ডিব্রুগড় বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা পৰীক্ষাত অথন্তৰঃ অইল ইণ্ডিয়াৰ এইচএমভি অপাৰেটৰ পৰীক্ষাৰ প্রশ্নকাকত ফাদিল
নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ লিখিত পৰীক্ষাৰ কেলেংকাৰিৰ বিতর্ক মাৰ নৌযাওঁতেই পুনৰ অইল ইণ্ডিয়া লিমিটেডৰ এইচ এম ভি অপাৰেটৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষা কেলেংকাৰিৰ অভিযোগ উঠিছে৷ অইল ইণ্ডিয়াৰ এই লিখিত পৰীক্ষাত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং পৰীক্ষার্থীয়ে৷
জানিব পৰা মতে, পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত থকা ডিব্রুগড বিশ্ববিদ্যালয়ৰ অধীনত কালি দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত অইলৰ এইচ এম ভি অপাৰেটৰ পদৰ লিখিত পৰীক্ষাত অৱতীর্ণ হৈছিল অইল অধ্যুষিত অঞ্চলৰ ডিব্রুগড জিলাৰ লগতে তিনিচুকীয়া আৰু অৰুণাচল প্রদেশৰ খাৰচাঙৰ প্রায় ৯৫০গৰাকী প্রার্থী৷
অভিযোগ অনুসৰি একাংশ প্রার্থীয়ে পৰীক্ষা হলৰ পৰা ওলাই অহাৰ পাছত আন একাংশ প্রার্থীৰ হাতে হাতে ম’বাইল প্রত্যক্ষ কৰে৷ ইতিমধ্যে ম’বাইল তথা বিভিন্ন হোৱাটছএপ গ্রুপত প্রশ্নকাকতসহ অ’ এম আৰ শ্বীট ফাদিল হোৱাৰ বিষয়ে অভিযোগ উত্থাপন কৰি একাংশ প্রার্থীয়ে সামাজিক মাধ্যমত বিষয়টো প্রকাশ কৰে৷ পৰীক্ষা চলি থকাৰ সময়তে ১১ বাজি ২১ মিনিটৰ পৰা পৰীক্ষা শেষ হোৱালৈকে উক্ত প্রশ্নোত্তৰ কাকত হোৱাটছএপত প্রচাৰ হৈ থকাৰ কথা উল্লেখ কৰিছে প্রার্থীসকলে৷ এইক্ষেত্রত প্রার্থীসকলে আশ্চর্য প্রকাশ কৰিছে যে ম’বাইল, হাতঘডী, মানীবেগ পর্যন্ত বাহিৰত থৈ পৰীক্ষা হলত সোমোৱা প্রার্থীৰ হাতলৈ ম’বাইল আহিল কেনেকৈ? তদুপৰি পৰীক্ষা হলৰ চৌহদত কোনোধৰণৰ নিৰাপত্তাৰ ব্যৱস্থাকে ধৰি বহু পৰীক্ষা হলত চিচি টিভি কেমেৰা নথকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্রার্থীসকলে৷ অইলৰ এই লিখিত পৰীক্ষাৰ বিসংগতিৰ ক্ষেত্রত কোম্পানীটোৰ একাংশ শীর্ষ বিষয়াৰ লগত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ এক অশুভ চক্র জডিত থকাৰ সন্দেহ উত্থাপন কৰিছে ছাত্র মুক্তি সংগ্রাম সমিতিৰ ডিব্রুগড জিলাৰ সভাপতি মাধুর্য বৰুৱাই৷ ছাত্র মুক্তি আৰু উক্ত প্রার্থীসকলে অইলৰ এই বিসংগতিপূর্ণ পৰীক্ষা পুনৰ নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ দাবী তোলাৰ লগতে সমগ্র কেলেংকাৰিৰ চি আই ডি তদন্তৰ দাবী কৰিছে৷
আনফালে অইলে এই সম্পর্কত পৰীক্ষাৰ দায়িত্ব সম্পূর্ণৰূপে ডিব্রুগড বিশ্ববিদ্যালয়ক ন্যস্ত কৰিছে আৰু এইক্ষেত্রত অইলৰ কৰণীয় একো নাথাকে বুলি উল্লেখ কৰে৷ পৰীক্ষা হলৰ চৌহদত নিৰাপত্তা প্রদানৰ ব্যৱস্থাৰ ক্ষেত্রত বিশ্ববিদ্যালয়ৰ দায়িত্ব থাকিব লাগে বুলি মন্তব্য কৰিছে অইলে৷
উল্লেখ্য যে অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ লিখিত পৰীক্ষাত কেলেংকাৰি সংঘটিত হোৱা বাবে অসম চৰকাৰে পৰীক্ষাৰ দায়িত্ব পূর্বৰ দুটা বিতর্কিত ব্যক্তিগত প্রতিষ্ঠানৰ পৰা আঁতৰাই বিশ্ববিদ্যালয়ৰ হাতত ন্যস্ত কৰিছিল৷ অইলৰ লিখিত পৰীক্ষাৰ এই বিসংগতিয়ে পুনৰ সন্দেহৰ উদ্রেক ঘটাইছে চাকৰি প্রার্থীসকলৰ মনত৷