নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী : শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰস্থিত তথা দেওহাঁহৰ বাবে জগত বিখ্যাত নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত আজিৰে পৰা মুকলি কৰা হ’ল জীপ ছাফাৰী। আজি দিনৰ ১১ বজাত উদ্যানখনত উপস্থিত হৈ ৰাজ্যৰ বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে মুকলি কৰে জীপ ছাফাৰী । লগতে মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ নৱনিৰ্মিত প্ৰৱেশদ্বাৰ । উল্লেখ্য যে ২৫সংখ্যক নামেৰী ব্যাঘ্ৰ প্ৰকল্পৰ ৰূপালী জয়ন্তীৰ লগত সংগতি প্ৰথমবাৰৰ বাবে এই জীপ ছাফাৰী আৰু হাতী ছাফাৰী মুকলি কৰি পৰ্যটনৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। মন্ত্রীগৰাকীয়ে প্ৰৱেশদ্বাৰ উন্মোচন কৰি নামেৰী ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী কৰি উদ্যানখনৰ নৈসৰ্গিক শোভা উপভোগ কৰে । মন্ত্রীগৰাকীক সংগ দিয়ে বন্যপ্রাণী শাখাৰ প্ৰধান বন সংৰক্ষক বিনয় গুপ্তা, CCF সন্দীপ কুমাৰৰ লগতে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বি পেৰাইশুধন। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ব্যাঘ্ৰ প্ৰকল্পটোৰ ৰূপালী জয়ন্তীৰ অংশ হিচাপে নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৯০ দিনজোৰা কাৰ্যসূচীৰো আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম