নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰাৰ পহুসিং প্ৰাথমিক বিদ্যালয়ত বৰষুণত তিতি পৰীক্ষাত বহিল কণ কণ ছাত্ৰ-ছাত্ৰী

🔹 খবৰ ল’বলৈ আহৰি নাই শিক্ষা বিভাগৰ বৰমূৰীয়াৰ
নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰী : ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তন তথা শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে গুণোৎসৱৰ দৰে এক ব্যয়বহুল আঁচনি ৰূপায়ণৰ প্ৰসাৰতাৰ যি সময়ত জয়ঢোল কোবোৱা হৈছে, সেই সময়তে একাংশ চৰকাৰী শিক্ষানুষ্ঠানৰ শৈক্ষিক, আন্তঃগাঁথনিৰ পয়ালগা অৱস্থাৰে এচাম কণ কণ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আৰু জীৱনক লৈ হেতালি খেলাহে পৰিলক্ষিত হৈছে । যি সময়ত ছাত্ৰ-ছাত্ৰীৰ অভাৱত বহু চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ উপক্ৰম ঘটিছে, তেনে সময়তে ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা এখন প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা দেখিলে সৰ্বসাধাৰণ জনগণৰ চকুলো ওলাব । তেনে এখন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান হ’ল শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষাখণ্ডৰ অধীনৰ পহুসিং প্ৰাথমিক বিদ্যালয় ৷ মুঠ ৬গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ৬৫গৰাকী ছাত্ৰ-ছাত্ৰী অধ্যয়নৰত এই বিদ্যালয়খনৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় দুমাহ ধৰি মুকলি আকাশৰ তলত গ্ৰহণ কৰিব লগা হৈছে শিক্ষাৰ আদিপাঠ৷ বৰষুণত তিতি দিব লগা হৈছে পৰীক্ষা৷ ২০২৩ বৰ্ষৰ ১৩ ডিচেম্বৰত অঞ্চলটোত হোৱা প্ৰবল শিলাবৃষ্টিৰ ফলত ক্ষতিসাধন হয় পহুসিং প্ৰাথমিক বিদ্যালয় গৃহৰ টিনপাতৰ। উক্ত প্ৰবল শিলাবৃষ্টিৰ ফলত বিদ্যালয়খনৰ টিনপাত কাগজ পাতৰ দৰে ছিৰাছিৰ হৈ ফুটা হোৱাত বৰ্তমান মুকলি আকাশৰ তলতে আদিপাঠ গ্ৰহণ কৰাই নহয়, আজি কিনকিনীয়া বৰষুণত তিতি কণ কণ ছাত্ৰ-ছাত্ৰীসকলে চতুৰ্থ মূল্যায়নৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লগাত পৰে । কিন্তু প্ৰায় ২ মাহ উকলি যোৱাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই  বিদ্যালয়খন মেৰামতিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰ ফলত এতিয়া সামান্য এজাক বৰষুণৰ পাছতেই দুৰ্ভোগ ভুগিবলগীয়া হৈছে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে বিদ্যলয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে। বিদ্যালয়ৰ প্ৰধান শিক্ষকে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতো বিভাগৰ সুদৃষ্টি নপৰিল বিদ্যালয়খনত। আনকি নাজিৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়, মহকুমা প্ৰশাসন তথা দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা বিভাগৰ কোনো বৰমূৰীয়াই বিদ্যালয়খনত উপস্থিত হৈ পৰিদৰ্শন তথা ক্ষয়-ক্ষতিৰ বুজ লৈ সমস্যা সমাধানৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল আজি পৰ্যন্ত । বিদ্যালয়খন শীঘ্ৰে মেৰামতি কৰি পাঠদানৰ উপযোগী কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰলৈ অনুৰোধ জনাইছে শিক্ষক- শিক্ষয়িত্ৰী, অভিভাৱকসকলৰ লগতে ছাত্ৰ -ছাত্ৰীসকলে।
প্ৰেৰক নেকিব আহমেদ
You might also like