নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছু ত্যাগ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক পংকজ কলিতাৰ

বিশেষ বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পংকজ কলিতাই একান্ত ব্যক্তিগত কাৰণত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্যৰ পৰা অব্যাহতি গ্ৰহণ কৰিলে। কামৰূপ জিলা ছাত্ৰ সন্থাৰ এজন জনপ্ৰিয় ছাত্ৰ নেতা পংকজ কলিতা দীৰ্ঘদিন ধৰি আছুক নেতৃত্ব প্ৰদান কৰি আহিছিল। ২০০৮ চনতে বামুন্দী মহাবিদ্যালয়ত আছু গোটত অন্তৰ্ভুক্ত হৈ পৰবৰ্তী সময়ত আছু গোটৰ সভাপতি, ২০১০ চনত বামুন্দী শাখা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, ২০১২ চনত বামুন্দী শাখা ছাত্ৰ সন্থাৰ সভাপতি, ২০১৪ চনত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, ২০১৭ চনত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ২০২০ চনত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু ২০২৩ চনত সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও অধিৱেশনত কামৰূপ জিলা ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকৰ দৰে দায়িত্ব পালন কৰি আহিছিল ছাত্ৰ নেতা পংকজ কলিতাই। কামৰূপ জিলাৰ বামুন্দী গাৱঁত জন্ম গ্ৰহণ কৰা পংকজ কলিতাই সৰুৰে পৰা সামাজিক কামবোৰ নিষ্ঠাসহকাৰে পালন কৰি মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিলে। জিলাখনৰ যি কোনো সমস্যাতে সততে মাত মাতি অহা ছাত্ৰ নেতা পংকজ কলিতাই পৰবৰ্তী সময়ত ৰাইজৰ কাষত থাকি সদায়েই ৰাইজৰ সমস্যাবোৰ সমাধান কৰিব চেষ্টা কৰিম বুলি এক প্ৰেছ বিবৃতি জৰিয়তেই অৱগত কৰিছে।

প্ৰেৰক দিলীপ মেধি

You might also like