নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী : ভৱানীপুৰৰ পদ্মপ্ৰিয়া সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আজি পদ্মপ্ৰিয়া সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ বাৰ্ষিক সভা আৰু কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয়। বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নয়নজ্যোতি দাসৰ সভাপতিত্বত, কবি-সাংবাদিক সঞ্জীৱ সাগৰ দাসে আঁত ধৰা পদ্মপ্ৰিয়া সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ সভাপতি নয়ন মেধি আৰু সম্পাদক নিতুমণি দাসে সহযোগিতা কৰা বাৰ্ষিক সভা আৰু বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ড° অমিয়া মহন্ত, যুৱ-ছাত্ৰ পৰিষদৰ নেতা বিজন বায়ন, শালবাৰী টিচিএলচিচিৰ অধ্যক্ষ তথা প্ৰাক্তন অধ্যাপক বিনোদ মছাহাৰী, বি এইচ বি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° দুৰ্গেশ্বৰ বৰ্মণে ভাষণ ৰাখে। আৰম্ভণিতে আদৰণি ভাষণ পাঠ কৰে বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নয়নজ্যোতি দাসে। অনুষ্ঠানত অসম ভিত্তিত অনুষ্ঠিত কাব্যগ্ৰন্থ প্ৰতিযোগিতাত নিৰ্বাচিত গুৱাহাটী কমাৰ্চ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক কবি ড° ৰূপা ডেকা পাটৰক ‘পদ্মপ্ৰিয়া সাহিত্য বঁটা’ , গুৱাহাটীৰ জালুকবাৰীৰ বাসিন্দা কবি মনীষা শৰ্মা আৰু নগাঁওৰ ৰহাৰ কৃতী শিক্ষক কবি লক্ষীপ্ৰসাদ ডেকাক ‘শব্দ শিল্প বঁটা’, টিহুৰ ভাৰতী হাইস্কুলৰ শিক্ষয়িত্ৰী, কবি অলকা বুজৰবৰুৱা আৰু গুৱাহাটীৰ নাৰেংগীৰ নাং অঞ্জনা গগৈক ‘শব্দ সৌৰভ বঁটা ‘ প্ৰদান কৰে সভাৰ সভাপতি আৰু অতিথিবৃন্দই। বঁটা বিজয়ীসকলক নগদ ধন ক্ৰমেঃ ১০ হেজাৰ, পাঁচ হেজাৰ, তিনি হেজাৰ টকা, মানপত্ৰ, কাঁহৰ শৰাই, কাঁহৰ জাপি, স্মাৰক, গামোচা আদিৰে বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত কবি তুতুল মানৱ, দিগন্ত নিবিড়, বঁটা প্ৰাপক ড° ৰূপা ডেকা পাটৰ, লক্ষীপ্ৰসাদ ডেকা, মণীষা শৰ্মা, অলকা বুজৰবৰুৱা, নাং অঞ্জনা গগৈয়ে স্বৰচিত কবিতা পাঠ কৰাৰ লগতে বি এইচ বি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা প্ৰীতিৰেখা দত্তই সভাৰ আৰম্ভণিত বৰগীত পৰিবেশন কৰে লগতে সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় বি এইচ বি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° নমিতা দাস গুৰুঙে।
প্ৰেৰক ভূষণ তালুকদাৰ