নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰ্কিড’ৰ সুবাসেৰে প্ৰাণ পায় উঠিছে ডাঙৰীৰ “সেউজ কুটিৰ”ৰ

  • বিভিন্ন প্ৰজাতিৰ অৰ্কিড সংৰক্ষণেৰে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন ডাঙৰীৰ ধ্ৰুৱজ্যোতি শইকীয়াৰ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিল: কুলিৰ মাতত ধৰাৰ বুকুলৈ বসন্তৰ আগমনৰ সম্ভেদ পাই প্ৰকৃতিৰ গছ বন সমূহত ন-কুহিঁপাতে সেউজী হৈ পৰাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাৰ ডাঙৰীৰ “সেউজ কুটীৰ”ৰেও যেন প্ৰাণ চঞ্চলা হৈ উঠিছে। বাপোতিসাহোন ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যৰ ডেকা গাভৰুৱে গাঁৱৰ চুকেকোণে ঢুল পেপা গগনা’ৰ মাতে ৰজঞ্জনাই থকাৰ সময়তে এই ৰঙালীত নাচনীৰ খোপা শুৱনি কৰিবলৈ ডাঙৰীৰ সেউজ কুটীৰ’ৰ গছৰ দালত দাল ভৰি ভৰি যেন উলমি ৰৈছে বিভিন্ন প্ৰজাতিৰ কপৌফুল।

“সেউজ কুটীৰ”- তিনিচুকীয়া জিলাৰ বৃহত্তৰ ডাঙৰী অঞ্চলৰ চিৰিং গাঁৱৰ যুৱক তথা শিক্ষক তথা কবি ধ্ৰুৱজ্যোতি শইকীয়াৰ নিজা বাসভৱনতে বিভিন্ন প্ৰজাতিৰ অৰ্কিড’ৰ লগতে বিভিন্ন প্ৰকাৰৰ আপুৰুগীয়া গছ বন তথা প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ এখন উদ্যান। শিক্ষতাৰ লগতে প্ৰকৃতি সংৰক্ষণক যেন জীৱনৰ ব্ৰত হিচাপে দীৰ্ঘদিন ধৰি পালন কৰি আহিছে ধ্ৰুৱজ্যোতি শইকীয়াই। সচৰাচৰত উপলব্ধ ভিন্ন প্ৰজাতিৰ ফুল’ৰ লগতে অৰ্কিড প্ৰজাতিৰ শালিকী ঠুৰিয়া কপৌ, জোনাকী কপৌ, হাইঠাবুলীয়া কপৌ, কণ কপৌ, লিহিৰি কপৌ, মতা কপৌ, লাহতি কপৌ, মাটি কপৌ ইত্যাদি ইত্যাদিৰ লগতে সম্প্ৰতিক সময়ত প্ৰায় লুপ্ত হবলৈ ধৰা “কেতেকী ফুল”, “মাধৈমালতী” মিৰিকা টেঙা ইত্যাদি ইত্যাদি গছ অতি সজতনে এই সেউজ কুটীৰ’তে সংৰক্ষণ কৰি ৰাখিছে ধ্ৰুৱজ্যোতি শইকীয়াই।

উল্লেখ্য যে, প্ৰায় লুপ্তৰ দিশে গতি কৰা কেতেকী ফুল সমাজৰ একাংশ লোকে অন্ধবিশ্বাসত ব্ৰতি হৈ  সাধাৰণতে ঘৰৰ চৌহদত নুৰুৱে। তৎস্বত্বেও এই অন্ধবিশ্বাসক নেওচা দি চিৰিং গাঁৱৰ ধ্ৰুৱজ্যোতিয়ে নিজা বাসভৱনৰ চৌহদতে কেইবাজোপাও কেতেকী ফুল ৰূপন কৰি সংৰক্ষণ কৰি ৰাখিছে এই ফুল বিধক।ইয়াৰ উপৰিও প্ৰকৃতিৰ চৰাই চিৰিকটিৰ প্ৰতিও যেন অগাধ প্ৰেম আছে ধ্ৰুৱজ্যোতি শইকীয়াৰ। সেউজ কুটীৰত নিজ হাতেৰে ৰূপন কৰা বিভিন্ন গছত মাটিৰ টেকেলী উলাই চৰাইৰ বাবে আশ্ৰয়স্থল নিৰ্মাণ কৰি প্ৰকৃতি প্ৰেমৰ অন্য এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ধ্ৰুৱজ্যোতি শইকীয়াই।

জানিব পৰা মতে গছত এক বিশেষ কায়দাৰে বান্ধি ৰখা এই টেকেলীবোৰতে “দহিকতৰা” চৰাইয়ে বাস সাজি আশ্ৰয় গ্ৰহণ কৰে। প্ৰকৃতি সংৰক্ষণৰ অংশ স্বৰূপে সেউজ কুটীৰ’ৰ দেৱালত সম্প্ৰতি হেৰাই যাব বিচৰা অন্য এবিধ প্ৰাণী “ফেঁচা” ৰ চেত্ৰ অংকন কৰি লিখি ৰাখিছে “আমি অমংগলীয়া নহয়, আমাক জীয়াই থাকিবলৈ দিয়ক” ইত্যাদি ইত্যাদিৰ দৰে সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাৰ উক্তি। সাহিত্যৰ জগতত কবি হিচাপেও এক সুকীয়া পৰিচয় থকা ধ্ৰুৱজ্যোতি শইকীয়াই বিভিন্ন কাকত আলোচনীত নিয়মীয়াকৈ স্বৰচিত কবিতা লেখামেলা অব্যাহত ৰখাৰ সমান্তৰালভাৱেকৈ স্বাৰুকলাৰ চৰ্চাও চলাই নিছে ধ্ৰুৱজ্যোতি শইকীয়াই। বিভিন্ন মনোমোহা চিত্ৰাৰ লগতে যিকোনো ব্যক্তিৰে চিত্ৰ হুবহু অংকন কৰিব কৰা শুণৰ অধিকাৰী ধ্ৰুৱজ্যোতি শইকীয়া। “সোণালী ফিছাৰ ঢৌ” হৈছে ধ্ৰুৱজ্যোতি শইকীয়াৰ স্বৰচিত এখন অন্যতম কবিতা পুথি। প্ৰচাৰ বিমুখ প্ৰকৃতি প্ৰেমিক তথা শিল্পী গৰাকীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা সেউজ কুটীৰ’ৰ এই ৰঙালীৰ প্ৰাকক্ষণত তথা বসন্তত ফুলে ফলে জাতিষ্কাৰ পৰিবেশে এতিয়া বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে বৃহত্তৰ ডাঙৰী অঞ্চলত।

ঋতুপৰ্ণ সোনোৱাল

You might also like