নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৪ বিধানসভা সমষ্টিৰ উপ–নির্বাচনঃ বিজেপিবিৰোধী উমৈহতীয়া প্রার্থীৰ পোষকতা এপিচিচিৰ সভাপতি বৰাৰ

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ–নির্বাচনত বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধী দলৰ উমৈহতীয়া প্রার্থী প্রদানৰ পোষকতা কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷

বিশেষকৈ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিৰোধী ঐক্যৰ বাবে কৰা আহ্বান প্রসংগত বৰাই কয়– ‘বিৰোধীক একত্রিত কৰিবলৈ কংগ্রেছে আপ্রাণ চেষ্টা কৰি আহিছে৷ যাৰ বাবে মহাজোঁট গঠন কৰা হৈছিল৷ যিকোনো কাৰণতেই নহওক, দুটা আঞ্চলিক দল মহাজোঁটলৈ নাহিল৷ আমি আশা কৰিছোঁ আগন্তুক উপ–নির্বাচনত সকলোৱে মিলি উমৈহতীয়া প্রার্থী প্রদানৰ বিষয়টো বিবেচনা কৰিব৷ ৰাইজৰ দলে প্রার্থী দিলে আমি সমর্থন জনাম নে নজনাম, এই বিষয়ত আলোচনাৰ প্রয়োজন আছে৷’

ইপিনে, মাজুলীত উমৈহতীয়া প্রার্থী প্রদানৰ কথা চিন্তা–চর্চা কৰিছে বুলি উল্লেখ কৰি বৰাই কয় যে মহাজোঁট ইতিমধ্যে গঠন হৈছেই, গতিকে অখিল গগৈ– লুৰিণজ্যোতি গগৈৰ ওপৰত নির্ভৰ কৰিছে৷ তেওঁলোকৰ সৈতেও আলোচনা কৰিম৷ বিজেপিৰ বিৰুদ্ধে সকলোকে এখন মঞ্চত একগোট হোৱাটো বিচাৰিছে কংগ্রেছে৷

আনহাতে, নিজৰ বাবেহে মৰিয়নিত চাৰিবাৰকৈ জয়ী হৈছে বুলি প্রকাশ কৰা ৰূপজ্যোতি কুর্মীক উভতি ধৰি বৰাই কয়– ‘ৰূপজ্যোতি কুর্মীয়ে চাৰিবাৰ যে জয়ী হ’ল, তেওঁ নির্দলীয় হিচাপে জয়ী হ’ল নে কংগ্রেছৰ টিকটত জয়ী হ’ল, তাৰ উত্তৰ দিয়ক৷’

You might also like