নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুত্রসহ নগাঁৱৰ ৱাহিদাক ভাৰতীয় কর্তৃপক্ষক গতালে পাকিস্তানে

🔹 ৱাঘা–আট্টাৰি সীমান্তৰে সম্পন্ন প্রত্যর্পণ প্রক্রিয়া

বিশেষ বার্তা,  ৩০ মে’ : চিৰবৈৰী ৰাষ্ট্র পাকিস্তানত ডেৰ বছৰ ধৰি বন্দিত্বৰ জীৱন কটোৱা ৱাহিদা বেগমৰ প্রত্যর্পণ প্রক্রিয়া সম্পন্ন হ’ল৷ ৱাঘা–আট্টাৰি সীমান্তৰে ১১ বছৰীয়া পুত্র ফাইজ খানসহ নগাঁৱৰ মহিলাগৰাকীক পাকিস্তানে ভাৰতীয় কর্তৃপক্ষক গতাই দিয়ে৷ প্রত্যর্পণ প্রক্রিয়াটো সম্পন্ন হয় কালি দিনৰ প্রায় ২ বজাত৷ এই কথা নিশ্চিত কৰিছে ৱাহিদা বেগমৰ মাতৃয়ে উচ্চতম ন্যায়ালয়ত তৰা গোচৰত যুক্তি প্রদর্শন কৰা অধিবক্তা সন্তোষ সুমনে৷ প্রত্যর্পণ প্রক্রিয়া সম্পন্ন হোৱাৰ পাছত এতিয়া সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)–এ নির্দিষ্ট নিয়ম অনুসৰি মাতৃ–পুত্রৰ কাউন্সেলিং কৰিব৷ তদুপৰি দুয়োৰে ভাষ্য গ্রহণ কৰা হ’ব চিআৰপিচিৰ ১৬৪নং ধাৰাৰ অধীনত৷ উল্লেখ্য যে প্রথমতে ভাৰত চৰকাৰৰ পৰা কোনো সঁহাৰি নোপোৱা হেতু ৱাহিদা বেগমৰ মাতৃ আৰিফা খাতুনে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ লক্ষণীয়ভাৱে ২০২২ চনৰ ১০ নৱেম্বৰৰ পৰা পুত্রৰ সৈতে ৱাহিদা বেগম নিৰুদ্দেশ হৈ আছিল৷ নগাঁও আৰক্ষী থানাত ৱাহিদা বেগমৰ মাতৃয়ে নিৰুদ্দেশ সংক্রান্তত এখন এজাহাৰো দাখিল কৰিছিল৷ ইয়াৰ পিছত যোৱা বছৰ জানুৱাৰী মাহত পাকিস্তানৰ এজন অধিবক্তাৰ পৰা মাতৃ আৰিফা খাতুনে দেশখনৰ আহনী জাননীৰ প্রতিলিপি লাভ কৰিছিল৷ হোৱাটছএপ বার্তাত জাননীৰ প্রতিলিপি পাকিস্তানস্থিত ভাৰতীয় দূতাবাসলৈও প্রেৰণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছিল৷ মন কৰিবলগীয়া যে ৱাহিদা বেগমৰ স্বামী মহম্মদ মহচিন খানৰ মৃত্যুৰ পিছত স্বামীৰ পৰা তেওঁ উত্তৰাধিকাৰী সূত্রে লাভ কৰিছিল ১ কোটি ৬০ লাখ টকাৰ সম্পত্তি৷ পৰৱর্তী সময়ত এই সম্পত্তি ৱাহিদা বেগমে বিক্রী কৰি দিয়ে৷ তাৰ পিছত নিৰুদ্দেশ হৈ পৰে ৱাহিদা বেগম৷ ইয়াৰ পিছত ২০২২ চনৰ ৩০ নৱেম্বৰত পাকিস্তানৰ এটা অচিনাকি নম্বৰৰ পৰা ফোনযোগে মাতৃ আৰিফা খাতুনক জনোৱা হৈছিল যে ৱাহিদা বেগম পাকিস্তানত ২৫ নৱেম্বৰত গ্রেপ্তাৰ হৈছে৷ অসম আৰক্ষীক এই বিষয়টো সবিশেষ জনোৱাৰ পিছতো খাতুনে কোনোধৰণৰ সঁহাৰি লাভ কৰা নাছিল৷ উপায়হীন হৈ মাতৃ আৰিফা খাতুনে দিল্লীত যোগাযোগ কৰিবলৈ আৰম্ভ কৰে৷ অৱশেষত অধিবক্তা সন্তোষ সুমনৰ সৈতে যোগাযোগ স্থাপন কৰি তেওঁ দিল্লীস্থ বৈদেশিক মন্ত্রালয় আৰু ভাৰতত থকা পাকিস্তান দূতাবাসৰ কাষ চাপিছিল৷ পিছে সংশ্লিষ্ট কোনো এটা সংস্থাৰ পৰা ৱাহিদা বেগমক উদ্ধাৰৰ বাবে কোনো সহায় বিচাৰি নোপোৱাত যোৱা বছৰ জানুৱাৰী মাহত প্রথমতে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল মাতৃ আৰিফা খাতুন৷ পৰৱর্তী সময়ত তেওঁ উচ্চতম ন্যায়ালয়ত আবেদন জনাহছিল কন্যাৰ প্রত্যর্পণ বিচাৰি৷ সেইমর্মে উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ক কেতবোৰ নির্দেশনা প্রদান কৰিছিল৷ অৱশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত তথা কেন্দ্রীয় বৈদেশিক আৰু গৃহ মন্ত্রালয়ৰ তৎপৰতাত কালি পুত্রৰ সৈতে ৱাহিদা বেগম স্বদেশলৈ উভতি আহিবলৈ সক্ষম হ’ল৷

প্ৰেৰক কনক হাজৰিকা

You might also like