নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত এতিয়ালৈকে মাত্র ৮জনৰহে নাগৰিকত্ব বিচাৰি আবেদন : মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুলাইঃ ‘কা’ৰ অধিনিয়ম কার্যকৰী হোৱাৰ লগে লগে অসমত লাখ লাখ হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি বিৰোধী দলকে ধৰি একাংশ দল–সংগঠনে শংকা প্রকাশ কৰি আহিছিল৷ ‘কা’ৰ অধিনিয়ম কার্যকৰী হোৱাৰ ইতিমধ্যে চাৰি মাহ হৈ গ’ল৷ কিন্তু এতিয়ালৈ মাত্র আঠজন হিন্দু বাংলাদেশীয়েহে ‘কা’ৰ অধীনত নাগৰিকত্ব বিচাৰি আবেদন কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই তথ্য সদৰী কৰে৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নাগৰিকত্ব বিচাৰি আবেদন কৰা ৮জন লোকৰ ভিতৰত মাত্র দুজনেহে সাক্ষাৎকাৰত ইণ্টাৰভিউত অৱতীর্ণ হৈছে৷ বাকী ৬জন অৱতীর্ণই হোৱা নাই৷ হিন্দু বঙালীসকলে ‘কা’ৰ অধীনত নাগৰিকত্ব বিচাৰিবলৈ অস্বীকাৰ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত থকা হিন্দু বঙালীসকলে নিজকে ভাৰতীয় নাগৰিক বুলি দাবী কৰি আহিছে৷ সেয়ে তেওঁলোকে ‘কা’ৰ অধীনত নাগৰিকত্ব বিচাৰিবলৈ অস্বীকাৰ কৰিছে৷ ইয়াৰ পৰিৱর্তে তেওঁলোকে নাগৰিকত্বৰ বাবে প্রয়োজনত প্রচলিত আইনৰ অধীনত গোচৰ তৰিব৷ তথাপি তেওঁলোকে ‘কা’ৰ অধীনত নাগৰিকত্ব বিচাৰি আবেদন নকৰে৷ বৰাক উপত্যকাত ‘কা’ৰ অধীনত নাগৰিকত্ব বিচাৰিবলৈ জনসাধাৰণৰ মাজত প্রচাৰ, সচেতনতা গঢ়াৰ বাবেও দলৰ তৰফৰ পৰা প্রচেষ্টা চলোৱা হৈছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিদেশী ন্যায়াধিকৰণত যিমান গোচৰ আছে, সেয়া ‘কা’ৰ অধিনিয়ম কার্যকৰী হোৱাৰ পৰিপ্রেক্ষিতত দুই–তিনি মাহৰ বাবে ৰখাই দিয়া হৈছে৷ যাতে সেইসকল লোকে ‘কা’ৰ অধীনত নাগৰিকত্ব বিচৰাৰ সুবিধা লাভ কৰে৷ দুই–তিনি মাহ পাছত বিদেশী ন্যায়াধিকৰণে গোচৰসমূহৰ বিচাৰ আৰম্ভ কৰিব৷ যিসকল লোকে ‘কা’ৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন নকৰে, তেওঁলোকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ‘কা’ আন্দোলনত ৫জন শ্বহীদ হোৱাৰ বিপৰীতে মাত্র ৮জনে আবেদন কৰি আৰু ইয়াৰে দুজনেহে সাক্ষাৎকাৰত অৱতীর্ণ হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ‘কা’ আন্দোলনটো যে এটা অসত্যৰ ওপৰত আছিল, সেয়া লাহে লাহে প্রমাণিত হৈ আহিছে৷ ‘কা’ আন্দোলনটোও বন্ধ হৈ গ’ল৷ কেনে পৰিস্থিতিত কাৰ বাবে ৫জনকৈ শ্বহীদ হ’বলগা হ’ল তাৰো বিচাৰ হ’ব৷ ইপিনে, ৰাজ্যখনৰ ৯ লাখ লোকৰ আধাৰ কার্ড পেণ্ডিং হৈ থকাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম চৰকাৰৰ তৰফৰ পৰা ভাৰত চৰকাৰক এনআৰচিত নাম থকাসকলক আধাৰ কার্ড মুকলি কৰি দিয়াৰ বাবে অনুৰোধ জনোৱা হ’ব৷ আধাৰ কার্ড ব্লক হৈ থকা বহু লোকৰ এনআৰচিত নাম আছে৷ আধাৰ কার্ড ব্লক হৈ থকাসকলৰ ভিতৰত ডেৰ লাখমান অসমীয়া মানুহ৷ আধাৰ কর্তৃপক্ষৰ পৰা অসম চৰকাৰে আধাৰ কার্ড ব্লক হৈ থকা লোকসকলৰ নামসহ তালিকা বিচৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নাহৰকটীয়াৰে ২৬জন অসমীয়া লোকৰ আধাৰ কার্ড ব্লক হৈ আছে৷ যোৰহাটতো ১১জন মাৰোৱাৰী লোকৰ আধাৰ কার্ড ব্লক হৈ আছে৷ এনআৰচিৰ খচৰা আৰু চূড়ান্ত তালিকাত নাম থকা বহু লোকৰো আধাৰ কার্ড ব্লক হৈ আছে৷ আচলতে এনআৰচিৰ কাম চলি থকা সময়তে একাংশ লোকে আধাৰ কার্ডৰ বাবে ফিংগাৰপ্রিণ্ট দিবলৈ গৈছিল৷ সেই সময়ত আধাৰ কেন্দ্রসমূহতো এনআৰচিৰ কাম চলি আছিল৷ তাৰ বাবেই তেওঁলোকৰ আধাৰ ব্লক হৈ আছে৷

You might also like