নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ ধাননিত ধানৰ সলনি ওলাইছে পতান

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ঔডুবীত ধানৰ সলনি পতান ওলোৱাত দুখীয়া কৃষকৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। পৰিয়াল পোহপাল দিয়াৰ বাবে কপালৰ ঘাম মাটিত পেলাই কৃষকে শালি ধানৰ খেতি কৰিছিল। পথাৰত ধানৰ সীহবোৰ আশ্চৰ্যকৰভাবে পতান হৈ পৰিছে। বহু আশা আৰু কষ্টৰে বছৰৰ ভাতমুঠি যোগাৰ কৰিবলৈ অঞ্চলটোৰ দুখীয়া কৃষকে বছৰে বছৰে ধান খেতি কৰি আহিছে। ধান পকিবৰ সময় হোৱাত খেতি পথাৰত ধানৰ সলনি কেৱল পতান দেখি দুখীয়া কৃষকসকলে মূৰে-কঁপালে হাত দিবলগীয়া হৈছে অঞ্চলটোৰ কৃষকে। জানিব পৰা মতে, অঞ্চলটোৰ দুখীয়া কৃষকে অধিক উৎপাদনৰ আশাৰে চৰকাৰে যোগান ধৰা উন্নতমানৰ ধানৰ বীজৰে খেতি কৰিছিল। শালি ধানৰ খেতিডৰা গছে পাতে লহপহকৈ বাঢ়িছে যদিও ধানৰ সলনি কেৱল ওলাল পতান ওলাইছে । ঔডুবীত এনেদৰে শ শ বিঘা ধাননি পথাৰত ধানৰ সলনি পতান ওলোৱাত দুখীয়া কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে। কৃষকসকলে জনোৱা মতে, যোগীঘোপাৰ ঔডুবীত চৰকাৰী বীজ ৰোপণ কৰি শ শ বিঘা শালি খেতি কৰি কৃষক ৰাইজে ঠগ খাবলগীয়া হৈছে । এই ক্ষেত্ৰত কৃষি বিভাগে এই দুখীয়া কৃষকৰ সকলক কেনেদৰে সহায় সহযোগ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হ’ব। ইপিনে খেতি পথাৰত আজিকোপতি গ্ৰাম সেৱক তথা বিভাগীয় কৰ্মচাৰী উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে। কৃষকসকলক সহায়ৰ ক্ষেত্ৰত চৰকাৰী বিভিন্ন আঁচনি ৰূপায়ন কৰিছে। এইক্ষেত্ৰত চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ কৃষকসকলে দাবী জনাইছে।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like