নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানুৱাৰীত পঞ্চায়ত নির্বাচন : ৩০ ডিচেম্বৰৰ পূর্বে ভোটাৰ তালিকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ পঞ্চায়তৰ সমষ্টি নির্ধাৰণক লৈ চলি থকা বিতর্কৰ মাজতে আজি মুখ্যমন্ত্রীয়ে অহা বর্ষৰ আৰম্ভণিতেই পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব বুলি ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ উদ্ধৃতিৰে সদৰী কৰে৷ দিছপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত পঞ্চায়ত নির্বাচনক লৈ চলা বিতং আলোচনাৰ অন্তত অহা বর্ষৰ জানুৱাৰী মাহৰ আৰম্ভণিতেই দুটা পর্যায়ত নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে কেবিনেটে৷ মুখ্যমন্ত্রী ড০ শর্মাই কেবিনেট সিদ্ধান্তৰ কথা সদৰী কৰি জানিবলৈ দিয়া মতে, অহা ৩০ ডিচেম্বৰত প্রকাশ পাব পঞ্চায়তৰ ভোটাৰ তালিকা৷ এই তালিকা প্রকাশৰ পাছতেই জানুৱাৰীত মাঘ বিহুৰ পূর্বে প্রথম পর্যায়ত আৰু বিহুৰ পাছত দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ আনহাতে, পঞ্চায়ত নির্বাচন আৰম্ভ হোৱাৰ পৰা ফলাফল ঘোষণা হোৱালৈকে সমগ্র প্রক্রিয়াটো ২০২৫ চনৰ ১০ ফেব্রুৱাৰীৰ পূর্বে অন্ত কৰা হ’ব৷ উল্লেখ্য যে পঞ্চায়ত নির্বাচনক লৈ শেহতীয়াকৈ ৰাজ্যিক নির্বাচন আয়োগে প্রকাশ কৰিছে খচৰা ভোটাৰ তালিকা৷ খচৰা তালিকা অনুসৰি ৰাজ্যখনৰ পঞ্চায়ত অঞ্চলত মুঠ ভোটাৰ হৈছে ১,৮০,৬৪,৬২৮গৰাকী৷ ইয়াৰে ৯০,৮৫,৭৭২গৰাকী পুৰুষ আৰু ৮৯,৭৮,৪৫১গৰাকী মহিলা ভোটাৰ৷ ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত ৪২০টা জিলা পৰিষদ, ১৮৫খন আঞ্চলিক পঞ্চায়ত, ২,১৯৫খন গাঁও পঞ্চায়ত আৰু ৪০খন জিলা আৰু সহঃ জিলা মিলি মুঠ ২১,৮৯৩খন গাঁও পঞ্চায়ত আছে৷ যোৱা সময়ছোৱাত পঞ্চায়ত নির্বাচনক কেন্দ্র কৰি ৰাজনৈতিক দলসমূহৰ মাজত চলি থকা ব্যাপক চর্চাৰ লগতে পঞ্চায়তৰ পুনৰ সমষ্টি নির্ধাৰণক লৈ চলা বিভিন্ন বিতর্কৰ মাজতে আজি ৰাজ্যিক কেবিনেটে গ্রহণ কৰা সিদ্ধান্তই ৰাজ্যখনত উপ–নির্বাচনৰ পাছত পুনৰ এক ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি কৰিলে৷ উল্লেখ্য যে আগন্তুক পঞ্চায়ত নির্বাচনত এইবাৰ ৰাজনৈতিক দলসমূহে বিনা প্রতীক চিহ্ণৰে নির্বাচনত অৱতীর্ণ হ’ব লাগিব৷ ইতিপূর্বে ৰাজ্য চৰকাৰে গ্রহণ কৰা এই সিদ্ধান্ত অনুসৰি গুজৰাট আৰু মহাৰাষ্ট্রৰ দৰে ৰাজনৈতিক দলসমূহে তেওঁলোকৰ প্রার্থী প্রক্ষেপ কৰাৰ বিপৰীতে প্রার্থীৰ নাথাকিব কোনোধৰণৰ প্রতীক৷ নির্বাচিত ৱার্ডৰ সদস্যসকলে পঞ্চায়তৰ সভাপতি তেওঁলোকৰ মাজৰে পৰা নির্বাচন কৰাৰ সুযোগ পাব৷ অৱশ্যে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্যৰ নির্বাচনৰ ক্ষেত্রত ৰাজনৈতিক দলে ব্যৱহাৰ কৰিব পাৰিব দলীয় প্রতীক৷ ইফালে এইবাৰ পঞ্চায়ত নির্বাচনত পৰম্পৰাগত বেলট পেপাৰৰ সলনি ব্যৱহাৰ হ’ব ইভিএম৷ আজি কেবিনেটত পঞ্চায়ত নির্বাচনক