নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত ‘ভ্রাম্যমাণ থিয়েটাৰ’ বিষয়ক মুকলি কুইজ প্রতিযোগিতা

নিয়মীয়া বাৰ্তা,  ২ ডিচেম্বৰঃ ১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালাৰ পবিত্ৰ হৰিমন্দিৰস্থিত নাট্যমন্দিৰত এক নতুন যুগৰ সূচনা কৰি আৰম্ভ হৈছিল অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ, যি ভ্ৰাম্যমাণ থিয়েটাৰে সমগ্ৰ বিশ্বৰ নাট্যজগতক চমক খুৱাবলৈ সক্ষম হৈছিল৷ অসমৰ সৰ্বোৎকৃষ্ট গণমাধ্যমত পৰিণত হোৱা ভ্ৰাম্যমাণ থিয়েটাৰে ৬১টা বছৰ অতিক্ৰম কৰাৰ পিছত আজি একেখিনি ঠাই পুনৰ জীপাল হৈ উঠিল ভ্ৰাম্যমাণ থিয়েটাৰৰ চৰ্চা৷ বজালী অগ্রণী স্বেচ্ছাসেৱী অনুষ্ঠান সৃষ্টি, পাঠশালাৰ উদ্যোগত অসমৰ গৌৰৱ ভ্রাম্যমাণ থিয়েটাৰৰ জন্মস্থান পাঠশালা হৰিমন্দিৰ প্রাঙ্গণৰ নাট্যমন্দিৰ প্রেক্ষাগৃহত কুইজৰ মাধ্যমেৰে ভ্রাম্যমাণ থিয়েটাৰৰ বিষয়ে তথ্য ভিত্তিক চর্চা কৰাৰ মানসেৰে নাট্যনগৰী পাঠশালাত আজি প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত ভ্রাম্যমাণ থিয়েটাৰ বিষয়ৰ এখনি মুকলি কুইজ প্রতিযোগিতাৰ লগতে দশম শ্রেণী পর্যন্ত সাধাৰণ বিষয়ৰ লিখিত কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হয়৷ অসমৰ জনপ্ৰিয় কুইজ পৰিচালক দীপাংকৰ কৌশিকে পৰিচালনা কৰা এই কুইজ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰি একেখিনি ঠাইতে আজিৰ পৰা প্ৰায় ছয় দশক পূৰ্বে আৰম্ভ হোৱা ভ্ৰাম্যমাণ থিয়েটাৰৰ নিজৰ অতীত অভিজ্ঞতাৰ স্মৃতিচাৰণ কৰি নটৰাজ থিয়েটাৰেৰে সুচনা কৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসক একপ্ৰকাৰ সজীৱ কৰি তোলে বিশিষ্ট নাট্যযোদ্ধা কৃষ্ণ ৰয়ে৷ উৎপল মেধিয়ে আঁত ধৰা এই অনুষ্ঠানটো উদ্বোধন কৰি কুইজৰ মাধ্যমেৰে এনেদৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ চৰ্চা কৰা বিষয়টোত আপ্লুত হোৱাৰ কথা ব্যক্ত কৰে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ত্ৰিশটাকৈ দলে অংশগ্ৰহণ কৰা আজিৰ মুকলি কুইজ প্রতিযোগিতাত তীব্ৰ প্ৰতিদন্দিতা আগবঢ়াই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় বকোৰ প্ৰতিৰূপ বায়ন আৰু নগাওঁৰ দুল হাজৰিকাই৷ দ্বিতীয় নলবাৰীৰ দীপক শৰ্মা আৰু সৌৰভ তালুকদাৰ, তৃতীয় নলবাৰীৰ গিৰীশ বৰ্মন আৰু ৰুবুল কলিতা, চতুৰ্থ নগাওঁৰ হেমন্ত গগৈ আৰু গুৱাহাটীৰ মৃদুলৰাম কলিতা, পঞ্চম গুৱাহাটীৰ দিলীপ কুমাৰ শৰ্মা আৰু পংকজ শৰ্মা, ষষ্ঠ নলবাৰীৰ সোণমণি দাস আৰু নগাওঁৰ বিশ্বজ্যোতি বৰাই৷ প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ ৫০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৪০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৩০০০ টকাৰ লগতে প্ৰতীকপট আৰু প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে চূড়ান্ত পর্যায়লৈ উন্নীত আন তিনিটা দলক ১০০০ টকাকৈ পুৰস্কাৰ প্ৰদান কৰা হয়৷ আনহাতে সর্বাধিক উত্তৰ দিয়া দুগৰাকী দৰ্শক ক্ৰমে নলবাৰীৰ দেৱজিৎ কলিতা আৰু গুৱাহাটীৰ মালিনী গোস্বামীকো বিশেষভাৱে পুৰস্কৃত কৰা হয়৷ ইয়াৰ পূৰ্বে অনুষ্ঠিত প্ৰায় ২৫ টা দলে অংশগ্ৰহণ কৰা লিখিত স্কুল কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে লিটিল ফ্লাৱাৰ স্কুল নলবাৰীৰ ধৃতিৰাজ শৰ্মা আৰু শংকৰদেৱ শিশু নিকেতন টিহুৰ হিমাংশু ডেকাই৷ দ্বিতীয় বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন, সৰ্থেবাৰীৰ হীৰকজ্যোতি তামুলী আৰু সৰুক্ষেত্ৰী জাতীয় বিদ্যালয়, কামাৰপাৰাৰ ভাৰ্গিচ বৰ্মন, তৃতীয় অসম জাতীয় বিদ্যালয়, গুৱাহাটীৰ দোকমোকালি গোস্বামী আৰু ধান্যতা তামুলী, চতুৰ্থ হাঠিনাপুৰ বিদ্যামন্দিৰৰ পূজা তালুকদাৰ আৰু ৰাকেশ কলিতা, পঞ্চম কৃষ্ণকান্ত সন্দিকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৃষ্টি শ্ৰেয়ম বৈশ্য আৰু বৃষ্টি তালুকদাৰ, ষষ্ঠ আনন্দৰাম বৰুৱা একাডেমিৰ মন অনুৰাগ ভাৰ্গব আৰু কৃতাৰ্থ কাকতি৷ লিখিত স্কুল কুইজ প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ ৭০০ টকা, দ্বিতীয় পুৰস্কাৰ ৬০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৫০০ টকাৰ লগতে প্ৰমানপত্ৰ প্ৰদান কৰাৰ লগতে আন তিনিটা দলকো কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হয়৷ বিজয়ীসকলৰ বঁটাসমূহ প্ৰদান কৰে ক্ৰমে কুইজ পৰিচালক দিপাংকৰ কৌশিক, সৃষ্টি, পাঠশালাৰ সভাপতি গৌতম তালুকদাৰ আৰু বজালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হেম চন্দ্ৰ হালৈয়ে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like