বিশেষ বাৰ্তা, ২৫ অক্টোবৰঃ সমাগত লোকসভা নিৰ্বাচনক লৈ বিৰোধীৰ তৎপৰতা আৰম্ভ হৈছে। সেই হেতু কাইলৈ গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ বৈঠক অনুষ্ঠিত হব। এই বৈঠকত অংশ ল’ব কংগ্ৰেছসহ ১২ বিৰোধী দলে। কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হব বিৰোধীৰ দলৰ এই বৈঠকখন। বৈঠকত ১২টা দলৰে প্ৰথম আনুষ্ঠানিকভাৱে লোকসভা নিৰ্বাচনৰ আসন ভাগ বাটোৱাৰাক লৈ আলোচনা হব বুলি চৰ্চা চলিছে। এই বৈঠকতে কোন দললৈ কিমান আসন দিব? কোনে ক’ত ক’ত খেলিব নিৰ্বাচন? বিষয়ত পূৰ্ণ আলোচনা হব বুলি প্ৰকাশ পাইছে। বৈঠকত আটাইকেইটা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকিব। মহানগৰীৰ হোটেল লিলিত দিনৰ দুই বজাত অনুষ্ঠিত হব এই বৈঠকখন। ইফালে বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে আজি অখিল গগৈয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, কাইলৈৰ দিনটো অসমৰ বিৰোধী ঐক্য মঞ্চৰ বাবে হ’ব গুৰুত্বপূৰ্ণ দিন। বিজেপিক যিকোনো প্ৰকাৰে ৰুধিবলৈ কাইলৈ বিৰোধীয়ে কৰিব ৰণকৌশল প্ৰস্তুত। ২০২৪ৰ নিৰ্বাচনত আমি মাত্ৰ এখন আসন বিচাৰিছে ৰাইজৰ দলে। ২০২১ত কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰিছিল। কংগ্ৰেছৰ ওপৰত এতিয়াও শংকা আছে, ভয় আছে বিৰোধী ঐক্যৰ। এবাৰ সাপে খুটিলে, ঘুৰিবাৰ লেজুলৈও ভয় বুলিও কয় তেওঁ। তেওঁ লগতে কয় যে কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। যোৰহাটত কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী নাই। সেয়ে যোৰহাটৰ আসনখন ৰাইজৰ দলে বিচাৰিছে। যোৰহাটৰ পৰা ৰাইজৰ দল জয়ী হবই। এখনো আসন নিবিচাৰিলে আমাৰ মিত্ৰতাৰ ওপৰত ৰাইজে প্ৰশ্ন উঠাব। মই খেলিম নে নেখেলো এতিয়াও নিশ্চিত নহয়। কংগ্ৰেছ আগতকৈ বহু শক্তিশালী হৈছে। কংগ্ৰেছে বিগ ব্ৰাডাৰ বুলি ভাবি অকলে খেলিম বুলি ভাবিলে সকলোৰে অসুবিধা হ’ব। আমি প্ৰাৰ্থী ঘোষণা কৰিলে খেলিবই লাগিব। এনেকুৱা হলে আমাৰ মাজত অলপ খেলিমেলি লাগিব। আমি ঐক্যবদ্ধভাবে বিজেপিক পৰাভূত কৰিবলৈ এইবাৰ ২০২৪ৰ নিৰ্বাচনত একেলগে খেলিম।
#নিয়মীয়া বাৰ্তা ডিজিটেল ডেস্ক