🔹 দিল্লী আন্তঃৰাষ্ট্রীয় চুটি ছবি মহোৎসৱৰ দ্বাদশ সংস্কৰণ
বিশেষ বাৰ্তা, ৩০ অক্টোবৰ : মহাবীৰ লাচিত বৰফুকনৰ জীৱন আৰু কর্মৰাজিৰ ওপৰত ভিত্তি কৰি নির্মাণ কৰা ছবি ‘লাচিত : দ্য ৱাৰিয়ৰ’–এ পুনৰ সুখ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ দিল্লী আন্তঃৰাষ্ট্রীয় চুটি ছবি মহোৎসৱৰ দ্বাদশ সংস্কৰণত শ্রেষ্ঠ এনিমেচন ছবিৰ সন্মান লাভ কৰিছে ‘লাচিত : দ্য ৱাৰিয়ৰ’–এ৷ এই ছবিখন অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ উপ–মহাপৰিদর্শক পার্থসাৰথি মহন্তই পৰিচালনা কৰিছে৷ ছবিখন প্রযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্রাণী বৰুৱাই৷ বিশিষ্ট সাহিত্যিক ড০ অমৰজ্যোতি চৌধুৰীয়ে ছবিখনৰ ধাৰাভাষ্য প্রদান কৰিছে৷ উল্লেখ্য যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে নতুন দিল্লীত আয়োজন কৰা কার্যসূচীৰ সময়তে বিগত বর্ষৰ ২৫ নৱেম্বৰত ছবিখন প্রদর্শন কৰা হৈছিল৷ ইতিমধ্যে এই ছবিখনে কেইবাখনো আন্তঃৰাষ্ট্রীয় আৰু ৰাষ্ট্রীয় ছবি মহোৎসৱত সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ইণ্ডিয়ান পেনোৰামালৈও পার্থসাৰথি মহন্ত পৰিচালিত ছবিখন মনোনীত হৈছে৷ চুটি ছবি আৰু তথ্যচিত্রৰ প্রচাৰ আৰু প্রসাৰৰ বাবে দিল্লী আন্তঃৰাষ্ট্রীয় চুটি ছবি মহোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে৷ ২০১২ বর্ষত দিল্লী আন্তঃৰাষ্ট্রীয় চুটি ছবি মহোৎসৱৰ প্রথম সংস্কৰণ অনুষ্ঠিত হৈছে৷ দেশৰ লগতে বিদেশৰ কেইবাখনো চুটি ছবি এই মহোৎসৱত প্রদর্শন কৰা হৈছে৷