নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপালত অনুষ্ঠিত সৰ্বভাৰতীয় জন বিজ্ঞান মহাসন্মিলনত অসমৰ ইলোৰা বিজ্ঞান মঞ্চ আৰু জ্ঞান বিজ্ঞান সমিতিৰ অংশগ্ৰহণ

বিশেষ বাৰ্তা, ১১ জুন: মধ্য প্ৰদেশৰ ৰাজধানী ভূপালৰ এক্সটোল কলেজত ড:অমিতাভ সেনগুপ্ত ক্ষেত্ৰত যোৱা ৬ জুনৰ পৰা আৰম্ভ হোৱা সপ্তদশ সৰ্বভাৰতীয় জন বিজ্ঞান মহাসন্মিলনৰ ৯ জুনত সফল সামৰণি পৰে। দেশৰ চল্লিশটাৰো অধিক বিজ্ঞান সংস্থা তথা বিজ্ঞান আন্দোলনৰ উমৈহতীয়া মঞ্চ সৰ্বভাৰতীয় জনবিজ্ঞান মহাসন্মিলনক কেন্দ্ৰ কৰি ভূপাল চহৰত বিজ্ঞানপ্ৰেমী আৰু যুক্তিবাদী জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হয়। বিজ্ঞান আন্দোলনৰ সৈতে জড়িত দেশৰ বহু বিশিষ্ট শিক্ষাবিদ- বিজ্ঞানীৰ উপৰিও ২৫ খন ৰাজ্যৰ ৩৪৭ গৰাকী জন বিজ্ঞান আন্দোলনৰ নিৰ্বাচিত প্ৰতিনিধিয়ে এই মহাসন্মিলনত ভাগ লয়। সংবিধানৰ প্ৰস্তাৱনা পাঠেৰে সূচনা হোৱা মহাসন্মিলনখনি উদ্বোধন কৰে কেৰালাৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাই।উদ্বোধনী পূৰ্ণাঙ্গ সভাৰ মুখ্য বক্তা আছিল ৰেমন মেগছেছে বঁটা বিজয়ী, আন্তৰ্জাতিক খ্যাতিসম্পন্ন সাংবাদিক আৰু লেখক পি চাইনাথ । অসমৰ পৰা ইলোৰা বিজ্ঞান মঞ্চ আৰু জ্ঞান বিজ্ঞান সমিতিৰ মুঠ ১৩ জন নিৰ্বাচিত প্ৰতিনিধিয়ে এই মহাসন্মিলনত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ (এন আই চি)-ৰ প্ৰাক্তন উপ-সঞ্চালক দীপক গোস্বামীয়ে মহাসন্মিলনত বিশেষভাৱে আমন্ত্ৰিত প্ৰতিনিধি হিচাপে যোগদান কৰে। অসম দলটোৰ ইলোৰা বিজ্ঞান মঞ্চৰ হৈ নগাঁও বেংগলী ছোৱালী হাইস্কুলৰ জ্যেষ্ঠ শিক্ষক সত্যজিৎ ৰায়ে অংশগ্ৰহণ কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like