লৈ ৰাজ্য চৰকাৰে গ্রহণ কৰা এই সিদ্ধান্তৰ লগতে আন কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয় বৈঠকত৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব বিনিয়োগ সন্মিলন৷ বিজেপি চৰকাৰৰ প্রথম কার্যকালত অনুষ্ঠিত এই সন্মিলনৰ পাছত অহা বর্ষৰ ফেব্রুৱাৰী মাহত অনুষ্ঠিত হ’বলগা দ্বিতীয়খন বিনিয়োগ সন্মিলনত উপস্থিত থাকিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ অসম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন–২০২৫ শীর্ষক এই সন্মিলনত মুখ্যতঃ বিনিয়োগৰ লগতে আন্তঃগাঁথনিৰ ওপৰতো গুৰুত্ব প্রদান কৰা হ’ব৷ মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, এই সন্মিলনৰ বাবে বিদেশৰ পৰিৱর্তে দেশৰ মুখ্য চহৰসমূহত ৰোড শ্ব’ কৰা হ’ব৷ অৱশ্যে কিছু ৰোড শ্ব’ বিদেশতো কৰা হ’ব৷ কিন্তু পূর্বৰ তুলনাত এইবাৰ বিদেশত কম পৰিমাণৰ ৰোড শ্ব’ কৰা হ’ব৷ কেবিনেটে আজি অসম ৰাজ্যিক মহাকাশ প্রয়োগ কেন্দ্রক ৰাজ্যিক সমন্বয়ক সংস্থা হিচাপে অনুমোদন জনায়৷ ইয়াৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক প্রকল্পত স্থানৰ ইনপুট কার্যকৰীভাৱে ব্যৱহাৰ কৰিবলৈ ৰাজ্যখনত ৰিম’ট চেঞ্জিং, জিআইএছ, জিপিএছ, ইউএভি ড্রোন জৰীপ সম্পর্কীয় কাম আৰু সেৱা আগবঢ়াব৷ আজি কেবিনেট বৈঠকত ডাটা ভাগ–বাটোৱাৰা, ডাটাৰ মানৰ মাপকাঠি আৰু ভূ–স্থানিক তথ্যৰ নীতিগত পৰিকাঠামোৰ বাবে প্রধানমন্ত্রী গতি শক্তিচালিত কার্যসূচীৰ অধীনত অসম ৰাজ্যিক মহাকাশ প্রয়োগ কেন্দ্রক অন্তর্ভুক্ত কৰাৰ বাবেও অনুমোদন জনায়৷ কেবিনেটে আজি ৰাজ্যৰ বনাঞ্চল বৃদ্ধি কৰাৰ পৰিকল্পনাক কার্যৰূপ দিবলৈ তথা কৃষি পৰিৱেশতন্ত্রৰ এক গুৰুত্বপূর্ণ উপাদান হিচাপে কৃষি বনানীকৰণ ব্যৱস্থাক ত্বৰান্বিত কৰিবলৈ অসম কৃষি বনানীকৰণ নীতি–২০২৪ক অনুমেদন জনায়৷ এই সিদ্ধান্তই কৃষিৰ ক্ষেত্রত এক সমর্পিত ৰাজ্যিক নীতি নিশ্চিত কৰিব৷ জলবায়ু পৰিৱর্তনৰ প্রতিকূল প্রভাৱ হ্রাস, টি’এফৰ অধীনত এলেকা বৃদ্ধি, গ্রাম্য অর্থনীতি আৰু কৃষকৰ উপার্জন বৃদ্ধিতো সহায় কৰিব৷ গ্রাম্য উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলৈ কেবিনেটে ভূমি সংৰক্ষণ আৰু কৃষিখণ্ডক ৭০.৩৩৩২ কোটি টকা ব্যয়ৰ ৯৪টা প্রকল্পত আজি কেবিনেটে অনুমোদন জনায়৷ এই আঁচনিৰ অধীনত ৬০টা ভূমি সংৰক্ষণ প্রকল্পৰ লগতে ৩৪টা সৌৰশক্তিচালিত টিউবৱেল ক্ষুদ্র জলসিঞ্চন প্রকল্পৰ ব্যৱস্থা কৰা হ’ব৷ কেবিনেটে আজি ৰাজহ বৃদ্ধি কৰদাতাসকলক সুবিধা প্রদান কৰা, ব্যৱসায় কৰাৰ সহজতা বৃদ্ধিৰ বাবে অসম সামগ্রী আৰু সেৱা কৰ (সংশোধনী) অধ্যাদেশ–২০২৪ত অনুমোদন জনায়৷ কেবিনেট বৈঠকে আজি ৰাজ্যৰ নগৰ সংস্কাৰৰ পদক্ষেপসমূহ অব্যাহত ৰাখিবলৈ নিয়ম অনুসৰি কার্যকলাপৰ জৰিয়তে পৰিকল্পিত নগৰ উন্নয়ন প্রাপ্ত কৰিবলৈ অসম একত্রিত ভৱন নির্মাণ (নিয়ন্ত্রণ) উপ–আইন–২০২২ সংশোধনত অনুমোদন জনায়৷

You might also like