নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানী খেলুৱৈৰ খাদ্য তালিকাত ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইক

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ : ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ। ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ-২০২৩ৰ প্ৰথমখন মেচ। ক্ৰিকেটৰ এই বৃহত্তম ইভেণ্টত অংশগ্ৰহণৰ বাবে সকলো দলেই ভাৰতত উপস্থিত হৈছে, য’ত পাকিস্তান দলো হৈছে। ভাৰতীয় ভিছা পোৱাৰ পিছত পাকিস্তানৰ দলটো পোনপটীয়াকৈ হায়দৰাবাদ পালেহি। পাকিস্তান দলটোৰ বাবে খাদ্য মেনুও প্ৰকাশ পাইছিল য’ত গো-মাংস নিষিদ্ধ কৰা হৈছে। পিটিআই নিউজৰ মতে, ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ ২০২৩ৰ সময়ত পাকিস্তান ক্ৰিকেট দলটোক যি খাদ্যৰ মেনু দিয়া হ’ব, তাৰ ভিতৰত আছে কুকুৰা, মাটন আৰু মাছ। ইয়াৰ উপৰি দলটোৰ ডায়েট চাৰ্টত গ্ৰীল কৰা মেৰ পোৱালিৰ চপ, মাটন তৰকাৰী আৰু বাটাৰ চিকেন আৰু গ্ৰীল কৰা মাছ অন্তৰ্ভুক্ত কৰা হৈছে। কাৰ্বহাইড্ৰেটৰ বাবে ৰান্ধনী দলটোৱে সিজোৱা বাছমতী চাউল, স্পেগেটি বোলেঞ্জীজ চচ আৰু নিৰামিষ পোলাও অন্তৰ্ভুক্ত কৰিছে। হায়দৰাবাদৰ বিখ্যাত বিৰিয়ানীও বিকল্প হিচাপে পাব পাকিস্তানী দলে। এদিনীয়া বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে পাকিস্তান দলটোৱে আজি নিউজিলেণ্ডৰ বিৰুদ্ধে এখন আৰু ৩ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুখন অনুশীলন মেচ খেলাৰ সুযোগো লাভ কৰিব। ৬ অক্টোবৰৰ পৰা একেখন খেলপথাৰতে নেদাৰলেণ্ড দলৰ বিৰুদ্ধে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব পাকিস্তান দলটোৱে। বিশ্বকাপ খেলিবলৈ ভাৰতলৈ অহা সকলো দলৰ খাদ্য মেনুত গো-মাংস অন্তৰ্ভুক্ত হোৱা নাই। এনে পৰিস্থিতিত খেলুৱৈসকলে প্ৰটিনৰ পৰিমাণ লাভ কৰিবলৈ কুকুৰা আৰু মাটনৰ বাহিৰে আন খাদ্য সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। গো-মাংস অন্তৰ্ভুক্ত নকৰাৰ আটাইতকৈ ডাঙৰ কাৰণ ভাৰতৰ বহু ৰাজ্যত গো-মাংস নিষিদ্ধ।

You might also like