নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত আটক পাকিস্তানী চোৰাংচোৱা ছামছুল

🔹 যোৰহাটত আটক পাকিস্তানী চোৰাংচোৱা ছামছুল

🔹 সেনা ছাউনিত ৱেল্ডিঙৰ কামত নিয়োজিত হৈ আছিল ইছলাম

বিশেষ বাৰ্তা, ১ জুন : যোৰহাটত আটক হয় এটা পাকিস্তানী চোৰাংচোৱা। পাকিস্তানৰ হৈ চোৰাংচোৱা কৰা ছামছুল ইছলামক আটক কৰে সেনা বাহিনীয়ে। জানিব পৰা মতে, যোৰহাটৰ ভাৰতীয় সেনাৰ 41 ছাব এৰিয়াৰ পৰা পাকিস্তানৰ হৈ চোৰাংচোৱা কৰা ছামছুল ইছলামক আটক কৰে সেনা বাহিনীয়ে। ধৃত ছামছুলৰ ঘৰ ধুবুৰীৰ বিলাসীপাৰাৰ ঘাচবাৰীত। ধৃত ছামছুল সেনা ছাউনিত ৱেল্ডিঙৰ কামত নিয়োজিত হৈ আছিল। তাৰ পৰাই পাকিস্তানৰ সৈতে সম্পৰ্ক ৰাখি আহিছিল ছামছুলে। অৱশেষত সেনাৰ হাতত আটক হয় ছামছুল। উল্লেখযোগ্য যে ধুবুৰী, গুৱাহাটী আদি ঠাইত পূৰ্বে বহু অপৰাধ সংঘটিত কৰিছে এই লোকজনে। ইয়াৰ পাছৰে পৰা দীর্ঘদিন যোৰহাটত আছিল পাকিস্তানী চোৰাংচোৱা ছামছুল ।

You might also like