আলফা (স্বাঃ)ৰ সৈতে বাংলাদেশত আইএছআইৰ বৈঠক
🔹 অসমসহ উত্তৰ–পূবত অশান্তি সৃষ্টিৰ ভয়াৱহ চক্রান্ত পাকিস্তানৰ
🔹 নয়ন মেধিৰ সৈতে গোপন বৈঠক পাক গুপ্তচৰ সংস্থাৰ
বিশেষ বাৰ্তা, ২৫ জানুৱাৰী : পাকিস্তানৰ সামৰিক বাহিনীৰ এটা প্রতিনিধি দলে বাংলাদেশ ভ্রমণ কৰাৰ সময়তে আহিছে আন এক ভয়ানক খবৰ৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহত অশান্তি সৃষ্টিৰ ভয়াৱহ চক্রান্ত ৰচিছে পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআয়ে৷ এই লক্ষ্যৰেই পাক গুপ্তচৰ সংস্থাটোৰ এজন প্রতিনিধিয়ে বৃহস্পতিবাৰে বাংলাদেশৰ চট্টগ্রামত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰ কেইবাজনো নেতাৰ সৈতে এক বৈঠকত মিলিত হৈছে৷ আগশাৰীৰ সংবাদ গোষ্ঠী আনন্দ বাজাৰ পত্রিকাত প্রকাশ কৰা এক প্রতিবেদনত এই তথ্য উল্লেখ কৰা হৈছে৷ প্রকাশিত বাতৰি অনুসৰি, অসমসহ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহত পুনৰ সন্ত্রাসবাদ আৰু হিংসাত্মক কার্যকলাপ সংঘটিত কৰাৰ বাবে আইএছআয়ে সুনির্দিষ্ট পৰিকল্পনা কৰা বুলি ভাৰতৰ চোৰাংচোৱা সংস্থাই আশংকা কৰিছে৷ এটা বিশেষ সূত্রৰ খবৰ অনুসৰি বর্তমান চীনৰ য়ুনান প্রদেশৰ বাসিন্দা পৰেশ বৰুৱা নিজেই বাংলাদেশৰ চট্টগ্রামত আইএছআইৰ সৈতে হোৱা বৈঠকত উপস্থিত আছিল৷ অৱশ্যে আন এক সূত্রই এই খবৰৰ সত্যতা অস্বীকাৰ কৰিছে৷ ইয়াৰ বিপৰীতে আলফা (স্বাঃ)ৰ নেতা নয়ন মেধি চট্টগ্রামত উপস্থিত আছে বুলি জানিব পৰা গৈছে৷ নয়ন মেধিৰ নেতৃত্বতেই আলফা (স্বাঃ)ৰ প্রতিনিধি দলটোৱে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনাও সূত্রটোৱে প্রকাশ কৰিছে৷ উল্লেখ্য যে পাকিস্তানৰ সামৰিক বাহিনীৰ প্রতিনিধি দলৰ সদস্য হিচাপে যোৱা আইএছআইৰ প্রতিনিধিয়ে আলফা (স্বাঃ)ৰ সৈতে মিলিত হোৱা খবৰে স্বাভাৱিকতেই ভাৰতীয় গুপ্তচৰ সংস্থাক উদ্বিগ্ণ কৰি তুলিছে৷ কিয়নো ইয়াৰ পূর্বেও পৰেশ বৰুৱাৰ নেতৃত্বত আলফা (স্বাঃ) আৰু উত্তৰ–পূবৰ বিভিন্ন ৰাজ্যৰ সন্ত্রাসবাদী সংগঠনসমূহক অস্ত্র আৰু প্রশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল৷ বেছিভাগ প্রশিক্ষণ বাংলাদেশৰ পার্বত্য চট্টগ্রামৰ দুর্গম এলেকাত অনুষ্ঠিত হৈছিল৷ অৱশ্যে ক্ষমতালৈ অহাৰ পাছত তদানীন্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই অভিযান চলাই এই প্রশিক্ষণ কেন্দ্রসমূহ ভাঙি পেলাইছিল৷ সম্প্রতি বাংলাদেশৰ পৰিৱর্তিত ৰাজনৈতিক পৰিস্থিতি তথা শ্বেখ হাছিনা দেশখনৰ পৰা পলাই অহাৰ পাছত অন্তর্ৱর্তীকালীন চৰকাৰ গঠন হোৱাৰ লগে লগে পুনৰ আলফা (স্বাঃ)সহ উত্তৰ–পূর্বাঞ্চলৰ সন্ত্রাসবাদী সংগঠনসমূহক অস্ত্র–শস্ত্র যোগান আৰু প্রশিক্ষণ প্রদানৰ ক্ষেত্রত পাক গুপ্তচৰ সংস্থাটোৱে পৰিকল্পনা