নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাঁতশিল্প জীয়াই ৰখাৰ বাবে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ পত্র

নিয়মীয়া বাৰ্তা ৮ মেঃ বিশ্ব বিনন্দীয়া ঐতিহ্যমণ্ডিত শুৱালকুছিৰ বস্ত্রশিল্প আজি দেশৰ পৰিস্থিতিত বিধ্বস্তপ্রায়৷ পূবৰ মানচেষ্টাৰ হিচাপে খ্যাত বস্ত্রনগৰী শুৱালকুছিৰ পাট–মুগা বস্ত্রই বিশ্বত এক অভূতপূর্ব স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ আমেৰিকা, জাপান, ছিগাংপুৰ, ইটালী, অষ্ট্রেলিয়া, লণ্ডন,বাংলাদেশ, জার্মান আৰু চীনকে ধৰি পৃথিৱীৰ বিভিন্ন দেশলৈ ৰপ্তানি হৈ থকা পাট–মুগাৰ কাপোৰ আজি শুৱালকুছিতে মূল্যহীন হৈ পৰিছে৷ ক’ৰোনা ভাইৰাছৰ বাবে বিশ্বত সকলো যাতায়াত ব্যৱস্থা ব্যাহত হোৱাত বিশ্বৰ কোনো এখন দেশলৈ অর্ডাৰ অনুযায়ী উৎপাদিত হৈ থকা পাট–মুগাৰ কাপোৰ যোগান ধৰিব নোৱাৰাত উৎপাদিত কাপোৰসমূহ উৎপাদকসকলৰ গৃহতে জমা হৈ আছে৷ ফলত মহাবিমোৰত পৰিছে উৎপাদকসকল৷ লকডাউনৰ ফলত স্তব্ধ হৈ পৰিছে শুৱালকুছিৰ বস্ত্রশিল্প৷ কেঁচামালৰ ভয়াৱহ সমস্যা আৰু উৎপাদিত কাপোৰ বিক্রী কৰিব নোৱাৰাৰ বাবেই ইয়াৰ শিপিনীসকলৰ লগতে ক্ষুদ্র ব্যৱসায়ীসকল এক বৃহৎ প্রত্যাহ্বানৰ সন্মুখীন হ’ব লগাত পৰিছে৷ এনে এক জটিল সন্ধিক্ষণত ঐতিহ্যমণ্ডিত অসমীয়াৰ স্বাভিমান শুৱালকুছিৰ পাট–মুগা বস্ত্রশিল্পক উদ্ধাৰ কৰাৰ বাবে স্থানীয় বিধায়ক তথা অসমৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অনুৰোধ জনাইছে শুৱালকুছিৰ অন্যতম শিপিনী সংগঠন শুৱালকুছি তাঁতশিল্পী সন্থাই৷

বৃহস্পতিবাৰে শিপিনী সংগঠনটোৰ সভাপতি সর্বানন্দ কলিতা আৰু সম্পাদক ভৃগুৰাম দাসে কাকতৰ জৰিয়তে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ প্রেৰণ কৰা এখন মুকলি চিঠিত উল্লেখ কৰে যে শুৱালকুছি এখন শিল্পপ্রধান গাঁও৷ ইয়াৰ প্রায় ৯০ শতাংশ লোক প্রত্যক্ষ আৰু পৰোক্ষভাৱে শিল্পৰ লগত জডিত৷ শিল্প অবিহনে শুৱালকুছিৰ মানুহ জীয়াই থকাটো অসম্ভৱ৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে সমগ্র দেশতে চলি থকা লকডাউনৰ বাবে দেশত অর্থনৈতিক অৱস্থা অস্থিৰ হৈ পৰিছে৷ শুৱালকুছিতো ইয়াৰ প্রভাৱ সম্পূর্ণকৈ পৰাত ইয়াৰ শিপিনীসকলৰ লগতে ক্ষুদ্র মালিকসকলৰ জীৱনলৈ নামি আহিছে কালধুমুহা৷ সমগ্র দেশতে বর্তমান সময়ত ব্যৱসায়িক লেনদেন বন্ধ হৈ পৰাত দুই–চাৰিখন তাঁতশাল থকা শিপিনী আৰু ক্ষুদ্র মালিকসকলৰ অৱস্থা ক্রমশঃ শোচনীয় হৈ পৰিছে৷ দেশত এই অৱস্থা কমেও ছমাহকাল ক্রিয়াশীল হৈ থাকিব৷ গতিকে এই সময়খিনিত শিপিনীসকলক সহায় কৰিবলৈ স্থানীয় বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ একান্ত প্রয়োজন হৈ পৰিছে ৷ তেওঁ শুৱালকুছি অঞ্চলৰ এগৰাকী জনপ্রতিনিধি হিচাপে শিপিনীসকলৰ কাষত থিয় দি কি উপায়েৰে এই গভীৰ সংকটৰ সময়ত শিল্পটোক জীয়াই ৰাখিব পাৰি তাৰ এক পর্যালোচনা কৰি এক বাস্তৱসন্মত ব্যৱস্থা কৰিবলৈ তাঁতশিল্পী সন্থাই আহ্বান জনাইছে৷ আনহাতে প্রয়োজনীয় কেঁচামালত ৫০ শতাংশ ৰেহাইৰ ব্যৱস্থা কৰাৰ লগতে তাঁতশালত প্রয়োজনীয় আন আন সামগ্রীসমূহতো কিছু পৰিমাণ ৰেহাইৰ ব্যৱস্থা কৰা, অসম চৰকাৰৰ বিভাগীয় মন্ত্রীৰ লগত এক আলোচনাত মিলিত হৈ শুৱালকুছিৰ বস্ত্রশিল্পক উদ্ধাৰৰ বাবে তাৎক্ষণিক এক বাস্তৱসন্মত ব্যৱস্থা গ্রহণ কৰিবলৈ শুৱালকুছি তাঁতশিল্পী সন্থাই মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক মুকলি চিঠিৰ জৰিয়তে আহ্বান জনাইছে আৰু মন্ত্রী ড০ শর্মাৰ হস্তক্ষেপত শুৱালকুছিৰ তাঁতশিল্পই এক গতি পাব বুলি গভীৰ আশা প্রকাশ কৰিছে৷

You might also like