নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ এপ্রিলৰ পৰা অনলাইনযোগে স্কুলত উপস্থিতি বাধ্যতামূলক

🔹 শিক্ষা বিভাগৰ নতুন নির্দেশনা

🔹 শিক্ষক–কর্মচাৰী-শিক্ষার্থীৰ ক্ষেত্রত প্রযোজ্য

বিশেষ বাৰ্তা, ২৫ ফেব্রুৱাৰী : ৰাজ্যৰ শিক্ষক–কর্মচাৰীসকলে এটা নির্দিষ্ট সময় দুর্গম অঞ্চলত সেৱা আগবঢ়াবলৈ সাজু থাকিব লাগে বুলি শেহতীয়াকৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰাৰ পিছতে এইবাৰ প্রতিখন বিদ্যালয়ত শিক্ষার্থী, শিক্ষক–কর্মচাৰীক অনলাইনযোগে উপস্থিতি দাখিল কৰাৰ নির্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে৷ শিক্ষা বিভাগে জাৰি কৰা এই নির্দেশনা অনুসৰি আগন্তুক শিক্ষাবর্ষৰ পৰাই শিক্ষার্থীৰ লগতে শিক্ষক–কর্মচাৰী প্রতিজনে বিদ্যালয়ত উপস্থিতি অনলাইনযোগে দাখিল কৰিব লাগিব৷ চলিত বর্ষৰ ১ এপ্রিলৰ পৰা প্রযোজ্য হ’ব লগা এই নিয়ম অনুসৰি শিক্ষাসেতু এপৰ জৰিয়তে শিক্ষার্থী আৰু প্রতিগৰাকী শিক্ষক–কর্মচাৰীয়ে বিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰ পূর্বে অনলাইনত উপস্থিতি দাখিল কৰাটো বাধ্যতামূলক হ’ব৷ উল্লেখ্য যে বিগত বর্ষত শিক্ষাসেতু এপ মুকলি কৰাৰ পিছতে উপস্থিতিৰ অনলাইন ৰেকর্ড বাধ্যতামূলক কৰা হৈছে৷ কিন্তু বহু শিক্ষকে দুর্বল নেটৱর্ক, যাতায়াতৰ বিভিন্ন অসুবিধা, এপ ডাউনলোডত অসুবিধা দেখুৱাই উপস্থিতিৰ অনলাইন ৰেকর্ডৰ নির্দেশনা পালন কৰা নাছিল৷ বিষয়টোক লৈ সৃষ্ট বিভিন্ন জটিলতাৰ পিছতো শিক্ষা বিভাগে শিক্ষাসেতু এপৰ জৰিয়তে শিক্ষক–ছাত্র–ছাত্রীৰ উপস্থিতি দাখিল কৰাৰ নির্দেশনা দিছিল৷ মুখ্যতঃ একাংশ বিদ্যালয়ৰ প্রধান শিক্ষকে অতিৰিক্ত ছাত্র–ছাত্রীৰ উপস্থিতি দেখুৱাই প্রধানমন্ত্রী পোষণ আঁচনিৰ অধীনত মধ্যাহ্ণ ভোজনৰ সামগ্রী আত্মসাৎ কৰি থকাৰ অভিযোগৰ ভিত্তিতে শিক্ষা বিভাগে শিক্ষাসেতু এপৰ জৰিয়তে উপস্থিতি বাধ্যতামূলক কৰিবলৈ বাধ্য হৈছে৷ ইফালে, বিভাগে প্রেৰণ কৰা নির্দেশনা অনুসৰি শিক্ষার্থী, শিক্ষক–কর্মচাৰীৰ উপস্থিতি অনলাইন কৰাৰ ক্ষেত্রত সকলো দিশ তদাৰক কৰাৰ বাবে বিদ্যালয় পৰিদর্শক, জিলা প্রাথমিক শিক্ষা বিষয়া, জিলা মিছন সমন্বয়ক, সমগ্র শিক্ষা আৰু প্রধানমন্ত্রী পোষণ সহকাৰী জিলা ন’ডেল বিষয়াসকলক নির্দেশ প্রেৰণ কৰিছে৷ তেওঁলোকৰ নিজ নিজ অধিকাৰ ক্ষেত্রৰ অধীনত অন্তর্ভুক্ত বিদ্যালয়সমূহত শিক্ষাসেতু এপৰ জৰিয়তে উপস্থিতি দাখিল হৈছে নে নাই, তাক তীক্ষ্ণভাৱে নজৰ দিবলৈ নির্দেশনাত স্পষ্ট কৰা হৈছে৷ ১ এপ্রিলৰ পৰা অনলাইন উপস্থিতি দাখিল নহ’লে শিক্ষকৰ দৰমহা লাভৰ ক্ষেত্রতো জটিলতা আহিব বুলি নির্দেশনাত স্পষ্ট কৰা হৈছে৷

You might also like