নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চায়ত প্রতিনিধিলৈ বকেয়া পাৰিতোষিক; মুকলি কৰি দিলে ১৭০ কোটি

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ পঞ্চায়ত প্রতিনিধিসকলে পাবলগীয়া পাৰিতোষিকৰ বকেয়া ধনৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত দেওবাৰে বিত্ত বিভাগে ১৭০ কোটি টকা মুকলি কৰি দিয়ে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে এই কথা সদৰী কৰে৷

মন্ত্রীগৰাকীয়ে কয় যে পঞ্চায়ত প্রতিনিধিসকলে মাহেকীয়া পাৰিতোষিকৰ বকেয়া ধন পাবলগীয়া থকা বিষয়টো মুখ্যমন্ত্রীক অৱগত কৰোৱাত মুখ্যমন্ত্রীয়ে বিত্ত বিভাগক এই পুঁজি মুকলি কৰিবলৈ নির্দেশ দিয়ে৷ পঞ্চায়ত প্রতিনিধিসকলক সকাহ দিয়াৰ বাবে বিত্ত বিভাগে এই পুঁজি মুকলি কৰি দিয়াৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়নমন্ত্রী দাসে মুখ্যমন্ত্রী আৰু বিত্ত বিভাগক ধন্যবাদ জ্ঞাপন কৰে৷

You might also like