নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত পঞ্চায়তৰ নিৰ্মাণ সমিতিৰ সভাপতি পদক লৈ অৰিয়াঅৰি

নিয়মীয়া বাৰ্তা, ৪ আগষ্টঃ পঞ্চায়তী কামৰ নিৰ্মাণ সমিতিৰ সভাপতি পদক লৈ খোৱা-কামোৰা, সভাপতি পদত ১৮ গৰাকীকৈ প্ৰাৰ্থী,উপায়বিহীন হৈ পেনেল লিষ্ট উৰ্ধতম কতৃপক্ষলৈ। নগৰবেৰাস্থিত ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৪নং ভখুৰাদিয়া-ৰংগেশ্বৰী পঞ্চায়তত পোহৰলৈ আহিছে এই আজৱ কাণ্ড। পঞ্চায়তখনৰ নিৰ্মাণ হ’বলগীয়া সমূহীয়া ভৱণ (কমিউনিটি হ’ল) এটাৰ নিৰ্মান সমিতিৰ বাবে ১৮জন সভাপতিৰ প্ৰাৰ্থী, গাঁওসভাত সভাপতি নিৰ্বাচন কৰিব নোৱাৰি উৰ্দ্ধতম কতৃপক্ষলৈ ১৮ জনীয়া পেনেল লিষ্ট’ প্ৰেৰণ কৰা হয় |জানিব পৰা মতে উক্ত কামৰ বাবে চৰকাৰে আৱন্টন দিছে ৯ লাখ টকা, কামৰ নিৰ্মাণ সমিতি গঠনৰ বাবে কালি দুপৰীয়া এক গাওঁসভা অনুষ্ঠিত হয়, উক্ত সভাত সভাপতিৰ পদৰ প্ৰাৰ্থী হয় ১৮গৰাকী। ৰাইজে বিপাঙত পৰি সিদ্ধান্ত লবলৈ গঠন কৰি দিয়ে জুৰি কমিটি এখন, নাই তাতো নহ’ল সিদ্ধান্ত, প্ৰতিগৰাকী প্ৰাৰ্থী নিজৰ সিদ্ধান্তত অবিচল, সকলোকে লাগে সভাপতিৰ আসনখন। পঞ্চায়ত সভানেত্ৰীয়ে নিৰ্বাচনৰ পৰামৰ্শ দিয়ে যদিও সেয়াও হৈ নুঠিল, সকলোকে লাগে লোভনীয় সভাপতিৰ পদ। অৱশেষত উপায়ান্তৰ হৈ ১ গৰাকী প্ৰাৰ্থীৰ পেনেল লিষ্ট উৰ্ধতম কতৃপক্ষলৈ পঠোৱাৰ সিদ্ধান্ত লোৱা হয় গাঁওসভাৰ এক সৰ্বসন্মত সিদ্ধান্তমৰ্মে। প্ৰশ্ন হয় পঞ্চায়তৰ সামান্য এটা কামৰ নিৰ্মান সমিতিৰ বাবে কিয় এই খোৱাকামোৰা? উৰ্ধতম কতৃপক্ষই কি যোগ্যতা, অৰ্হতাৰ ভিত্তিত বাচি উলিয়ায় সভাপতিগৰাকীক, সেয়াহে হ’ব ভাবিবলগীয়া।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like