কৰা বুলি ভাৰতীয় চোৰাংচোৱা সংস্থাই ধাৰণা কৰিছে৷ যাক লৈ তেওঁলোক উদ্বিগ্ণ হৈ পৰাৰ লগতে পাকিস্তানৰ সামৰিক বাহিনীৰ প্রতিনিধি দলটোৰ সম্পূর্ণ তথ্য সদৰী কৰিবলৈ তৎপৰ হৈ পৰিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে পাকিস্তানৰ সামৰিক বাহিনীৰ প্রতিনিধি দলৰ বাংলাদেশ ভ্রমণে ভাৰতক বিশেষভাৱে উদ্বিগ্ণ কৰিছে৷ এই উদ্বিগ্ণতাৰ কেইবাটাও বিশেষ কাৰণ আছে৷ বাংলাদেশ ভ্রমণৰত পাক সামৰিক প্রতিনিধি দলটোৱে চট্টগ্রামৰ পাছত কক্স বাজাৰত উপস্থিত হোৱা বুলি আনন্দ বাজাৰ পত্রিকাৰ প্রতিবেদনত উল্লেখ কৰা হৈছে৷ প্রকাশিত বাতৰি অনুসৰি, কক্স বাজাৰত পাক সেনাৰ প্রশিক্ষণত জন্মলাভ কৰা ৰোহিংগীয়াৰ সন্ত্রাসবাদী সংগঠন আৰছাৰ সৈতে যোগাযোগ কৰিছে প্রতিনিধি দলটোৱে৷ ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মাজত বাংলাদেশ আৰু পাকিস্তানৰ সেনা বাহিনীৰ মাজত বিভিন্ন চোৰাংচোৱাৰ তথ্য বিনিময়ক লৈও অস্বস্তি বৃদ্ধি পাইছে৷ ইয়াৰ পূর্বে বাংলাদেশ সেনাৰ প্রতিনিধি দলে পাকিস্তান ভ্রমণ কৰাৰ সময়তে এই সন্দর্ভত আলোচনা অনুষ্ঠিত হৈছিল৷ শেহতীয়াকৈ পাকিস্তানৰ সেনাৰ দলটোৰ বাংলাদেশ ভ্রমণৰ সময়ত পূর্বে অনুষ্ঠিত আলোচনাৰ বিভিন্ন সিদ্ধান্ত চূড়ান্ত পর্যায়ত উপনীত হৈছে৷ চোৰাংচোৱাই আশংকা কৰা অনুসৰি, পশ্চিমবংগ আৰু উত্তৰ–পূবৰ ৰাজ্যসমূহৰ সৈতে থকা বাংলাদেশ সীমান্তৰ বহু গুৰুত্বপূর্ণ তথ্য পাকিস্তানৰ হাতত পৰিব পাৰে৷ ভাৰত আৰু বাংলাদেশৰ সাগৰীয় সীমাক লৈও চিন্তাৰ উদ্রেক ঘটিছে৷ এই ধৰণৰ সীমান্ত সম্পর্কীয় সংবেদনশীল তথ্যসমূহ পাকিস্তানৰ জৰিয়তে চীনৰ হাতত পৰাৰ আশংকাও ভাৰতীয় চোৰাংচোৱাই প্রকাশ কৰিছে৷ অৱশ্যে পাক সেনাৰ প্রতিনিধি দলটোৰ ভ্রমণ সম্পর্কত এতিয়াও বাংলাদেশ চৰকাৰে কোনোধৰণৰ তথ্য ৰাজহুৱা কৰা নাই৷ ইফালে, বাংলাদেশৰ অন্তর্ৱর্তীকালীন ইউনুছ চৰকাৰে শ শ জেহাদী তথা সন্ত্রাসবাদী সংগঠনৰ নেতা–সদস্যক জে’লৰ পৰা মুকলি কৰি দিয়াৰ পাছত ভাৰতৰ গৃহ মন্ত্রালয়ে সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে৷ যিসমূহ স্থানত কাঁইটীয়া তাঁৰৰ বেৰ দিব পৰা নাযায়, সেইসমূহ স্থানেৰে যাতে কোনো লোক পাৰ হৈ আহিব নোৱাৰে, তাৰ ব্যৱস্থাও কৰা হৈছে৷ এই ব্যৱস্থালৈ স্থানীয় ভাৰতীয় নাগৰিকসকলে সমর্থন কৰিলেও বাংলাদেশৰ বাসিন্দাসকলে ইয়াক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে বুলি জানিব পৰা গৈছে৷ এই স্থানসমূহত বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী বিজিবিয়ে সংশ্লিষ্ট দেশখনৰ স্থানীয় লোকসকলক সমর্থন আগবঢ়াইছে৷ ভাৰতীয় চোৰাংচোৱাৰ মতে, পশ্চিমবংগ, অসম, মেঘালয় আৰু ত্রিপুৰাৰ যিসমূহ স্থানত অশান্তিৰ সৃষ্টি হৈ আহিছে, সেইসমূহ স্থানত কাঁইটীয়া