বিশেষ বাৰ্তা, ৩১ জানুৱাৰী : আজি তিনিচুকীয়াৰ জৰিগুৰিস্থিত অৰ্ধসামৰিক বাহিনীৰ শিবিৰত এক অঘটন সংঘটিত হয় ৷ অৰ্ধসামৰিক বাহিনীৰ ৬৮নং বেটেলিয়নৰ কনিষ্টবল সঞ্জয় কুমাৰ (৩৮) নামৰ এজন জোৱানে নিজৰ ছাৰ্ভিচ ৰিভলভাৰে মূৰত গুলীয়াই আত্মহত্যা কৰে। মৃত সঞ্জয় কুমাৰৰ ঘৰ হাৰিয়ানাত বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষীৰ শীৰ্ষ বিষয়াসহ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু তদন্তৰ পাছতে পোহৰলৈ আহিব সেয়া প্ৰকৃততে আত্মহত্যা নে আন কিবা ৷ যদি আত্মহত্যাও হয় কি কাৰণে আত্মহত্যা কৰিব লগা হ’ল এগৰাকী অৰ্ধসামৰিক বাহিনীৰ জোৱানে ৷
প্ৰেৰক বিবেক বড়া