অসমীয়াক ধ্রুপদী (ক্লাছিকেল) ভাষা হিচাপে স্বীকৃতি দিবলৈ কেন্দ্ৰক আহ্বান পৱিত্র মার্ঘেৰিটাৰ
নিয়মীয়া বাৰ্তা, ১৭ডিচেম্বৰ: অসমীয়াতে নিজৰ বক্তব্য দাঙি ধৰি নিজৰ মাতৃভাষাটোক ধ্রুপদী (ক্লাছিকেল) ভাষা হিচাপে স্বীকৃতি প্রদানৰ বাবে কালি ৰাজ্যসভাত সৰৱ হৈ পৰে সাংসদ পৱিত্র মার্ঘেৰিটা৷ সদনৰ ‘অবিলম্বিতভাৱে জনসাধাৰণৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ বিষয়’ শীতানত চৰকাৰৰ দৃষ্টি আকর্ষণ কৰি সাংসদ মার্ঘেৰিটাই কয় যে ইণ্ডো–ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তর্গত ভাষা হিচাপে বিশ্বৰ প্রায় ২.৩ কোটি লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে৷ অসমীয়াক এটা প্রাচীন ভাষা হিচাপে বর্ণনা কৰি বিজেপি সাংসদজনে কয় যে উত্তৰ–পূব ভাৰতৰ বিভিন্ন ৰাজ্যত অসমীয়া ভাষা আজিও সংযোগী ভাষা ৰূপে ব্যৱহাৰ হৈ আছে৷ প্রায় ২০০০ বছৰীয়া পৰিক্রমা অতিক্রম কৰা অসমীয়া ভাষাৰ এক নিৰৱচ্ছিন্ন ইতিহাস আছে৷ ভাষাৰ লগে লগে অসমীয়া সাহিত্যৰ নিদর্শন প্রায় অষ্টম–নৱম শতিকাৰ চর্যাপদৰ পৰাই পোৱা যায়৷ আমাৰ মাতৃভাষা শুনি নিশ্চয় অসমীয়া ভাষাক শক্তি–সৌন্দর্য অনুভৱ কৰিব পাৰিছে৷
সাংসদ মার্ঘেৰিটাৰ মতে, আটাইতকৈ উল্লেখযোগ্য বিষয়টো হ’ল চতুর্দশ শতিকাৰ আদি ভাগত সমগ্র উত্তৰ ভাৰতৰ ভিতৰতে পোনপ্রথমে বাল্মীকিৰ ৰামায়ণ অসমীয়া ভাষালৈ অনূদিত কৰিছিল মাধৱ কন্দলীয়ে৷ ভাষা আৰু সাহিত্যৰ নিৰৱচ্ছিন্ন ইতিহাসৰ প্রতি দৃষ্টি ৰাখি অসমীয়া ভাষা দেশৰ স্বীকৃত ৬টা ভাষাৰ দৰেই ধ্রুপদী ভাষা ৰূপে স্বীকৃতি পোৱাৰ যোগ্য৷ কাৰণ এই স্বীকৃতিৰ বাবে প্রয়োজনীয় সকলো লক্ষণেই অসমীয়া ভাষাৰ মাজত বিদ্যমান৷ তেওঁ কয় যে ইয়াৰ বাবে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে৷ এতিয়া কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি দিবলৈ প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ সাংসদ মার্ঘেৰিটাই আহ্বান জনায়৷ লক্ষণীয়ভাৱে সাংসদ মার্ঘেৰিটাই অসমীয়াত নিজৰ বক্তব্য দাঙি ধৰাৰ সময়ত সদনৰ অধ্যক্ষপীঠত আছিল আন এগৰাকী অসমীয়া সাংসদ ভুবনেশ্বৰ কলিতা৷