তাঁৰ সংস্থাপন কৰাত বাধা প্রদান কৰা হৈছে৷ এই স্থানসমূহৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ মাজত দীর্ঘদিন ধৰি বিভিন্ন ধৰণৰ চোৰাং বেহাও চলি আহিছে৷ পাকিস্তানৰ আইএছআই দলটোৰ বাংলাদেশ ভ্রমণৰ পাছতে এই অঞ্চলসমূহত এনেধৰণৰ অসন্তুষ্টি তথা অশান্তিৰ লগতে চোৰাং বেহা বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে৷ বিশেষকৈ ভাৰতীয় অর্থনৈতিক ব্যৱস্থা দুর্বল কৰাৰ লক্ষ্যৰে জালনোট সৰবৰাহ কৰাৰ পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰাৰ চেষ্টাও অব্যাহত আছে৷ কিয়নো এনেধৰণৰ চোৰাং বেহাৰ পৰা প্রাপ্ত বৃহৎ পৰিমাণৰ ধনৰ এটা অংশ জেহাদী আৰু উগ্রবাদী সংগঠনসমূহৰ বাবে ব্যৱহাৰ কৰা হয়৷ উল্লেখ্য যে ভাৰতীয় চোৰাংচোৱা সংস্থাৰ তথ্য অনুসৰি বাংলাদেশলৈ অহা পাকিস্তানৰ সামৰিক প্রতিনিধি দলটোত আইএছআইৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল আছিম মালিকো আছে৷ তদুপৰি আইএছআইৰ বিশ্লেষণ সঞ্চালকপ্রধান মেজৰ জেনেৰেল শ্বহীদ আমিৰ আফছাৰো দলটোত অন্তর্ভুক্ত হৈ আছে বুলি জানিব পৰা গৈছে৷ মেজৰ জেনেৰেল আফছাৰৰ চীনৰ সেনা বাহিনীৰ সৈতেও ভাল সম্পর্ক আছে বুলি প্রকাশ পাইছে৷ লক্ষণীয় যে উত্তৰ–পূব ভাৰতৰ সৈতে ভাৰতৰ মূল ভূখণ্ড চিকেন নেকৰ সৈতে সংযুক্ত হৈ আছে৷ ইউনুছ চৰকাৰ বাংলাদেশৰ ক্ষমতালৈ অহাৰ পাছতে চিকেন নেক তথা উত্তৰ–পূব ভাৰতক বিচ্ছিন্ন কৰাৰ ভাবুকি দি আহিছে বাংলাদেশৰ ভাৰতবিৰোধীয়ে৷ ইয়াৰ পূর্বে ২০০৯ চনত ঢাকাৰ পীলখানাৰ বিডিআৰ বিদ্রোহৰ পাছত বাংলাদেশ সেনা তথা চোৰাংচোৱাক সহায় কৰিবলৈ শেষবাৰৰ বাবে আইএছআইৰ এটা দল ঢাকালৈ আহিছিল৷ ইয়াৰ পাছত প্রথমবাৰলৈ পাকিস্তানী সেনা বাহিনীৰ প্রতিনিধি দলৰ অংশ হিচাপে আইএছআয়ে বাংলাদেশ ভ্রমণ কৰিছিল৷ পাকিস্তানে সামৰিক প্রতিনিধি দলটোৰ সদস্য হিচাপে একাধিক শীর্ষ পর্যায়ৰ আইএছআই বিষয়াক ঢাকালৈ প্রেৰণ কৰি সামৰিক সহযোগিতাৰ লগে লগে ভাৰতক অস্বস্তিত পেলোৱাৰ পৰিকল্পনা গ্রহণ কৰা বুলিও ভাৰতীয় চোৰাংচোৱা সংস্থা নিশ্চিত হৈছে৷ তদুপৰি মিত্র দেশসমূহক লৈ পাকিস্তানৰ সেনা বাহিনীয়ে দুবছৰৰ মূৰে মূৰে কৰাচীত অনুশীলনৰ আয়োজন কৰি আহিছে৷ মার্চত আমন–২৫ নামেৰে আয়োজন কৰা এই অনুশীলনত প্রথমবাৰৰ বাবে বাংলাদেশ নৌবাহিনীও অংশীদাৰ হ’ব৷ পাকিস্তানৰ সামৰিক বাহিনীৰ ঢাকা ভ্রমণৰ সময়ত এই বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ অর্থাৎ পাকিস্তানৰ সামৰিক বাহিনীৰ দলটোৰ বাংলাদেশ ভ্রমণে এই কথাই স্পষ্ট কৰিছে যে তেওঁলোকে ভাৰতৰ বিৰুদ্ধে কেতবোৰ ভয়াৱহ ষড়যন্ত্রত লিপ্ত হোৱাৰ ষড়যন্ত্র কৰিছে৷ ইয়াৰ অংশ হিচাপে আলফা (স্বাঃ)ৰ সৈতে পাক আইএছআইৰ বৈঠকেও স্বাভাৱিকতে অসমবাসীকো উদ্বিগ্ণ কৰি তুলিছে৷