নিয়মীয়া বাৰ্তা, ১১ মে : কাইলৈ বকোৰ বন্দাপাৰাত অনুষ্ঠিত হ’বলগীয়া দক্ষিণ কামৰূপৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ জাতীয় সংগঠনৰ বকো আঞ্চলিক বড়ো জাতীয় পৰিষদ, বকো আঞ্চলিক বাথৌ মহাসভা, লুকি-বেকেলী মৌজা বড়ো জাতীয় পৰিষদ, লুকি-বেকেলী প্ৰাথমিক বড়ো সাহিত্য সভাৰ মুকলি সভাত কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ প্ৰধান সম্পাদক নীলকান্ত গয়াৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, জাতীয় সমস্যা বাদেই, নিজৰ সংগঠনৰ জিলা সমিতিয়ে ৰাজনৈতিক যি সিদ্ধান্ত লৈ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিলে, এইক্ষেত্ৰত মুখ্য অতিথি কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ সম্পাদক নীলকান্ত গয়াৰীয়ে মুকলি সভাত কি বক্তব্য ৰাখে বা কি ব্যৱস্থা গ্ৰহণ কৰে, তাৰ ওপৰত নিৰ্ভৰ কৰিছে নৱগঠিত কামৰূপ জিলা বড়ো সাহিত্য সভাৰ ভৱিষ্যত। বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিত কোনো সিদ্ধান্ত নোহোৱা সত্ত্বেও নৱগঠিত কামৰূপ জিলা বড়ো সাহিত্য সভাই সম্পন্ন হৈ যোৱা লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত প্ৰস্তাৱ গ্ৰহণ কৰি সংবাদ মেলত সদম্ভে ঘোষণা কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হৈছে। উল্লেখযোগ্য যে বিগত লোকসভা নিৰ্বাচনত দক্ষিণ কামৰূপ বড়ো জাতীয় পৰিষদৰ নেতৃত্বত সাটোতাকৈ জাতীয় সংগঠনে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ গ্ৰহণ কৰি বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত সংবাদ মেল আয়োজন কৰিছিল। উক্ত সিদ্ধান্ত গ্ৰহণৰ বাবে কোনো জাতীয় অভিৱৰ্তন বা সভা-সমিতি অনুষ্ঠিত হোৱা নাছিল। সেয়ে ইতিমধ্যে ছয়গাঁও আঞ্চলিক বড়ো জাতীয় পৰিষদে সংবাদ মেলযোগে প্ৰতিবাদ কৰি জিলা সমিতিক ধিক্কাৰ দিছিল। দক্ষিণ কামৰূপ বড়ো জাতীয় সংগঠনৰ এই অৰাজকতাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যকৰী সদস্য স্বাধীন বড়োই কয় যে দক্ষিণ কামৰূপৰ বড়ো জাতীয় সংগঠনসমূহক কেইগৰাকীমান ব্যক্তিয়ে একাধিক পদ নিজৰ হাতত ৰাখি ঘৰুৱা সম্পত্তি হিচাপে ব্যৱহাৰ কৰিছে। উদাহৰণস্বৰূপে জিলা বড়ো জাতীয় পৰিষদৰ সভাপতি নগৰমল স্বৰ্গীয়াৰীয়ে আঞ্চলিক পৰিষদৰ উপ-সভাপতি, আঞ্চলিক বড়ো জাতীয় পৰিষদৰ সভাপতি, জিলা বাথৌ সমিতিৰ সভাপতি। তদ্ৰূপ নিৰণ খাকলাৰী আঞ্চলিক বড়ো জাতীয় পৰিষদ আৰু জিলা জাতীয় পৰিষদ উভয়ৰে প্ৰধান সম্পাদক। এনে কাৰ্য্যৰ বাবে সংগঠনত স্বৈৰাচাৰ বাঢ়িছে বুলি স্বাধীন বড়োই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। মুকলি সভাত মুখ্য অতিথি নীলকান্ত গয়াৰীৰ বক্তব্যৰ ওপৰত নিৰ্ভৰ কৰিব কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ প্ৰকৃত স্থিতি।
প্ৰেৰক প্ৰীতম বায়ন