নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত ৰে’লপথৰ ওপৰেৰে বাগৰিল নামচেচু নৈৰ পানী

বিশেষ বাৰ্তা, ৬ জুলাইঃ প্ৰৱল বৰষুণৰ ফলত লাহিং নামচেচু নৈত হোৱা বাঢ়নী পানীৰ বাবে মৰিয়নি-তিনিচুকীয়া ৰে’লপথেৰে কেবাঘন্টা জুৰি ৰে’লসেৱা ব্যাহত হৈ পৰে। নামচেচু নৈৰ ওপৰত থকা ৰে’লৱে বিভাগৰ ৪৪৬নং দলংখনেদি যোৱানিশাৰে পৰা সকলো ধৰণৰ ৰে’লৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ফলত উজনি- নামনি ৰে’লসেৱা কেবাঘন্টাজুৰি ব্যাহত হয়। জানিব পৰা মতে, যোৱা নিশা নগা পাহাৰত হোৱা প্ৰৱল বৰষুণৰ ফলত পাহাৰৰ পৰা বৈ অহা অন্যান্য নৈ সমূহৰ লগতে নামচেচু নৈতো জলস্তৰ বৃদ্ধি পায়। নৈখনৰ বাঢ়নী পানীয়ে ৰে’লৱে দলঙৰ বিপদসীমা অতিক্ৰম কৰাত ৰে’ল বিভাগে তাৎক্ষণিকভাৱে উৰ্দ্ধতন কৰ্তৃপক্ষক অৱগত কৰে। পিছত ৰে’ল বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে উক্ত ৰে’লপথেৰে চলাচল কৰা সকলো ৰে’লৰ চলাচল বন্ধ কৰি দিয়া হয়। স্থানীয় লোকৰ মতে ৰে’লপথৰ ওপৰেদি পানী বাগৰি যোৱাত ৰে’লৰ চলাচল বন্ধ কৰি দিয়া হয়। নিশা প্ৰায় ১২ মান বজাৰ পৰা উক্ত পথেৰে ৰে’লৰ চলাচল বন্ধ কৰ । ফলত মৰিয়নিকে ধৰি তিতাবৰ, ফৰকাটিং, আমগুৰি, নকছাৰি আদি স্থানত কেবাখনো ৰে’ল আৱদ্ধ হৈ পৰে। ইয়াৰে ভিতৰত মৰিয়নি ৰে’ল ষ্টেচনত ২০৫০৪নং উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ, ১৫৬৬৯নং উজনিমুৱা নাগালেণ্ড এক্সপ্ৰেছ, ০৫৯১৭নং উজনিমুৱা যোৰহাট-তিনিচুকীয়া যাত্ৰীবাহী ৰে’লৰ লগতে এখন মালবাহী ৰে’ল আৱদ্ধ হৈ পৰে। আনহাতে, তিতাবৰত ১৫৬০৩নং উজনিমুৱা গুৱাহাটী-লিডু ইন্টাৰচিটি এক্সপ্ৰেছ, ফৰকাটিঙত ০৭০৪৬নং উজনিমুৱা ছেকেন্দ্ৰাবাদ-ডিব্ৰুগড় এক্সপ্ৰেছ, নকছাৰিত ১২৪২৪নং উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰে’লকেইখনো আৱদ্ধ হৈ পৰে। একেদৰে আমগুৰিতো একাধিক ৰে’ল ৰখাই দিয়া হয়। ইফালে, ঘটনাস্থলীত মৰিয়নিৰ ৰে’ল বিভাগৰ বিভিন্ন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি পৰ্য্যবেক্ষন কৰাৰ লগতে ক্ষীপ্ৰতাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰে। একেদৰে পুৱা পানী কমিবলৈ ধৰাত প্ৰায় ৮ বজাৰ পৰা পুনৰ ৰে’লৰ চলাচল আৰম্ভ কৰা হয় আৰু এখন এখনকৈ ৰে’লসমূহ গন্তব্যস্থানলৈ ৰাওনা হয়। উল্লেখযোগ্য যে নামচেচু নৈৰ পানীয়ে এইদৰে ৰে’লপথ পাৰ হোৱাতো নতুন কথা নহয়। ইয়াৰ পূৰ্বেও এইদৰে ৰে’লপথ অতিক্ৰম কৰিছে বাঢ়নী পানীয়ে। স্থানীয় লোকৰ অভিযোগ মতে, ৰে’ল বিভাগৰ গাফিলতিৰ বাবেই এইয়া হ’বলৈ পাইছে। আনহাতে, নৈখন দলখনৰ সমীপত যথেষ্ট বাম হৈ পৰাৰ লগতে দলং পাৰ হোৱাৰ পিছতেই নৈখন যথেষ্ট ঠেক হৈ পৰিছে । যাৰ ফলত বাঢ়নী পানী দলং পাৰ হৈ যোৱাত বাধা আহি পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত দলঙৰ সমীপত ৰে’লপথ অতিক্ৰম কৰিছে নৈখনৰ বাঢ়নী পানীয়ে। আনহাতে, নৈখনৰ বাঢ়নী পানী ওলাই যাবলৈ ৰে’লপথৰ দাঁ‌তিয়েদি এটা ‘লোঙা’ আছিল যদিও দীৰ্ঘদিন ধৰি ৰে’ল বিভাগে সেইটো পৰিষ্কাৰ নকৰাৰ ফলত জাবৰ জোথৰে পোত গৈ পানী যাব নোৱাৰা হৈছে। কিন্তু তাৰ পৰিৱৰ্তে সম্প্ৰতি ৰে’ল বিভাগে নামচেচু নৈৰ বাঢ়নী পানী ওলাই যাবলৈ নৈখনৰ অন্যদিশে খান্দি দিয়াত অঞ্চলটোৰ একাংশ লোকৰ খেতিপথাৰত পানী সোমাই খেতি নষ্ট কৰিছে। ইয়াৰ পূৰ্বেও এনে অনুৰূপ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ ৰাইজে এইক্ষেত্ৰত স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰে’ল বিভাগৰ প্ৰতি আহ্বান জনাইছে। সম্প্ৰতি নিৰ্দ্ধাৰিত গতি বেগত উক্ত দলঙৰ ওপৰেদি ৰে’লৰ চলাচল অব্যাহত আছে বুলি ৰে’ল বিভাগৰ সূত্ৰই জানিবলৈ দিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like