যুৱ পুৰস্কাৰ সন্মানেৰে নলবাৰীলৈ সৰ্বভাৰতীয় সন্মান কঢ়িয়াই অনা পাপৰি বৰ্মনক সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিল : অসমীয়া গল্পৰ বাবে ২০২৫ বৰ্ষৰ ভাৰতীয় ভাষা পৰিষদৰ ‘যুৱ পুৰস্কাৰ সন্মান’ লাভ কৰি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই অনা গল্পকাৰ পাপৰি বৰ্মনক নলবাৰীত সম্বৰ্দ্ধনা জনায়। অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিয়ে পাপৰি বৰ্মনক নলবাৰী ক্ৰীড়া সন্হাৰ কাৰ্যালয়ত সম্বৰ্ধনা জ্ঞাপন কৰে। অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ সভাপতি দিলজিৎ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সম্পাদক বুবুল নায়কে। অনুষ্ঠানত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি জয়ন্ত হাজৰিকা, জিলা সমিতিৰ উপদেষ্টা ধ্ৰুৱজ্যোতি শৰ্মা, কাৰ্যকৰী সভাপতি মানসজ্যোতি শৰ্মা, উপ সভাপতি অখিল বৰ্মন, সহকাৰী সম্পাদক নয়ন কলিতাকে ধৰি কেবাগৰাকী সদস্য উপস্থিত থাকে। অনুষ্ঠানত সম্বৰ্দ্ধনা গ্ৰহণ কৰি লেখিকা পাপৰি বৰ্মনে নিজৰ অনুভৱ ব্যক্ত কৰে। উল্লেখ্য যে, কিছুদিন পূৰ্বে “পৰুৱা পোহনীয়” গ্ৰন্থৰ বাবে লেখিকা বৰ্মনে মুনীন বৰকটকী বঁটা লাভ কৰিছিল।
প্ৰেৰক শ্বাহ আলম আহমেদ