নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত অযুত সপোনৰ আশা-প্ৰত্যাশাৰে আঘোণক লৈ ব্যস্ত গ্ৰাম্য সমাজ

ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰা, ১৯ নৱেম্বৰ : ‘আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি…./আঘোণৰ পথাৰত দাৱনীৰ কাম আছে/মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি কাম আছে/আঘোণৰ পথাৰত কাম আৰু কাম৷’ চৌদিশে মাথোঁ পকা ধানৰ আমোলমোল গোন্ধ৷ প্ৰাণ চঞ্চলা পথাৰ সোণৰঙী ধানেৰে ভৰিছে। শাওন মাহৰ হাড়ভগা শ্ৰম, বোকাপানী, ৰ’দৰ উত্তাপকো নেওচি মনৰ আনন্দৰে ৰুই থৈ অহা ধাননি পথাৰখনৰ সেউজীয়াবোৰ এতিয়া সোণালী হ’ল।ব্যস্ততাৰ অন্ত নাই গ্ৰামাঞ্চলৰ কৃষকৰ। এতিয়া আঘোণ মাহ। আঘোণৰ পকা ধানে গাঁৱৰ প্ৰাণত এতিয়া উচাহৰ হিল্লোল তুলিছে। এই আঘোনৰ মাজত লুকাই আছে চহা অসমীয়াৰ শাশ্বত সপোন। আঘোনৰ আছে গাম্ভীৰ্য্য, তাৎপৰ্য্য আৰু এক বিশেষত্ব। সেয়া বুজি পায় কেৱল এজন চহা খেতিয়কেহে। ইয়াৰ মাজতে আছে এক সুকীয়া মাদকতাও। বছৰটোৰ বাৰটা মাহৰ ভিতৰত অন্যতম আঘোণৰ মাদকতা অনেক৷ কৃষকৰ সপোন, প্রকৃতিৰ বিনন্দীয়া সৌন্দৰ্য আৰু হেমন্তৰ হিমে ধুই নিকা নিকা কৰা মাহটোৱেই হ’ল আঘোণ মাহ।আঘোণ মাহতেই মানুহৰ মনবোৰ পুলকিত হয়৷ লখিমী আহি সোণালী পথাৰৰ বুকুৱে বুকুৱে সিচি থৈ যায় সোণগুটি। আঘোণক লৈ কবিয়ে লিখে কবিত৷ কৃষকৰ আশা আৰু হেঁপাহৰ আঘোণত সোণগুটিৰে উপচি পৰে বিশাল পথাৰ৷ অসমীয়াৰ পৰম্পৰা অনুসৰি এই আঘোণ মাহৰ পৰাই আৰম্ভ হয় ধান চপোৱাৰ সময়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কৃষি সৰ্বচ্চ ঢকুৱাখনাৰ পথাৰে পথাৰে দেখা গৈছে চহা কৃষকৰ ব্যস্ততা।অযুত সপোনৰ আশা প্ৰত্যাশাৰে আঘোণক লৈ ব্যস্ত গ্ৰাম্য সমাজ। পকা ধানে ভৰি পৰা পথাৰ খনত এতিয়া মাথোঁ কাম আৰু কাম।বছৰজোৰা কষ্টৰ অন্তত ভৰপূৰ পথাৰত শুনগুটি চপোৱাত ব্যস্ত দাৱনী।লিহিৰি আঙুলিৰে মুঠিমৰা কেচ্ কেচ্ কাঁচিবোৰৰ যেন চলিছে প্ৰতিযোগিতা। কোনে কিমান কাটিব পাৰে ধান।জোনভেৰীয়া কাঁচিৰ খেছ খেছ শব্দৰে ছন্দোময় পথাৰ। জাক-জাক দাৱনীয়ে পথাৰতে আনন্দতে নাচি বাগি চপাইছে সোণগুটি।আঘোণৰ পথাৰৰ সোণোৱালী ধাননি দৰা চপাই থকাৰ মাজতে কোনোৱে জুৰিছে বিহু নাম, দূৰৈৰ পৰা ভাঁহি আহিছে ঐনিতম। পুৱাৰ পৰা গধূলিলৈকে প্ৰায় মাহযোৰা কঠোৰ পৰিশ্ৰম। পিছে এই হাড়ভগা শ্রমৰ পাছতো ক্লান্ত– ভাগৰুৱা নহয় দাৱনী-কৃষকসকল। কপালত ঘাম আৰু হাতত পকা ধানৰ পাতৰ আঁচোৰ, অথচ বুকুত অপাৰ আনন্দ। হাঁহি–খিকিন্দালীৰ মাজেৰেই হাতৰ মুঠিত আলফুলে বান্ধিছে বছৰযোৰা সপোনবোৰ। আনন্দ উলাহৰ মাজেৰেই দুপৰীয়া কলপাতত নিমখ জলকীয়াৰে পথাৰৰ মাজত আলিত বহি জুতি লৈছে ৰবাব টেঙাৰ।আনহাতে কৃষকসকলৰো আহৰি নাই। কোনোজনে তমাল চাঁচিছে।কোনোজনে দাৱনীৰ সমানে সমানেই শান দিয়া কাঁচিৰে ধানৰ আগ কাটি ৬ মুঠিৰে সাঁজিছে ঠৰ। কান্ধ ভাৰ কৰি দাঙি নিছে বছৰটোৰ সাহস, পৰিয়ালটোৰ প্ৰত্যয়। ঘৰমুৱা বেলিটো মূৰতে লৈ।হেঁপাহৰ পথাৰ খনৰ আমোলমোল গোন্ধত যেন ভাগৰ হেৰাইছে কৃষকৰ।আঘোণৰ পথাৰেই যে চহা জীৱনৰ ভৱিষ্যতৰ সপোন, জীয়াই থকাৰ সম্বল। সেয়ে এতিয়া এনেদৰে হাঁহি আনন্দেৰে সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে প্ৰতিটো খেতিয়ক পৰিয়াল।

You might also like