ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰত পালনাম আৰম্ভ
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহাসিক শ্ৰীশ্ৰীবাসুদেৱ থান নৰোৱা সত্ৰত ৪ ফেব্ৰুৱাৰীৰ দুদিনীয়াকৈ আৰম্ভ হৈছে বাৰ্ষিক পালনাম মহোৎসৱ ৷ বিশ্ব শান্তিৰ বাবে অৰ্ধ শতাধিক বৰ্ষ ধৰি মাঘৰ পুৰ্ণিমাত অনুস্থিত কৰি অহা বাৰ্ষিক পালনামৰ কাৰ্যসুচী মতে আজি পুৱা প্ৰাতঃ প্ৰসঙ্গ, পৰিবেশ নিকাকৰণ, গছপুলি ৰোপণ, আই সকলৰ নামৰ অন্তত নাম প্ৰসঙ্গ কৰি বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে শুভ উদ্বোধন কৰা পালনাত অংশগ্ৰহণ কৰে কলিয়াবৰ চামগুৰি সত্ৰৰ ডেকা সত্ৰীয়া কমল মহন্ত, নগাঁও আইভেটিৰ বুবুল মহন্ত, শোনিতপুৰ কোৱামৰা সত্ৰৰ গোপাল মহন্ত আৰু মাজুলী প্ৰাচীন চামগুৰি সত্ৰৰ ভৰত মহন্তই ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি