নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীৰ পথাৰত মন কী বাতৰ ব্যতিক্ৰমী অনুষ্ঠানত ৰঞ্জিত ভট্টাচাৰ্য

বিশেষ বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ফেব্ৰুৱাৰী মাহৰ শেষৰটো দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিলে। সমগ্ৰ দেশৰ বিজেপি কার্যকর্তাসকলে বিভিন্ন অনুষ্ঠান আয়োজন কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ মন কী বাত শুনিলে। মোদীৰ ৯৮সংখ্যক মন কী বাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত ব্যতিক্ৰমী ধৰণে অনুষ্ঠিত হল। কৃষকসকলৰ সুবিধাৰ বাবে বিজেপিৰ কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্যৰ নেতৃত্বত ব্যতিক্ৰমী ধৰণে উদযাপন কৰা হল খেতিপথাৰত। পুৱা ১০ বজাৰ লগে লগে জালুকবাৰী সমষ্টিৰ পাকৰকোনাৰ পথাৰত উপস্থিত হয় বিজেপিৰ ১৯৩ বুথৰ ৩ শতাধিক মহিলাৰ লগতে বিজেপিৰ কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যৰ নেতৃত্বত শতাধিক কার্যকর্তা। ফাগুনৰ পথাৰত কৃষকৰ ব্যস্ততাৰ বাবে বিজেপি কিষাণ মৰ্চাই কৃষি পথাৰত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মন কী বাত অনুষ্ঠান অনুষ্ঠিত কৰিলে বুলি জনায় ৰঞ্জিত ভট্টাচাৰ্য্যই। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আগন্তুক দিনত প্ৰতিটো সমষ্টিৰ প্ৰতিখন বুথক শক্তিশালী কৰাৰ বাবে কার্যকর্তাসকলে কঁকালত টঙালি বান্ধিছে বুলি মন্তব্য ৰঞ্জিত ভট্টাচাৰ্য্যৰ। বুথ শক্তিশালী হলেহে দল শক্তিশালী হব, দল শক্তিশালী হলে চৰকাৰ শক্তিশালী হব, মজবুত হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত। আজিৰ এই মন কী বাত অনুষ্ঠানত বিজেপি কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্য, শুৱালকুছি মণ্ডল বিজেপি কিষাণ মৰ্চাৰ সভাপতি অৰূপ শইকীয়া প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

You might also like