অসমত বিৰোধী ঐক্যজোঁট প্ৰথমৰ পৰাই গণ্ডোগোলীয়া : ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ “সমাগত লোকসভা নিৰ্বাচনৰ বাবে অসমত মুঠ আসন হৈছে ১৪ খন৷ আনহাতে বিৰোধী ঐক্যজোঁটত লগ লাগিছে ১৬ টা দল৷ গতিকে অসমত বিৰোধী ঐক্যজোঁটত প্ৰথম দিনাৰ পৰাই গন্দোগোল লাগি আছে৷ আৰু থাকিবই৷ কাৰণ এনেকুৱা অৱস্থাত কোনে কাক কেইখন আসন এৰি দিব সেয়া হৈছে এক ডাঙৰ বিষয়৷ এনে এক প্ৰেক্ষাপটত তেওলোকে কেনেকৈ মিলা মিচা কৰিব তাত আমাৰ সন্দেহ আছে৷ ” এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি পাঠশালাত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে বিৰোধী ঐক্যজোঁট সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত উক্ত মন্তব্য কৰি বিৰোধীক ঐক্যজোঁটক আক্ৰমণ কৰে৷ উল্লেখ্য যে আজি পাঠশালাৰ চৌখুটীত ‘বিকাশ যাত্রা’ৰ অধীনত বজালী জিলাত মুঠ ১৪৮ কোটি টকাৰ বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ পিছতে সাংবাদিকেৰে হোৱা বাৰ্তালাপত সমাগত লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে ৰাজ্য চৰকাৰে বহাগ বিহুৰ আগতে অসমৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ অনুৰোধ জনাইছে৷ এতিয়া এই বিষয়ে আয়োগে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব বুলি তেওঁ ব্যক্ত কৰে ৷ আনহাতে বজালী জিলাৰ পৰিসৰ পুনৰ বৃদ্ধি কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিষয়টো সন্দৰ্ভত বিবেচনা কৰি থকা হৈছে৷ কেবিনেট ছাব-কমিটিয়ে এইবিষয়ে নিৰক্ষণ কৰি আছে আৰু পৰৱৰ্তী সময়ত কেবিনেট বৈঠকত বজালী জিলাৰ পৰিসৰ বৃদ্ধিৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি ড৹ শৰ্মাই কয় যে ভৱানীপুৰ সমষ্টিৰ কিছু গাওঁ বজালী জিলাত অন্তভুৰ্ক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু সকলো পক্ষৰ লগত আলোচনা কৰি লোকসভা নিৰ্বাচনৰ পিছতে এই বিষয়ে আলোচনা কৰিম বুলি জানিবলৈ দিয়ে৷ ইপিনে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে বাল্যবিবাহ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা প্ৰমাণ বিচৰাক সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আমাৰ হাতত বাল্য বিবাহৰ প্ৰায় ১০ হেজাৰ কেছ ৰুজু হৈ আছে৷ বদৰুদ্দিন আজমলে যেতিয়া চৰ অঞ্চলত মিটিং কৰিবলৈ যায় তেতিয়া তেওঁ ওচৰৰ ঘৰ বিলাকত সুধিলে গম পাব সেই অঞ্চলসমূহত কেনেদৰে এতিয়াও বাল্য বিবাহ চলি আছে৷ আমৰ হাতত এই বিষয়ে যিমান গোচৰ ৰুজু হৈ আছে সেই সকলোবোৰ একত্ৰিত কৰিলে এখন ডাঙৰ কিতাপ হৈ পৰিব৷” ড৹ শৰ্মাই কয় যে এনে এক প্ৰেক্ষাপটতে আজমলক এই ক্ষেত্ৰত প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজন নাই৷ কাৰণ প্ৰমাণ বিচাৰিলে আজমলে মিটিং কৰা অঞ্চলত নিজেই প্ৰত্যক্ষ কৰিব পাৰিব৷ দেশৰ উন্নয়ত সৰ্বাধিক গুৰুত্ব দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সৌৰশক্তি ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰি মূখ্যমন্ত্ৰীগৰাকী কয় যে সৌৰশক্তিৰ দ্বাৰা বিদ্যুত উৎপাদনৰ বাবে বেঙ্কৰ পৰা সাধাৰণ ৰাইজক ঋণ প্ৰদান কৰা হব আৰু প্ৰতিঘৰ মানুহে যাতে নিজাকৈ বিদ্যুত উৎপাদন কৰি ৰাহি হোৱা তিনি শ ইউনিট পৰ্যন্ত বিদ্যুৎ চৰকাৰৰ ওচৰত বিক্ৰী কৰিব তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব বুলিও উল্লেখ কৰে৷
প্ৰেৰকঃ কল্যাণ কলিতা