নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : চৰকাৰী ধন আত্মসাতৰ অভিযোগত কাছাৰত গ্ৰেপ্তাৰ হ’ল পঞ্চায়ত সচিব ৷ ধৃত পঞ্চায়ত সচিবজনৰ নাম অমিতাভ নাথ । ৰাজ্যিক দুৰ্নীতি নিবাৰক সঞ্চালকালয়ত এটা বেনামী অভিযোগ দাখিল কৰাৰ লগে লগেই এই অধ্যায় আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত সেই অভিযোগ জিলা উপায়ুক্তক তদন্তৰ বাবে প্ৰেৰণ কৰে। কাছাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰণজিৎ কুমাৰ লস্কৰে অৱগত কৰে যে ইয়াৰ লগে লগে বিষয়টোৰ ওপৰত গভীৰভাৱে তদন্ত কৰিবলৈ এখন তদন্ত সমিতি গঠন কৰা হয়। তদন্তকাৰী সমিতিয়ে অমিতাভ নাথৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সমৰ্থনত যথেষ্ট প্ৰমাণ লাভ কৰে। তদন্তত ১১ লাখ টকাৰ আৰ্থিক অসামঞ্জস্য উন্মোচিত হয়। এই তথ্যৰ আধাৰত কাছাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী লস্কৰে আনুষ্ঠানিকভাৱে শিলচৰ থানাত এফআইআৰ দাখিল কৰে। তেওঁৰ তৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পঞ্চায়ত সচিব অমিতাভ নাথক। জানিব পৰা মতে, ধৃত পঞ্চায়ত সচিব অমিতাভ নাথ তাৰাপুৰ পঞ্চায়তৰ সচিব থকাৰ সময়ত ফৰ্টিন ফাইনেন্সৰ অধীনত চৰকাৰী কামৰ প্ৰায় ১১ লাখ টকা আত্মসাৎ কৰিছিল। এনে অভিযোগ পাই কাছাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰণজিৎ কুমাৰ লস্কৰে পঞ্চায়ত সচিব অমিতাভ নাথৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়ে ৷ তদন্ত কৰি অভিযোগ সত্য প্ৰমাণিত হোৱাৰ পাছত কাছাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰণজিৎ কুমাৰ লস্কৰে পঞ্চায়ত সচিবজনৰ বিৰুদ্ধে আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে ৷ আৰু এই গোচৰৰ ভিত্তিত কালি কাছাৰ আৰক্ষীয়ে পঞ্চায়ত সচিব অমিতাভ নাথক গ্ৰেপ্তাৰ কৰে । ধৃত অমিতাভ নাথ সম্প্ৰতি কাছাৰৰ নৰছিংপুৰ ব্লকৰ ভাগাবজাৰ গাওঁ পঞ্চায়তৰ সচিব হিচাপে কৰ্মৰত আছিল।
প্ৰেৰক গৌতম তালুকদাৰ