নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্র এজন কর্মচাৰীৰে চলিছে শিল্পগ্রাম

কেন্দ্রৰ হেমাহিত এলাগী উত্তৰ–পূবৰ সাত ভনীৰ অভিলাষী সাংস্কৃতিক সমন্বয়–বাণিজ্য ক্ষেত্র

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ উত্তৰ–পূর্বাঞ্চলৰ সর্বাংগীণ উন্নয়নৰ ওপৰত যিসময়ত গুৰুত্ব আৰোপ কৰা হৈছে, সেই সময়তে একপ্রকাৰ নিশ্চিহ্ণ হ’বলৈ ধৰিছে উত্তৰ–পূবৰ একমাত্র সাংস্কৃতিক ক্ষেত্র ‘শিল্পগ্রাম’৷ অসমকে ধৰি উত্তৰ–পূবৰ আঠখন ৰাজ্যৰ কলা–কৃষ্টি আৰু জনজাতীয় সাজপাৰৰ লগতে লোককৃষ্টিক সংৰক্ষণ তথা প্রসাৰৰ বাবে কেন্দ্রীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ে ১৯৯৫ চনত স্থাপন কৰা শিল্পগ্রাম ক্রমাৎ জহি–খহি গৈছে৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ হেমাহিৰ বাবেই শিল্পগ্রামত স্থাপন কৰা উত্তৰ–পূর্বাঞ্চলৰ জনজাতীয় কলাকৃষ্টিৰ প্রতীক চিহ্ণ আৰু বাঁহ–বেতেৰে নির্মিত গৃহসমূহ বিধ্বস্ত হৈ পৰিছে৷ মহানগৰীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্রামৰ এক বিশেষ সূত্রই জনোৱা মতে বিগত ২৫ বছৰে এই প্রকল্পটোৰ উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰে কোনো আঁচনি গ্রহণ কৰা নাই৷ ফলত শিল্পগ্রামত নির্মাণ কৰা জনজাতীয় কলা–কৃষ্টিৰ প্রতীক চিহ্ণসমূহ জহিখহি যোৱাৰ লগতে ইয়াৰ সৈতে জড়িত লোকসকলৰ জীৱিকা একপ্রকাৰ অচল হৈ পৰিছে৷ বিশেষকৈ উত্তৰ–পূর্বাঞ্চলৰ জনজাতীয় সাজ–পোছাক আৰু বাঁহ–বেতেৰে নির্মিত সামগ্রী সংৰক্ষণৰ লগতে বহিঃৰাজ্যৰ বজাৰত সুবিধা দিয়াৰ বাবে নিয়োগ কৰা প্রায় অর্ধশতাধিক ব্যৱসায়ীৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা৷

উল্লেখ্য যে ১৯৯৫ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ে ডিমাপুৰত ইয়াৰ মুখ্য কার্যালয় স্থাপন কৰাৰ পিছত ২০০৬ চনত গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীত প্রকল্পটোৰ আঞ্চলিক কার্যালয় স্থাপন কৰে৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ উদ্যোগত স্থাপন কৰা এই প্রকল্পটো তদানীন্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে ২০০৬ চনৰ ১৭ জানুৱাৰীত উদ্বোধন কৰি এই প্রকল্পটোৱে উত্তৰ–পূবৰ সৈতে ভাৰতবর্ষৰ অন্যান্য ৰাজ্যসমূহৰ এক সাংস্কৃতিক সমন্বয় গঢ়ি তোলাত বিশেষ পদক্ষেপ গ্রহণ কৰিব বুলি আশা ব্যক্ত কৰিছিল যদিও সেয়া বাস্তৱত সম্ভৱ হৈ নুঠিল৷ অসম, অৰুণাচল প্রদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্রিপুৰা, মেঘালয় আৰু ছিকিমৰ থলুৱা শিপিনীসকলে নির্মাণ কৰা জনগোষ্ঠীয় সাজ–পোছাক আৰু বাঁহ–বেতৰ সামগ্রী বিক্রীৰ বাবে শিল্পগ্রামত ৪৫খন বিপণী স্থাপন কৰা হৈছিল৷ আৰম্ভণিতে বিপণীকেইখনত গ্রাহকৰ ব্যাপক সমাগম হৈছিল যদিও ক্রমাৎ বিপণীকেইখনত গ্রাহকৰ সংখ্যা হ্রাস পোৱাত ব্যৱসায়ীসকল বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷ অৱশ্যে বিক্রী কমি যোৱাৰ পিছতো ব্যৱসায়ীসকলৰ পৰা বিভাগীয় কর্তৃপক্ষই বিপণীৰ বাবদ মাহিলি ২০০০ টকা সংগ্রহ কৰি আহিছে৷ ইপিনে, মাত্র এজন স্থায়ী কর্মচাৰীৰে চলিছে শিল্পগ্রাম৷ নিৰাপত্তাৰক্ষীৰ বাহিৰে কেইবাগৰাকী কর্মচাৰীয়ে আৰম্ভণিৰে পৰা প্রকল্পটোত অস্থায়ীভাৱে সেৱা আগবঢ়াই আহিছে যদিও সেইসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্রত বিভাগীয় কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ তাতোকৈ গুৰুত্বপূর্ণ কথা এই যে শিল্পগ্রামৰ সঞ্চালকৰ দায়িত্বত থকা জিতুল সোণোৱালৰ কার্যকাল যোৱা তিনি মাহ পূর্বে উকলি যোৱাৰ পিছতো নতুনকৈ সঞ্চালক নিযুক্তি দিয়া কলকাতাৰ গৌৰী বসু নামৰ মহিলাগৰাকীয়ে আজিপর্যন্ত কার্যভাৰ গ্রহণ কৰা নাই৷ যদিহে বিভাগীয় কর্তৃপক্ষই শীঘ্রে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ নকৰে, তেন্তে অনাগত দিনত প্রকল্পটো নিশ্চিহ্ণ হোৱাৰ পূর্ণ সম্ভাৱনা প্রকট হৈ পৰিছে৷

You might also like