খাদ্য–সামগ্রীৰ অত্যধিক হাৰত দাম বৃদ্ধি হৈছে৷ সম্প্রতি বজাৰত উপলব্ধ পিঁয়াজৰ প্রতি কুইণ্টলত পাইকাৰী মূল্য ৫,৪০০পৰা ৫,৬০০ টকা৷ চৰকাৰৰ নির্দেশ অনুসৰি এই মূল্যৰ ওপৰত খুচুৰা ব্যৱসায়ীয়ে সর্বাধিক ৬ টকা অধিক দামত বিক্রী কৰিব পাৰে৷ কিন্তু খুচুৰা ব্যৱসায়ীয়ে ৭০ টকা পর্যন্ত প্রতি কিলোগ্রাম পিঁয়াজৰ মূল্য গ্রাহকৰ পৰা আদায় কৰিছে৷ একেদৰে বর্তমান আগ্রা আলুৰ পাইকাৰী মূল্য হৈছে প্রতি কুইণ্টলত ৪,৩৫০ টকা৷ আৰু বেংগল আলুৰ পাইকাৰী মূল্য হৈছে ৪,২০০ টকা৷ এই মূল্যৰ ওপৰতো সর্বাধিক ৬ টকা দাম খুচুৰা ব্যৱসায়ীয়ে বৃদ্ধি কৰিব লাগে৷ চৰকাৰী নির্দেশনাক অংগুষ্ঠ প্রদর্শন কৰি খুচুৰা ব্যৱসায়ীয়ে আগ্রা আলু প্রতি কিলোগ্রামত সর্বাধিক ৫০ টকা আৰু বেংগল আলু প্রতি কিলোগ্রামত ৪৮ টকা গ্রাহকৰ পৰা আদায় কৰিছে৷ সমান্তৰালভাৱে শ্বিলঙৰ পৰা অহা নতুন আলুৰ খুচুৰা বজাৰত মূল্য হৈছে প্রতি কিলোগ্রামত ৬০ টকা৷
উল্লেখ্য যে লকডাউনৰ কঠোৰ নির্দেশনা কিছু শিথিল হোৱাৰ পাছতে বজাৰত শাক–পাচলিৰ পৰা আলু–পিঁয়াজলৈকে আৰু অত্যাৱশ্যকীয় খাদ্য–সামগ্রীসমূহৰ্ মূল্য ব্যাপক হাৰত বৃদ্ধি পাইছে৷ মূলতঃ আলু–পিঁয়াজ আৰু শাক–পাচলিৰ মূল্য আকাশলংঘী হাৰত বিক্রী কৰিছিল ব্যৱসায়ীসকলে৷ যাক লৈ সমগ্র্র ৰাজ্যতে ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছিল৷ আনকি বিয়াগোম যোগান বিভাগৰ দায়িত্বজ্ঞানহীনতাক লৈও উত্থাপন হৈছিল প্রশ্ণৰ৷ খাদ্য–সামগ্রীৰ আকাশলংঘী মূল্যই ৰাইজক ত্রাহি মধুসূদন সোঁৱৰোৱাৰ সময়ত যোগানমন্ত্রীজন অন্তর্ধান হোৱা কার্যই ৰাজ্যবাসীৰ মাজত বিৰূপ প্রভাৱ পেলাইছে৷ আনকি বিভিন্ন দল–সংগঠনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত প্রতিবাদো সাব্যস্ত কৰিছে৷ যাৰ পৰিপ্রেক্ষিতত পলমকৈ হ’লেও সাৰ পোৱা যোগানমন্ত্রীয়ে ব্যৱসায়ীৰ সৈতে আলোচনাত মিলিত হৈ যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ সমান্তৰালভাৱে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ব্যৱসায়ীসকলৰ সৈতে এলানি বৈঠকত মিলিত হৈ দাম বৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ নির্দেশ দিয়ে৷ অৱশ্যে মুখ্যমন্ত্রী আৰু যোগানমন্ত্রীৰ নির্দেশনাৰ প্রভাৱ আজি পর্যন্ত বজাৰত পৰিলক্ষিত নহ’ল৷ অত্যধিক প্রতিক্রিয়া হোৱাৰ সময়ছোৱাত যোগান বিভাগে একাংশ বিষয়াক বজাৰত দামৰ বুজ ল’বলৈ নির্দেশ দিছিল৷ কিন্তু নির্দেশ দিয়েই অন্তর্ধান হ’ল বিয়াগোম যোগান বিভাগৰ বিষয়া৷ বজাৰ–সমাৰত উপস্থিত হৈ দাম নিয়ন্ত্রণৰ ব্যৱস্থা কৰাটো দূৰেই কথা, সাধাৰণ ৰাইজে দেখিয়েই নাপালে এইসকল বিষয়াৰ চেহেৰা৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আলু–পিঁয়াজৰ লগতে বজাৰত অত্যধিক মূল্যবৃদ্ধি ঘটিছে মিঠাতেলৰ৷ বিগত কেইবামাহো ধৰি প্রতি লিটাৰ মিঠাতেলৰ দাম হোৰাহোৰে বৃদ্ধি পায়েই আছে৷ বিভিন্ন ব্রেণ্ডৰ মিঠাতেলত প্রতি লিটাৰত ১০ৰ পৰা ১৫ টকা পর্যন্ত বৃদ্ধি পাইছে৷