🔹 আমেৰিকাত থকা অসমীয়া যুৱকৰ শৈক্ষিক উত্তৰণৰ অভিযান
নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰী : আমেৰিকাৰ Hpp কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) হিচাপে কৰ্মৰত বজালীৰ সন্তান ড° ভাস্কৰ চৌধুৰীয়ে বিশ্বজুৰি এক শৈক্ষিক উত্তৰণৰ অভিযান চলাইছে৷ তাৰ অংশ হিচাপে তেওঁ কালি অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কাগজৰ নাও.com নামৰ ৱেবছাইট এটা মুকলি কৰিছে৷ মূলতঃ অসমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ গণিত বিজ্ঞান পাঠ্যক্ৰমৰ ভিডিঅ’যোগে শিক্ষা প্ৰদানৰ বাবে তেওঁ কাগজৰ নাও নামৰ ৱেবছাইটটো মুকলি কৰে৷ Hppত অতি ব্যস্ত কৰ্ম জীবনৰ মাজতো ভাস্কৰ চৌধুৰীয়ে অসমৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথি সংগ্ৰহ কৰি এবছৰৰ ভিতৰত প্ৰায় পাঁচশ ঘণ্টা সময় ব্যয় কৰি অসমৰ শিক্ষাৰ্থীৰ বাবে এনেদৰে কেইবাশও ভিডিঅ’ প্ৰস্তুত কৰি আগবঢ়াই দিছে৷ গোটেই দিনটো নিজৰ কৰ্ম ব্যস্ততাৰ পিছত নিশা সময় উলিয়াই অসমৰ শিক্ষাৰ্থীৰ বাবে এনে পদ্ধতিৰে শিক্ষাদানৰ প্ৰস্তুতি সম্পন্ন কৰিছে অসমীয়া যুৱকজনে৷ ইতিমধ্যে সমগ্ৰ আমেৰিকাৰ উপৰি অষ্ট্ৰেলিয়া, ইংলেণ্ড, নিউজিলেণ্ড, কানাডা, ইজৰাইল, আফগানিস্তানকে আদি কৰি প্ৰায় ১০খন ৰাষ্ট্ৰত তেওঁৰ Paperboat.Com websiteটো যথেষ্ট সমাদৃত হৈছে l বজালীৰ সদৰ পাঠশালা নিৱাসী বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ভবেন্দ্ৰ নাথ চৌধুৰী আৰু ভানু চৌধুৰীৰ পুত্ৰ ভাস্কৰ চৌধুৰীয়ে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান দখল কৰিছিল ৷ তাৰ পাছত কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ আমেৰিকাৰ lowa State Universityৰ পৰা পদাৰ্থ বিজ্ঞান আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনীয়াৰিং বিষয় দুটাত পি এইচ ডি সম্পূৰ্ণ কৰে৷ তাৰ পিছত তেওঁ ইণ্টেল কৰ্পৰেচনত জ্যেষ্ঠ বিজ্ঞানী হিচাপে যোগদান কৰে আৰু তাত ১০ বছৰ কাম কৰে। এই সময়ছোৱাত তেওঁ উপলব্ধি কৰিলে যে তেওঁৰ প্ৰকৃত আৱেগ প্ৰযুক্তি নিৰ্মাণ নহয়, বৰঞ্চ প্ৰযুক্তিৰ শক্তি ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশ্বমানৰ শিক্ষণ মঞ্চ গঢ়ি তোলা। এই লক্ষ্যৰে তেওঁ “পেপাৰ ব’ট একাডেমী” প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ দ্বাৰা বৰ্তমান ৫০খন ৰাজ্যকে ধৰি ১০খন দেশৰ ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে৷ শিক্ষাৰ উত্তৰণৰ বাবে এজন অসমীয়া যুৱকৰ এনে অভিনৱ চিন্তা নিতান্তই সমগ্ৰ অসমৰ শিক্ষাৰ্থীকে অনুপ্ৰাণিত কৰিব, সেয়া নিশ্চিত৷ ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়ে বিতংকৈ জানিবলৈ হ’লে Kagojornao.com websiteটোৰ জৰিয়তে সবিশেষ পাব৷
প্ৰেৰক উৎপল মেধি