নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকত উপস্থিত থাকিব দর্শক

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ:  অহা বর্ষত জাপানত অনুষ্ঠিত হ’বলগীয়া বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত দর্শকৰ উপস্থিতি সম্ভৱ হ’ব পাৰে৷ আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ মুৰব্বী থমাছ বাখে  এই আত্মবিশ্বাস প্রকাশ কৰে৷ জাপানৰ প্রধানমন্ত্রীৰ সৈতে হোৱা এক বিস্তৃত আলোচনাৰ অন্তত তেওঁ কয় যে জাপানৰ পৰিস্থিতি এতিয়া যথেষ্ট উন্নত হৈছে আৰু ২০২১ৰ অলিম্পিকৰ সময়ছোৱাত দর্শক ষ্টেডিয়ামত প্রৱেশ কৰিব পাৰিব৷ উল্লেখ্য যে মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে অলিম্পিক এবছৰলৈ পিছুৱাই দিয়া হৈছিল৷

You might also like