নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰ : দৈনন্দিন যাতায়াত কৰাৰ সাৰথি এখন টুলুঙা নাও। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ফলিমাৰীৰ পাৰ্শ্বৱৰ্তী কুন্তীৰ চৰকে ধৰি বৃহত্তৰ সেই অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে গদাধৰ নৈ পাৰ হয় সেইখনেৰে। দৈনন্দিন কামত ধুবুৰীলৈ অহা-যোৱা কৰিবলগীয়া হোৱা গাঁওকেইখনৰ ৰাইজে ব্যৱহাৰ কৰে সেইখন। গৰ্ভৱতী মহিলা অথবা অসুস্থ লোকক চিকিৎসাৰ বাবে ধুবুৰীলৈ আনিবলগীয়া হ’লে যাতায়াতৰ বিকল্প ব্যৱস্থা একো নাই। বৃহত্তৰ সেই অঞ্চলটোৰ পৰা দৈনিক ধুবুৰীলৈ আহে কণ কণ ছাত্ৰ-ছাত্ৰীকে ধৰি বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পঢ়ুৱৈ। দীৰ্ঘ বহু বছৰৰ পৰা এনেদৰেই চৰম অসুবিধাৰ সন্মুখীন হৈ আহিছে ধুবুৰীৰ কুন্তী চৰকে ধৰি বৃহত্তৰ সেই অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজ। সেয়ে গদাধৰ নৈৰ সেই ঠেক সূঁতিটোৰ ওপৰত এখন দলং নিৰ্মাণ কৰা হ’ব বুলি আশা তেওঁলোকৰ। ইপিনে নিৰ্বাচন আহিলেই বিভিন্ন ৰাজনৈতিক দলে অঞ্চলটোৰ ৰাইজক জিকিলে দলং এখন নিৰ্মাণ কৰাৰ মিছা প্ৰতিশ্ৰুতি দিয়াটো বৰ্তমানে এক গতানুগতিক নিয়মত পৰিণত হৈছে। আনকি অভিযোগ, ধুবুৰীৰ এআইইউডিএফ বিধায়ক নজৰুল হ’ককে ধৰি স্থানীয় সাংসদ বদৰুদ্দিন আজমলেও ধুবুৰী-কুন্তীৰ চৰ সংলগ্ন পকী দলং এখন নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰিও ৰূপায়িত নকৰাৰ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী