নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচিয়েহে প্রাপ্তবয়স্কক দিব আধাৰ কার্ড

🔹 বাংলাদেশীৰ অনুপ্রৱেশ ৰুধিবলৈ ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপ

বিশেষ বাৰ্তা, ২৮ জুন : বাংলাদেশৰ পৰা নতুনকৈ হোৱা অনুপ্রৱেশ ৰুধিবলৈ ৰাজ্য চৰকাৰে আধাৰ কার্ডক লৈ কঠোৰ পদক্ষেপ গ্রহণৰ দিশে আগবাঢ়িছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই বিষয়ে অনানুষ্ঠানিক আলোচনা হয়৷ কালি এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়া মতে, এতিয়াৰে পৰা প্রাপ্তবয়স্ক লোকক আধাৰ কার্ড দিব পাৰিব কেৱল জিলা আয়ুক্ত (ডিচি)ইহে৷

এই সন্দর্ভত তেওঁ কয়– আমি প্রতিদিনে ২০–২৫–৩০জন অনুপ্রৱেশকাৰীক অসমৰ পৰা ওভতাই পঠিয়াই আছোঁ৷ কিন্তু এনেকুৱাও নহয়, আৰক্ষীয়ে সকলোকে ধৰিব পাৰিছে৷ ইতিমধ্যে অসমত আধাৰ কার্ড প্রদানৰ প্রক্রিয়া বহু বছৰ হৈ গ’ল৷ প্রাপ্তবয়স্ক মানুহে এতিয়া আধাৰ কার্ড লোৱাৰ প্রয়োজনীয়তা নাই৷ কাৰণ তেওঁলোকক আধাৰ কার্ড দিয়া হৈ গৈছে৷ কেৱল আধাৰ কার্ড দিব লাগে নতুনকৈ জন্মলাভ কৰা শিশুসকলকহে৷ গতিকে আমি এতিয়া অসমত নিয়ম কৰিম– প্রাপ্তবয়স্ক লোকে আধাৰ কার্ড বিচাৰিলে অকল জিলা আয়ুক্তইহে দিব পাৰিব৷ পৰৱর্তী কেবিনেট বৈঠকত এই বিষয়ে ভালদৰে আলোচনা কৰা হ’ব বুলি জানিবলৈ দি তেওঁ পুনৰ কয় যে জিলা আয়ুক্তৰ বাদে আন কোনেও প্রাপ্তবয়স্ক লোকক আধাৰ কার্ড দিব নোৱাৰিব৷ ইয়াৰ ফলত বাংলাদেশৰ পৰা নতুনকৈ অহা মানুহে আধাৰ কার্ড ল’ব নোৱাৰিব৷

অৱশ্যে আধাৰ কার্ড লাভৰ ৰাস্তাটো একেবাৰে বন্ধ কৰিব বিচৰা নাই বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁ জানিবলৈ দিয়া মতে, কোনোবা যদি প্রকৃত লোক আছে, বিশেষকৈ চাহ জনগোষ্ঠীৰ, তেওঁলোকক জিলা আয়ুক্তই আধাৰ কার্ড দিব পাৰিব৷ এইক্ষেত্রত পৰৱর্তী কেবিনেটত আনুষ্ঠানিক সিদ্ধান্ত গ্রহণ কৰাৰ ইংগিত দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷

ইফালে, ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ কাৰণে জন্ম–মৃত্যুৰ প্রমাণ-পত্র পৰৱর্তী সময়ত প্রয়োজন হ’ব বুলিও মন্তব্য কৰি তেওঁ কয়– আমি জন্মৰ প্রমাণ-পত্র দিয়াৰ ব্যৱস্থাটোত কিছু কঠোৰ হ’ব বিচাৰিছোঁ৷ বহুদিন পূর্বে জন্ম হোৱা লোকেও প্রমাণ-পত্রৰ বাবে আবেদন কৰে৷ অৱশ্যে অবৈধভাৱে নহয়, বৈধভাৱেই৷ তেনে লোকসকলেও জন্মৰ প্রমাণ-পত্রৰ বাবে জিলা আয়ুক্তৰ ওচৰলৈ যাব লাগিব৷

You might also like