নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ মাৰ্চঃ বিহুৰ পিছতেই অসমত অনুষ্ঠিত হ’ব পঞ্চায়ত নির্বাচন৷ যোৱা দীর্ঘদিন ধৰি পঞ্চায়ত নির্বাচনক লৈ চলা বিতর্ক–চর্চাৰ পিছত অৱশেষত মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত দিলে গ্রীন ছিগনেল৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীৰ মন্তব্য– ২ এপ্রিলৰ পৰা ৫ এপ্রিলৰ ভিতৰত পঞ্চায়ত নির্বাচনৰ দিন ঘোষণা হ’ব৷ উল্লেখ্য যে ২০২৩ বর্ষৰ শেষ ভাগতে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিব লাগিছিল যদিও বিভিন্ন কাৰিকৰী কাৰণত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হোৱা নাছিল৷ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত পঞ্চায়তক লৈ এক আবেদন দাখিল হোৱাক লৈও নির্বাচনৰ দিন ঘোষণাৰ পৰা পিছুৱাই গৈছিল৷ যাক লৈ বিৰোধীয়ে ৰাজ্য চৰকাৰক পঞ্চায়ত নির্বাচন কেতিয়া পাতিব বুলি কটাক্ষ কৰি আহিছিল৷ বিষয়টো সন্দর্ভত মুখ্যমন্ত্রীয়ে কিছুদিন পূর্বে ৩০ মার্চৰ পিছতেই পঞ্চায়তৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনাক লৈও মন্তব্য কৰিছিল৷ এই মন্তব্যক লৈ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই ৩০ মার্চৰ পিছত পঞ্চায়ত নির্বাচন অনুষ্ঠিত নকৰিলে ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ দিছিল৷ কংগ্রেছ তথা বিৰোধী দলৰ এনে হুংকাৰৰ পিছতেই মুখ্যমন্ত্রী ড০ শর্মাৰ প্রত্যুত্তৰ– ৩১ মার্চত নির্বাচনৰ দিন ঘোষণা নহ’ব৷ কিয়নো ২৯ মার্চলৈ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষা চলি থাকিব৷ গতিকে আৰু ৩–৪ দিন পিছুৱাই গৈ ২ এপ্রিলৰ পৰা ৫ এপ্রিলৰ ভিতৰতহে পঞ্চায়ত নির্বাচনৰ দিন ঘোষণা হ’ব৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে পঞ্চায়ত নির্বাচন অনুষ্ঠিত নকৰিলে বিত্তীয় আয়োগৰ পুঁজিৰ পৰা অসম বঞ্চিত হ’ব৷ গতিকে পঞ্চায়ত নির্বাচন চৰকাৰে অনুষ্ঠিত কৰিবই৷ আনহাতে বিৰোধীয়ে বিহুৰ পিছত গাঁৱৰ লোকসকলে খেতিবাতিত ব্যস্ত হ’ব আৰু বাৰিষা আহিব বুলি নির্বাচন এনেদৰে পিছুৱাই গ’লে এই বর্ষতো অনুষ্ঠিত নহ’ব বুলি কৰা অভিযোগক মুখ্যমন্ত্রীগৰাকীয়ে স্পষ্ট কৰি কয়– বিহুৰ পিছতহে নির্বাচন অনুষ্ঠিত হ’ব৷ বিৰোধীক নির্বাচন লাগে নে নাই, সেয়া স্পষ্ট কৰক৷ তেওঁলোকে মোক এখন পত্র দিয়ক, যদি নির্বাচন নালাগে তেনেহ’লে নির্বাচন অনুষ্ঠিত নকৰোঁ৷