নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰৈমাৰীৰ খণ্ড উন্নয়ন বিষয়াকে ধৰি পঞ্চায়ত সচিব আৰু ৱাৰ্ড সদস্য গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৮ মেঃ লকডাউনৰ সময়চোৱাত চৰকাৰে দুখীয়া ৰাইজৰ বাবে আগবঢ়োৱা হ্ৰস্ব ম্যাদি আঁচনি সমুহ এতিয়া একাংশ বিষয়া-কৰ্মচাৰী আৰু জনপ্ৰতিনিধিৰ বাবে হৈ পৰিছে সোণৰ কণী পৰা হাঁহ । দুখীয়া লোকক এহেজাৰ কৈ প্ৰদান কৰাৰ ক্ষেত্ৰত ভুৱা হিতাধিকাৰীৰ নামত লক্ষ লক্ষ টকা অ‍ত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ খণ্ড উন্নয়ন বিষয়া জয়নাল আলী সহ চাৰিজন লোক । উল্লেখযোগ্য যে লকডাউনৰ সময়চোৱাত দুখীয়া লোকসকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে হ্ৰস্ব ম্যাদি আঁচনিৰ জৰিয়তে আগবঢ়াইছে সহায়ৰ হাত । এই আঁচনি সমূহ এতিয়া একাংশ বিষয়া কৰ্মচাৰী, জনপ্ৰতিনিধিয়ে সোণৰ কণী পৰা হাঁহত পৰিণত কৰি লক্ষ লক্ষ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠি আহিছে । দেওব‍াৰে নিশা ছয়গাঁও সমষ্টিৰ গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া জয়নাল আলীক বাইহাটা চাৰি আলীস্থিত নিজ বাসগৃহৰ পৰা কামৰূপ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে । লগতে একে অভিযোগত জোৰশিমলু গাঁও পঞ্চায়তৰ সচিব শিকান্দাৰ আলী, জোৰশিমলু গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ চাহেৰা খাতুন আৰু সমবায়ৰ এজেণ্ট ৰমজান আলীক একে নিশাই বিভিন্ন স্থানৰ পৰা আটক কৰি ছয়গাঁও থানালৈ লৈ আহে । উক্ত চাৰিও জনে মিলি চৰকাৰে দুখীয়া লোকৰ বাবে প্ৰদান কৰা ১০০০ টকীয়া আঁচনিৰ নামত বিয়াগোম দুৰ্নীতি সংঘটিত কৰি লক্ষ লক্ষ টকা আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপিত হৈছে । আনহাতে, গৰৈমাৰীৰ খণ্ড উন্নয়ন বিষয়া জয়নাল আলীৰ বিৰুদ্ধে আঁচনি ৰূপায়নৰ নামত দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণে দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উঠি আহিছে । বৰ্তমান ছয়গাঁও থানাত চাৰিওকে জেৰা অব্যাহত ৰাখিছে । ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষী থানাত ৪০১/ ২০০০ নম্বৰত গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

You might also like