নিয়মীয়া বাৰ্তা, ১৩ জুনঃ স্মাৰ্ট মিটাৰৰ আতংকৰ পিছত এইবাৰ আৰম্ভ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগৰ অন লাইন জৰিমণাৰ আতংক ৷ ৰাজ্যত ৰাজহ সংগ্ৰহ বৃদ্ধিৰ বাবে চৰকাৰে দিয়া নিৰ্দেশৰ পিছতেই একাংশ পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে কোনো ধৰণৰ নীতি নিয়ম অথবা গৰাকীৰ সমষ্যা অনুধাৱন নকৰাকৈ পাইকাৰী হাৰত স্বয়ংক্ৰিয় যন্ত্ৰৰ সহায়ত গৰাকীলৈ প্ৰেৰণ কৰা জৰিমণাৰ ৰছিদে আতংকৰ সৃষ্টি কৰি থকাৰ সময়তেই শিৱসাগৰত পোহৰলৈ আহিছে এক নাভ্ৰুত-নাশ্ৰুত ঘটনা ৷ শিৱসাগৰৰ চাৰিসীমা অতিক্ৰম নকৰা এখন চাৰিচকীয়া বাহণৰ গৰাকীলৈ গুৱাহাটী মহানগৰীত ন-পাৰ্কিংত গাড়ী ৰখোৱাৰ অভিযোগত কামৰূপ জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা প্ৰেৰণ কৰা এখন জৰিমণাৰ পত্ৰক লৈয়েই সৃষ্টি হৈছে এই আতংকৰ ৷ বিশেষকৈ প্ৰেৰিত জৰিমণাৰ পত্ৰত উল্লেখিত ছবি সম্বলিত গাড়ীখনৰ পঞ্জীয়ন নম্বৰৰ সৈতে শিৱসাগৰৰ নিবাসী ব্যক্তিজনৰ গাড়ী খনৰ সৈতে কোনো সাদৃৰ্শ্য নথকাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷ যি ঘটনাই এতিয়া ৰাজ্যৰ পৰিবহণ বিভাগে ৰাজহ বৃদ্ধিৰ নামত হকে বিহকে নিৰীহক হাৰাশাস্তি কৰা জৰিমণা আদায় লোৱা অঘোষিত ছবিখনহে কাৰ্য্যত স্পষ্ট কৰি দিছে ৷ প্ৰাপ্ত বাতৰি মতে শিৱসাগৰ জিলাৰ থাওৰা জাপিসজীয়া গাঁৱৰ নিবাসী চাহাবউদ্দিন আহমেদ নামৰ ব্যক্তিজনৰ মবাইল ফোনলৈ যোৱা ৭ জুনৰ বিয়লিৰ ভাগত পৰিবহণ বিভাগৰ পৰা এক বাৰ্তা লাভ কৰে ৷ লগে লগেই আহমেদে সেই বাৰ্তাত উল্লেখিত লিংকৰ সহায়ত বিভাগৰ তৰফৰ পৰা প্ৰেৰণ কৰা এখন জৰিমণাৰ পত্ৰ লাভ কৰে ৷ য’ত বিভাগৰ তৰফৰ পৰা এ এচ ১০৫৪৬৮২৩০৬০৭২১২৪৫৭নম্বৰৰ চালান যোগে দুহেজাৰ টকা জৰিমণা আদায় দিবলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু শিৱসাগৰৰ চাৰিসীমা পাৰ নোহোৱা গাড়ী খন কেনেকৈ সেই দিনা গুৱাহাটী মহানগৰীৰ ন-পাৰ্কিং পালেগৈ তাক লৈ চিন্তিত হৈ থকাৰ সময়তেই চকুত পৰে গাড়ী খনৰ ফটো ৷ ভালদৰে উক্ত ফটো খন পৰীক্ষা কৰোতেই দেখা পাই ফটো উল্লেখিত গাড়ীখনৰ পঞ্জীয়ন নম্বৰ হৈছে এচ ০১ বি জেড ৪৭৯২ ৷ কিন্তু ইয়াৰ বিপৰীতে বিগত এটা মাহ ধৰি গেৰেজতেই সোমাই থকা চাহাবউদ্দিন আহমেদৰ গাড়ীখনৰ নম্বৰ হৈছে এএচ ০১ বি জেড ৪৭৯৭ ৷ ফটোত উল্লেখিত গাড়ী নম্বৰৰ সৈতে চাহাবউদ্দিন আহমেদৰ গাড়ী নম্বৰ,বৰণৰ সৈতে বিন্দু মাত্ৰাও সাদৃৰ্শ্য নথকাৰ পিছতো কামৰূপ মহানগৰ পৰিবহণ বিভাগে কি দৰে জৰিমণাৰ পত্ৰ প্ৰেৰণ কৰিলে সেই সন্দৰ্ভদ আতংকৃত চাহাবউদ্দিণে ওৰে দিন শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্য্যালয়ত উপস্থিত হৈ প্ৰকৃত তথ্য পোহৰলৈ অনাৰ পিছত আন কৰ্মচাৰী সকলৰো চকু কঁপালত উঠে ৷ স্মৰ্তব্য যে, সম্প্ৰতি ৰাজ্যখনৰ শদিয়াৰ পৰা ধূবুৰীলৈ দৈনিক অনুৰূপ ঘটনা সংঘটিত হৈ থকাৰ লগতে বহু নিৰীহ ব্যক্তিয়ে এনেদৰে আনৰ ফটোৰ বিপৰীতে জৰিমণা বহণ কৰি অহাৰ দে-ধাৰ ঘটনা সংঘটিত হৈ আহিছে ৷বিশেষকৈ সংকটজনক ৰোগীক জৰুৰী ভাৱে চিকিৎসকৰ চেম্বাৰ পদূলীত ৰখোৱাৰ সময়তো চৰকাৰী স্বয়ক্ৰিয় কেমেৰাই দয়া বিহীন ভাৱে একাংশ নিৰীহ গাড়ীৰ গৰাকীলৈ জৰিমণাৰ পত্ৰ প্ৰেৰণ কৰাতো এটা সাধাৰণ ঘটনাত পৰিণত হৈছে ৷ ইফালে শিৱসাগৰতো স্বয়ংক্ৰিয় কেমেৰাৰ আতংকত ভূগিছে বহু ভদ্ৰ নাগৰিক ৷শিৱসাগৰ চহৰ খনত পৰ্য্যাপ্ত পাৰ্কিং স্থানৰ অভাৱত আন মুকলি স্থানত গাড়ী ৰখাবলৈ গৈ চৰকাৰী জৰিমণাৰ দূৰ্ভোগ ভূগি আহিছে ৷নিৰ্ধাৰিত কৰ- কাটল আদায় দিয়াৰ পিছত চহৰাঞ্চলত এখন চাৰিচকীয়া-দুচকীয়া বাহণক বিধিগত ভাৱে পাৰ্কিংৰ সুবিধা দিয়াতো চৰকাৰ-প্ৰশাসনৰ দায়িত্ব ৷ অথচ পাৰ্কিংৰ বাবে পৰ্য্যাপ্ত ঠাইৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা নাগৰিকৰ পৰা এনেদৰে পাইকাৰী হাৰত স্বয়ংক্ৰিয় কেমেৰাৰ সহায়ত পোনে পোনে জৰিমণা বিহা কাৰ্য্য কোনো কাৰণতেই গ্ৰহণ যোগ্য নহয় বুলি স্পষ্ট কৰি দিছে ৷আনহাতে পৰিবহণ বিভাগৰ ৰাজহ সংগ্ৰহৰ নামত পাইকাৰী হাৰত চলোৱা দৌৰাত্ম্য, নিৰীহৰ ওপৰত বেআইনীভাৱে বিসংগতিপুৰ্ণ জৰিমণা সংগ্ৰহৰ চালান প্ৰেৰণ কৰা কাৰ্যৰ এক উচ্চস্তৰীয় তদন্তৰ যোগেদি ন্যায় প্ৰদাণৰ দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান