নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা জোনাইৰ জেলেম গাঁৱত প:ৰাগ উৎসৱ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ : মিচিং জনগোষ্ঠীৰ অন্যতম কৃষি ভিত্তিক উৎসৱ পঃৰাগ (নৰা ছিগা বিহু) জোনাইৰ শতিকা গৰকা জোনাইৰ অসম অৰুণাচল সীমান্ত পুৰণা জেলম গাঁৱত বুধবাৰৰ পৰা তিনি দিনীয়াকৈ বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হব। ইতিমধ্যে প:ৰা উৎসৱৰ প্ৰস্তুতি ১০০ শতাংশ সম্পূৰ্ণ৷ উল্লেখযোগ্য যে মিচিং জনগোষ্ঠীয়ে পূৰ্বৰ পৰম্পৰা অনুসৰি সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ বাবে অনাদি কালৰে পৰাই পালন কৰি আহিছে পঃৰাগ উৎসৱ। ডেকা-গাভৰুৰ নেতৃত্বত উদযাপন কৰি অহা পঃৰাগ উৎসৱলৈ গাঁৱখনৰ পৰা দূৰ-দূৰণি লৈ বিয়া বাৰু হৈ যোৱা জীয়ৰী আৰু জোঁৱাই সকলক নিমন্ত্ৰণ দি আদৰণি আৰু সম্বৰ্দ্ধনা জনোৱা হয়। অতি উলহ-মালহেৰে উদযাপন কৰা পঃৰাগ উৎসৱত ডেকা-গাভৰু, গাৱঁৰ বুঢ়ামেথা, পুৰুষ-মহিলা সকলোৱে আনন্দ আৰু স্ফূৰ্তিত মতলীয়া হৈ পৰে। গাঁৱবাসীৰ লগতে জী-জোঁৱাই, অতিথিক মহা ব্যৱস্থাপনাৰে আপং, গাহৰি মাংস, মাছ,বিভিন্ন ধৰণৰ শাক-পাচলিৰে ৰন্ধা সুস্বাদু খাদ্যৰে আপ্যায়ন কৰিবলৈ গাওখনৰ ৰাইজ সাজু। গাঁৱখনৰ পৰা অপায়-অমঙ্গল দূৰ কৰাৰ বিশ্বাস ৰাখি বুধবাৰৰ পৰা তিনিদিনীয়াকৈ পূৰণা জেলম শ গাঁৱত উদযাপন কৰিব লোৱা প:ৰাগ উৎসৱৰ ৷ অৱশ্যে আলি আ:ই লৃগাং উৎসৱৰ পিছতেই প:ৰাগ উৎসৱৰ নামো উল্লেখ কৰিব পাৰি। লৃগাঙৰ দৰে প:ৰাগ উৎসৱ নহয় প:ৰাগ মিচিং সমজৰ এখন গাঁৱৰ অপায় অমগংল দূৰ কৰা এক সমজোৱা পূজা হয়৷। ইয়াক পৰাগ উৎসৱ বা নৰা-ছিগা বিহুও বোলা হয়; যিহেতু এই উৎসৱ ধান কাটি চপোৱাৰ অন্তত অৰ্থাৎ ধানৰ নৰা ছিগাৰ সময়তহে অনুষ্ঠিত হয় বাবে নৰা ছিগা বিহু বুলি প্ৰচলিত। আনহাতে প্ৰধানত:ডেকা-গাভৰুসকলৰ প্ৰচেষ্টাত বা উদ্যোগত এই উৎসৱটি উদ্‌যাপিত হোৱাৰ বাবে অঞ্চল বিশেষে ইয়াৰ নাম মৃম্‌বৰ-য়া:মে অৰ্থাৎ ডেকা গাভৰু। ডেকা-গাভৰুৰ প্ৰচেষ্টাত এই উৎসৱ হয় যদিও গাঁৱৰ ল’ৰা-ছোৱালী, বুঢ়া-বুঢ়ী সকলোৱে ইয়াৰ লগত জড়িত হৈ থাকে। প:ৰাগ উৎসৱ পাতিবৰ বাবে মুৰং ঘৰ নিৰ্মাণ কৰাটো অপৰিহাৰ্য। এই ঘৰ গাঁৱৰ মূৰত নাইবা মুকলি আহল-বহল ঠাইত সজা দেখা যায়। ঘৰৰ চ’তি আৰু খুটাবোৰ চিত্ৰ-বিচিত্ৰ কাৰুকাৰ্যৰে জাতিষ্কাৰ কৰে। ছবিৰ ভিতৰত দুই মূৰে সূৰ্য আৰু ড্ৰেগনৰ চিত্ৰ অংকন কৰা থাকে। ড্ৰেগন চিত্ৰ অংকনৰ জৰিয়তে তেওঁলোকে তিব্বতীয়-চীন-মংগোলীয় নৃগোষ্ঠীৰ বংশধৰ হিচাপে চিনাকি দিয়ে। ‘তাৰ উপৰি চিত্ৰ-বিচিত্ৰ ৰঙীণ কাগজৰ ফুল কাটি গোটেই মুৰংঘৰটো জাতিষ্কাৰ কৰা দেখা হয়। প:ৰাগ উৎসৱ পৰিচালনা কৰিবৰ কাৰণে কেইটামান পদবীৰ সৃষ্টি কৰা হয়। এই পদবীবোৰৰ ভিতৰত মিগম বৰা, বৰ পুৱাৰী, ডেকা বৰা, তিৰি বৰা আদি উল্লেখযোগ্য। মিগম বৰা আৰু বৰ পুৱাৰীয়ে ৰাইজক পৰিচালনা কৰে। ডেকা বৰা, তিৰি বৰা আৰু সমস্ত ডেকা-গাভৰুসকলে তেওঁলোকৰ কথামতে বিভিন্ন কাম সম্পন্ন কৰে। মিগম বৰা আৰু বৰ পুৱাৰীক আলপৈচান ধৰিবলৈ তামুলী আৰু বৰ বৰাণী নামৰ দুজন লোক থাকে। মিগম বৰা বিবাহিত পুৰুষো হ’ব পাৰে। কিন্তু বৰ পুৱাৰীক গাভৰু ছোৱালী বিলাকৰ মাজৰপৰা নিৰ্বাচন কৰা হয়। এই উৎসৱত অংশ গ্ৰহণ কৰিবৰ কাৰণে অন্য গাঁৱৰ ৰাইজক মিনম বা অতিথি হিচাপে আমন্ত্ৰণ কৰে। অন্তত: চাৰি-পাঁচখন গাঁৱৰ ৰাইজক এনেদৰে আমন্ত্ৰণ কৰা দেখা যায়। আমন্ত্ৰণ ৰক্ষা কৰাসকলক বাটৰ পৰা মুৰং ঘৰলৈ গুমৰাগ্‌ নাচৰ যোগেদি আগবঢ়াই অনা প্ৰথাক মিনম-য়াম্‌নাম বোলে। প:ৰাগ উৎসৱ তিনি দিন পালন কৰা দেখা যায়। প:ৰাগ উৎসৱত মিবুৱেহে পৌৰাহিত্য কৰে। এই উৎসৱত দঁতাল গাহৰি, আপং আদি উচৰ্গা কৰি আই বসুমতী, অন্নদাতা পৰম পুৰুষ কাচিং-কাৰ্তাং, দ:ঞি-প:ল, চে: দি-মে:ল আদি সৃষ্টিকৰ্তা সকলক আৰাধনা কৰে। উদ্দেশ্য ‘আই বসুন্ধৰা শস্য শ্যামলা হৈ ভৰি পৰক,ষ্ট্ৰ চহা ৰাইজে সুখেৰে দিন নিয়াওক’।

প্ৰেৰক কৰবী দলে

You might also like