নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেৰডী কবি ভূপেন বৰাই ‘ৰাঘৱ’ক লৈও কবিতা লিখিব : পৱিত্ৰ মাৰ্ঘেৰিটা

বিশেষ বাৰ্তা, ৩১ অক্টোবৰ : ৰাজ্যত সম্প্ৰতি যতীন বৰা অভিনীত অসমীয়া চলচ্চিত্ৰ ‘ৰাঘৱ’ক লৈ যথেষ্ট চৰ্চা চলি আছে। একাংশই চলচ্চিত্ৰখন উপভোগ কৰাৰ পৰা বিৰত থকাৰ বিপৰীতে একাংশই আঁকোৱালি লৈছে ‘ৰাঘৱ’ক। ইয়াৰ মাজতে ছবিখনক লৈ ৰাজনৈতিক নেতাসকলেও মন্তব্য কৰা দেখা গৈছে। ‘ৰাঘৱ’ক লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই বৰাক কটাক্ষ কৰি কয়- ‘পেৰডী কবি ভূপেন বৰাই ‘ৰাঘৱ’ক লৈও কবিতা লিখিব এতিয়া। চোলা ফলা ভূপেন বৰাই প্ৰথমে ১৫০টা মানুহ মিটিঙত গোটাওক। তাৰ পিছত চিনেমা হিট কৰাৰ কথা ক’ব। চিনেমাৰ ক্ষেত্ৰত বিজেপি-এজিপি-কংগ্ৰেছ বুলি নাথাকে । চিনেমাক অকল চিনেমা হিচাপেই ল’ব লাগে।’ সাংসদগৰাকীয়ে বিৰোধী ঐক্য প্ৰসংগত বিৰোধী ঐক্যত দল কেইটা আছে, কি কি বুলিও প্ৰশ্ন উত্থাপন কৰে। তেওঁ দুই-এটা এনজিঅ’ও আছে নেকি, অজিত কুমাৰ ভূঞাৰ দলটোত ডাবল ডিজিটতে মানুহ নাই বুলিও কটাক্ষ কৰে। তদুপৰি, বিৰোধী ঐক্যমঞ্চৰ বৈদ্যুতিন চেনেল বয়কট সন্দৰ্ভত সাংসদ মাৰ্ঘেৰিটাই কয় যে বয়কটৰ কথাবোৰ ইন্দিৰা গান্ধীৰ দিনৰ পৰাই আছিল। সংবাদ মাধ্যমৰ ওপৰত ইমাৰজেঞ্চী লগোৱাৰ উপৰি অসম আন্দোলনৰ সময়তো কংগ্ৰেছে সংবাদ পত্ৰৰ স্বাধীনতা খৰ্ব কৰিছিল। তেওঁ কয় যে অসমৰ ৰাইজে ইতিমধ্যে বয়কট কৰিছে কংগ্ৰেছক।

You might also like