নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিত্যানন্দৰ অক্সফোৰ্ড ইংলিছ স্কুলত সততাৰ বিপণী মুকলি

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ “আজিৰ সমাজত সততা শব্দটোহে সুলভ, কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত ই যেন বৰ দুৰ্লভ হৈ পৰিছে৷ যাৰ পৰিণতিত অসামাজিক কাৰ্যকলাপে আমাৰ সমাজখনক আগুৰি ধৰিছে৷ এসময়ত শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীক নীতি শিক্ষা বা চৰিত্ৰবোধৰ পাঠ পঢ়োৱা হৈছিল৷ যি পাঠ্যক্ৰমে কিছু পৰিমাণে হ’লেও শিক্ষাৰ্থীসকলক নীতি শিক্ষাৰ বোধ কৰাইছিল৷ কিন্তু আজিৰ শিক্ষা পদ্ধতিত এইবোৰ নোহোৱা হৈ পৰাৰ লগতে সমাজ ব্যৱস্থাতো দুৰ্নীতিয়ে বেয়াকৈ গা কৰি উঠাত আজিৰ প্ৰজন্মৰ মাজত সততা বা মূল্যবোধ বহুক্ষেত্ৰত কেবল একো একোটা শব্দ হৈ পৰিছে৷ কিন্তু পৃথিৱীত যদিহে সত্যতকৈও সুন্দৰ কিবা আছে সেয়া হৈছে সততা৷” এই মন্তব্য সাংবাদিক তথা প্ৰবক্তা কল্যাণ কলিতাৰ৷ আজি বজালীৰ নিত্যানন্দস্থিত অক্সফোৰ্ড ইংলিছ স্কুলৰ ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত এখন “সততাৰ বিপনী” উদ্বোধন কৰি কলিতাই কয় যে বজলীৰ অক্সফোৰ্ড ইংলিছ স্কুলখনেই হয়তো অসমৰ প্ৰথমখন শিক্ষানুষ্ঠান য’ত সততাৰ বিপনী মুকলি কৰা হৈছে৷ স্কুলৰ অধ্যক্ষ আলবিচ গাড়িৰ সভাপতিত্বত আৰু ইংৰাজী বিভাগৰ শিক্ষক হোমেশ্বৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত সততাৰ বিপনীখন উদ্বোধন কৰাৰ লগতে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি আনন্দৰাম বৰুৱা একাডেমিৰ ইংৰাজী বিভাগৰ প্ৰবক্তা তথা সাংবাদিক কল্যাণ কলিতাই শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠাপক কিশোৰ তহবিলদাৰৰ এই পদক্ষেপৰ শলাগ লৈ ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানকে এই আদৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে কেৰালা আৰক্ষীৰ হাইস্কুল ভিত্তিক এক পদক্ষেপ হৈছে “শিক্ষাৰ্থী আৰক্ষী কেডেট” আৰু এই কেডেটৰে শিক্ষাৰ্থীসকলক সমাজৰ একোগৰাকী দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গঠন কৰা ছাত্ৰ আৰক্ষী কেডেটৰ এক অভিলাষী পদক্ষেপ হৈছে “সততাৰ বিপনী”৷ কেৰেলাৰ এৰ্নাকুলাম জিলাৰ ১৫খন বিদ্যালয়ত শিক্ষাৰ্থী আৰক্ষী কেডেট (SPC) প্ৰকল্পৰ অংশ হিচাপে চলিত বৰ্ষৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত মুকলি কৰা ‘সততাৰ বিপনী’সমূহে ছাত্ৰ-ছাত্ৰীসকলক বিশ্বাস, সত্য আৰু সততাৰ ওপৰত কিছু মূল্যৱান পাঠ উপহাৰ দিছে। এই বিপনীসমূহত বা তাৰ আশে পাশেও নাথাকে কোনো বিক্ৰেতা৷ বহী, কলম, পেঞ্চিল, পেঞ্চিল বক্স, ইৰেজাৰ, চাৰ্পনাৰ, চাৰ্ট পেপাৰ আদি শিক্ষার্থীৰ বাবে প্রয়োজনীয় বিভিন্ন সামগ্ৰী উপলব্ধ থকা বিপনীৰ পৰা নিজৰ প্ৰয়োজন অনুসাৰে সংগ্ৰহ কৰিব পাৰিব যদিও সামগ্ৰীৰ বাবদ দিবলগীয়া ধন গ্ৰহণ কৰিবলৈ নাই কোনো বিক্রেতা৷ বিপণীসমূহত প্ৰতিটো সামগ্ৰীৰ দাম নির্ধাৰণ কৰি সামগ্ৰীসমূহৰ লগতে ওলমাই ৰখাৰ ব্যৱস্থা কৰা হৈছে। বিক্রেতাবিহীন এই বিপণীসমূহত শিক্ষার্থীয়ে তেওঁলোকৰ সামগ্ৰী ক্ৰয় কৰি ক্ৰেতা বা গ্ৰাহকৰ বাবে নির্দিষ্ট কৰি ৰখা ধন সংগ্ৰহৰ বাকচত ধন জমা দিব লাগিব। এই সন্দৰ্ভত যোৱা ১০ নৱেম্বৰত “নিয়মীয়া বাৰ্তা” কাকতত কল্যাণ কলিতাৰ “সততাৰ বিপনী” শীৰ্ষক এটা প্ৰৱন্ধ প্ৰকাশ পাইছিল আৰু সেই প্ৰৱন্ধৰ দ্বাৰা প্ৰভাবান্বিত হৈ অক্সফোৰ্ড ইংলিছ স্কুলৰ প্ৰতিস্থাপক কিশোৰ তহবিলদাৰেও তেওঁৰ শিক্ষানুষ্ঠানত সততাৰ বিপনী মুকলি কৰাৰ সংকল্প গ্ৰহণ কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত আজি প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি কেৰেলাৰ সততাৰ বিপনীৰ অনুৰূপ ধৰণৰ বিপনী মুকলি কৰে৷ ছাত্ৰ ছাত্ৰীক সততাৰ শিক্ষা প্ৰদান কৰাৰ বাবে শিক্ষানুষ্ঠানৰ এনে ব্যৱহাৰিক পদক্ষেপৰ বাবে অভিভাৱক তথা ৰাইজে ভুয়সী প্ৰসংশা কৰে৷ আনহাতে এই বিক্ৰেতাবিহীন বিপনীখনত প্ৰথম দিনটোতে কণ কণ শিক্ষাৰ্থীসকলে ব্যাপক সহাৰি জনোৱা কাৰ্যই শিক্ষক-শিক্ষয়ত্ৰীক উৎসাহিত কৰে৷ আজি প্ৰতিষ্ঠা দিৱসত বিভিন্ন খেল ধেমালীৰ লগতে আকস্মিক বক্তৃতা, আবৃত্তি, বিষ্ণু ৰাভা গীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সঙ্গীতৰ লগতে অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like