নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলীয় প্ৰতীক চিহ্ন অবিহনে এইবাৰ ৰাজনীতিমুক্ত পঞ্চায়ত নিৰ্বাচন : ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : ডিচেম্বৰৰ মাহত অনুষ্ঠিত হ’ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। এইবাৰৰ পঞ্চায়ত নিৰ্বাচন হ’ব ৰাজনীতিমুক্ত। প্ৰাৰ্থীসকলৰ নেথাকে কোনো দলীয় চিহ্ন। ৰাইজে নহয় এইবাৰ পঞ্চায়ত সভাপতি নিৰ্বাচিত কৰিব পঞ্চায়তৰ গ্ৰুপ সদস্যসকলে। পঞ্চায়ত নিৰ্বাচন লৈ শিলচৰত এই মন্তব্য কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে। আজি শিলচৰ জিলা বিজেপি কাৰ্য্যলয়ত সংবাদ মেলত তেওঁ কয় যে ৩১ আগষ্টৰ ভিতৰত পঞ্চায়ত আৰু ৭ চেপ্তেম্বৰৰ ভিতৰত ব্লক ৰি-অর্গানাইজেশন কৰা হব৷ ২০০১ চনৰ ছেন্সাছ অনুযায়ী এই ৰি-অর্গানাইজেশন কৰা হব। এই প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত ডিচেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হব বুলি জনায় মন্ত্ৰী ৰঞ্জিত দাসে। লগতে তেওঁ জনায় যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচন হব ৰাজনীতিমুক্ত। এইবাৰৰ নিৰ্বাচনত নাথাকে কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী বা দলীয় চিহ্ন৷ এইবাৰৰ পঞ্চায়ত সভাপতি ৰাইজে নিৰ্বাচিত নকৰে, নিৰ্বাচিত কৰিব পঞ্চায়তৰ নিৰ্বাচিত গ্ৰুপ সদস্যসকলে। মন্ত্ৰী ৰঞ্জিত দাসে কয় যে ৰাজ্যত ৪০ লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে চৰকাৰে ৷ এতিয়ালৈ ৫০  লাখ ৰেচন কাৰ্ড বাতিল কৰিছে যোগান বিভাগে ৷ আনহাতে, ৰেচন কাৰ্ড থকা লোকসকলৰ বাদ পৰা পৰিৱালৰ সদস্যসকলক সোনকালে অন্তৰ্ভুক্ত কৰা হব ৰেচন কাৰ্ডত৷ শিলচৰত এই ঘোষণা কৰিছে যোগান মন্ত্ৰী ৰঞ্জিত দাসে৷ তেওঁ কয় যে অপাৰেটৰৰ ভুলৰ বাৱে ৰেচন কাৰ্ডত ৰাজ্যৰ বহু পৰিয়ালৰ সদস্য অন্তৰ্ভুক্তিত বিসংগতি হৈছে ৷ পৰিয়ালৰ সকলো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই ৷বিষয়টো চৰকাৰৰ নজৰত আছে৷ খুব সোনকালে অন্তৰ্ভুক্ত কৰা হ’ব বাদ যোৱা লোকসকলৰ নাম৷ ইতিমধ্যে জিলা আয়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি জনায় মন্ত্ৰীয়ে৷ ৰাজ্যত ৪০ লাখ ভুৱা ৰেচন কাৰ্ড বাছনি কৰা হৈছে ৷ আনহাতে মুখ্যমন্ত্রী আৰু তেওঁৰ আহ্বানত ৰাজ্যত ১০ লাখ বিত্তবান লোকে ৰেশন কাৰ্ড ছাৰণ্ডাৰ কৰিছে ৷ সকলো মিলাই মুঠ ৫০ লাখ ৰেচন কাৰ্ড বাতিল কৰা হৈছে বুলি মন্ত্ৰীয়ে জনায়৷ এতিয়া ৰাজ্যত ৰেচন কাৰ্ডৰ মুঠ সংখ্যা ৬৬,২৫,৯১৭ বুলি জনায় মন্ত্ৰীগৰাকীয়ে। সংবাদ মেলত বিজেপি কাছাৰ জিলা সভাপতি বিমলেন্দু ৰয়, ৰাজ্যিক চাহ নিগমৰ চেয়াৰমেন ৰাজদ্বীপ গোৱালা উপস্থিত থাকে।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like