নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পহুমাৰা নৈৰ নৱনির্মিত মথাউৰিক লৈ অসন্তুষ্ট বজালীৰ মেধিকুছিবাসী

🎯সাধাৰণ বৰষুণতে খহি গৈছে মথাউৰিৰ ওপৰৰ ঢালাই

🎯বানৰ আশংকাত কম্পমান ৰাইজ। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা

নিয়মীয়া বাৰ্তা, ২১ মে’: প্ৰতিবছৰ বাৰিষা আহিলেই বুকু কঁপি উঠে বজালীৰ পহুমাৰা নৈপৰীয়া ৰাইজৰ৷ বিশেষকৈ দুবছৰ পূৰ্বে বজালীৰ মেধিকুছিত পহুমাৰা নৈৰ মথাউৰি ছিঙি জলপ্ৰলয়ৰ সৃষ্টিৰে নিমিষতে সকলো উটুৱাই লৈ যোৱা ছবিখন মনত পৰিলে আজিও আতংকিত হৈ পৰে নৈপৰীয়া গাঁওবাসী। উল্লেখ্য যে বিগত দুটা বছৰত একেৰাহে দ্বিতীয়বাৰৰ বাবে মেধিকুছিকে ধৰি একাধিক অঞ্চলত পহুমাৰা নৈৰ মথাউৰি ছিঙি যোৱাৰ ফলত কেবাটাও পৰিয়ালে সম্পুৰূপে হেৰাই পেলাইছিল ঘৰ দুৱাৰ, বিভিন্ন সা সম্পত্তি, পোহনীয়া জীৱ-জন্তু৷ সম্পুৰ্ণৰূপে গৃহহীন হোৱা অঞ্চলবাসীৰ দুখ কুলাই পাচিয়ে নধৰা পৰিৱেশৰ সৃষ্টি হোৱাৰ পিছতে ৰাইজৰ দুখৰ সমভাগী হৈ ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ততাতৈয়াকৈ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি বিভাগীয়ভাৱে ব্যবস্থা লবলৈ নিৰ্দেশ দিয়ে। যাৰ ফলতে পৰৱৰ্তী সময়ত প্ৰায় ৩১ কোটি টকাৰ ব্যয় সাপেক্ষে বজালীৰ পহুমাৰা নৈৰ দাতিত আৰম্ভ হয় মথাউৰি নিৰ্মাণৰ কাম। সমাগত বাৰিষাৰ পূৰ্বে যাতে এই মথাউৰি নিৰ্মাণৰ কাম সম্পুৰ্ণ হয় আৰু পুনৰবাৰ যাতে ৰাইজে বিভিষীকাৰ সন্মুখীন হব লগীয়া নহয় তাৰ বাবে ইতিমধ্যে জলসম্পদ মন্ত্রী পিষুস হাজৰিকাই যোৱা ৮ মে’ত বজালীত উপস্থিত হৈ পহুমাৰা নৈৰ নৱনির্মিত মথাউৰি পৰিদৰ্শন কৰি অহা ৩১ মে’ৰ ভিতৰত নিৰ্মাণৰ কাম সম্পূর্ণ কৰিবলৈ বিভাগটোৰ কৰ্মকৰ্তা আৰু ঠিকাদাৰক নিৰ্দেশ দিয়ে। উল্লেখ্য যে মন্ত্রী হাজৰিকাই ৮ মে’ত পহুমাৰা নৈৰ মথাউৰি পৰিদৰ্শন কৰাৰ সময়ত তেওঁক সংগ দিয়া ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে মন্ত্ৰীগৰাকীক মেধিকুচিলৈ নিনিয়াৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে। ৰাইজৰ অভিযোগ অনুসৰি মেধিকুছিত মথাউৰি নিৰ্মাণৰ কাম অতি লেহেমীয়া হোৱাৰ লগতে নিম্নমানৰ বালিৰে নিৰ্মাণ কৰাৰ বাবে এজাক সাধাৰণ বৰষুণতে খহনীয়া আৰম্ভ হৈছে নিৰ্মীয়মানৰত মথাউৰিৰ৷ আনহাতে অতি নিম্নমানৰ কামৰ কামৰ বাবে মথাউৰিৰ ওপৰৰ কেবা স্থানত ঢালাই ভাঙি পৰি যেন পুনৰ আগজাননী দিছে অন্য এক ভয়ানক বানৰ৷ এতিয়া সমাগত বাৰিষাৰ পূৰ্বে মথাউৰিৰ কাম সম্পূর্ণ নোহোৱাত আতংকিত হৈ পৰিছে নৈপৰীয়া মেধিকুছিবাসী। মথাউৰি নিৰ্মাণৰ কাম অতি লেহেমীয়া দুৰ্বল হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া নৈপৰীয়া ৰাইজে বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ আহ্বান জনাইছে৷ অন্যথা অঞ্চলবাসীয়ে যে একেৰাহে তৃতীয়বাৰৰ বাবে মহা প্ৰলয়ৰ সন্মুখীন হব তাৰ চিন্তাত নিদ্ৰাহাৰা হৈ পৰিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like